বি. সৰোজা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
}}
'''ভাইৰাপ্পা সৰোজা দেৱী'''ৰ ({{lang-en|Bhairappa Saroja Devi}})<ref>{{Cite web|url=https://m.hindustantimes.com/entertainment/the-sweet-bird-of-southern-cinema/story-Y7p6H1UiJWXM6NcxRsGbkI.html|title=Sweet bird of southern cinema|publisher=Hindustan Times.com}}</ref>
জনপ্ৰিয় নাম হৈছে '''বি. সৰোজা দেৱী''' (জন্ম:৭ জানুৱাৰী ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷<ref>{{cite web|url=http://www.chitramala.com/articles/saroja-devi-4189.html |title=Documentary on legendary Saroja Devi - Chitramala.com|archive-url=https://web.archive.org/web/20110711020420/http://www.chitramala.com/articles/saroja-devi-4189.html |date=11 July 2011|archive-date=11 July 2011}}</ref><ref name="Aruna_2006">{{cite news |url=http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/journey-down-a-glorious-lane/article3218620.ece |title=Journey down a glorious lane |newspaper=The Hindu |author=Aruna Chandaraju |date=30 June 2006 }}</ref><ref name="ToI_greatest_2013">{{cite news |url=http://timesofindia.indiatimes.com/entertainment/kannada/movies/news/B-Saroja-Devi-in-the-list-of-greatest-Indianactresses-ever/articleshow/19895895.cms |title=B Saroja Devi in the list of greatest Indian actresses ever |author=Taniya Talukdar |date=5 May 2013 |newspaper=The Times of India }}</ref>
 
১৭ বছৰ বয়সত সৰোজা দেৱীয়ে [[কানাড়া]] ছবি ''মহাকৱি কালিদাসা'' (১৯৫৫)ত অভিনয় কৰি ছবি জগতত দীৰ্ঘস্থায়িত্বৰ ইংগিত দিয়ে৷ তেলেগু ছবিত, তেখেতে ''পাণ্ডুৰাংগা মহাত্যাম''ৰ জৰিয়তে অভিষেক কৰে আৰু ১৯৭০ৰ দশকৰ অন্তিম সময়লৈকে তেখেতে বহুকেইখন তেলেগু ছবি উপহাৰ দিয়ে৷ ১৯৫৮ চনৰ তামিল ছবি ''নাদোডি মন্নন''ৰ জৰিয়তে তেখেত তামিল ভাষাৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰে৷ ১৯৬৭ চনত বৈবাহিক জীৱনৰ পাতনি মেলিও সৰোজা দেৱীয়ে ১৯৭৪ চনলৈকে দ্বিতীয়গৰাকী চাহিদাসম্পন্ন অভিনেত্ৰী হিচাপে কৰ্মৰত হৈ থাকে৷ ১৯৫৮ চনৰ পৰা ১৯৮০ৰ দশকলৈকে তেখেতে তেলেগু আৰু কানাড়া ছবিৰ জগতৰ শীৰ্ষত আৰোহণ কৰি থাকে৷ ১৯৫৯ চনত সৰোজা দেৱীয়ে হিন্দী ছবি ''পেয়গাম''ত অভিনয় কৰে৷ তেখেতে ৭০ৰ দশকলৈকে হিন্দী ছবিত অভিনয় কৰে৷
20 নং শাৰী:
ক্ৰমাগতভাৱে ১৬১ খন ছবিত বি. সৰোজা দেৱীয়ে মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে৷<ref>{{cite web|url=http://www.newindianexpress.com/cities/bengaluru/2016/jan/20/Meet-the-Heroes-of-Malleswaram-871077.html|title=Meet the Heroes of Malleshwaram|website=The New Indian Express}}</ref> ১৯৫৫ চনৰ পৰা ১৯৮৪ চনলৈকে প্ৰায় ২৯ বছৰৰ সময়ত তেখেত এই অসাধাৰণ কৃতিত্বৰ অধিকাৰীনী হয়৷ ভাৰত চৰকাৰৰ পৰা ১৯৬৯ চনত সৰোজা দেৱীয়ে [[পদ্মশ্ৰী]] আৰু ১৯৯২ চনত [[পদ্মভূষণ]] সন্মান লাভ কৰে৷ ইয়াৰ লগতে তেখেতে বাংগালোৰ বিশ্ববিদ্যালয় আৰু কালাইমমাণিৰ পৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ কৰে৷
==প্ৰাৰম্ভিক জীৱন==
১৯৩৮ চনৰ ৭ জানুৱাৰীত কৰ্ণাটকৰ মহীশূৰ প্ৰদেশত সৰোজা দেৱীৰ জন্ম হৈছিল৷<ref>{{cite book |url=https://books.google.com/books?id=nE2mwKYwdJ8C |title=Film World, Volume 1 |editor=T.M. Ramachandran |year=1964 |page=145 }}</ref> তেখেতৰ পিতৃ আছিল ভায়ৰাপ্পা, যিয়ে আৰক্ষী বাহিনীত কাম কৰিছিল৷ আনহাতে মাতৃ ৰুদ্ৰমা আছিল এগৰাকী গৃহিণী৷ সৰোজা তেওঁলোকৰ চতুৰ্থটি সন্তান আছিল৷ সৰোজাই পিতৃৰ পৰামৰ্শ অনুসৰণ কৰি নৃত্যৰ শিক্ষা গ্ৰহণ কৰে৷ আৰু তেখেতৰ কথা মতেই অভিনয়ক নিজৰ বৃত্তি হিচাপে নিৰ্বাচন কৰে৷ পিতৃৰ লগত তেখেত প্ৰায়েই ফিল্ম ষ্টুডিঅ'লৈ গৈছিল৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide2.htm |title=Celebrating Saroja Devi: The Beginning |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref> মাতৃয়ে সৰোজাৰ বেশভূষাৰ বাবে এক নিৰ্দিষ্ট নিয়ম বান্ধি দিছিল৷ <ref name="HT_Renuka_2008">{{cite news |url=http://www.hindustantimes.com/entertainment/the-sweet-bird-of-southern-cinema/story-Y7p6H1UiJWXM6NcxRsGbkI.html |title=The sweet bird of Southern cinema |author=Renuka Narayanan |newspaper=Hindustan Times |date=5 September 2008 }}</ref>১৩ বছৰ বয়সত বি.আৰ. কৃষ্ণমূৰ্তিয়ে এখনি অনুষ্ঠানত সৰোজাক গীত গাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ অৱশ্যে সৰোজাই সেই প্ৰস্তাৱ নাকচ কৰে৷<ref>{{cite web|url=https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/B-Saroja-Devi-in-the-list-of-greatest-Indianactresses-ever/articleshow/19895895.cms|title=B Saroja Devi in the list of greatest Indian actresses ever - Times of India|website=The Times of India}}</ref>
==কৰ্মজীৱন==
১৯৫৫ চনত সৰোজা দেৱীয়ে প্ৰথমখন উল্লেখযোগ্য ছবিত অভিনয় কৰে৷ বহুলভাৱে সফলতা অৰ্জন কৰা এই অভিষেককাৰী ছবিখনৰ নাম আছিল ''মহাকৱি কালিদাসা''৷ ছবিখনত তেখেতে সহকাৰী-অভিনেত্ৰী হিচাপে কাম কৰে৷ ছবিখনে কানাড়া ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷<ref>{{cite web |url=http://specials.rediff.com/movies/2008/jul/01slide3.htm |title=Celebrating Saroja Devi: Foray into movies |author=Pavithra Srinivasan |work=rediff.com |access-date=29 October 2015 }}</ref>