অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
105 নং শাৰী:
:::পাঁচ (সংখ্যা), পাচ (পাচত)<br />
:::ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।
 
==ক্ৰিয়া পদ==
{{প্ৰতিলিপি}}
ক্ৰিয়া পদ (Verb) সংজ্ঞা: যি পদে কোনো কাম কৰা, হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে। ক্ৰিয়া পদৰ ভাগ: ১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নোহোৱাক লৈ ক্ৰিয়া পদক দুটা ভাগত ভগোৱা হৈছে। তলত উল্লেখ কৰা হ’ল।
■সমাপিকা ক্ৰিয়া (Finite Verb)
■অসমাপিকা ক্ৰিয়া (Infinite Verb)
 
সমাপিকা ক্ৰিয়া : যিবোৰ ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ হোৱা বুজায়, সেইবোৰক সমাপিকা ক্ৰিয়া বোলে। যেনে : মই ভাত খালোঁ। ইয়াত ‘খালোঁ’ ক্ৰিয়াই খোৱা কামৰ কথা বুজাইছে আৰু বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিছে। গতিকে ‘খালোঁ’ সমাপিকা ক্ৰিয়া। অসমাপিকা ক্ৰিয়া : যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ হোৱা নুবুজায়, তাকেই অসমাপিকা ক্ৰিয়া বোলে। যেনে : তাই মোমায়েকৰ মৃত্যুৰ খবৰ শুনি বৰকৈ কান্দিলে। ইয়াত ‘শুনি’ ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব পৰা নাই। ‘কান্দিলে’ ক্ৰিয়াৰ সহায়ত বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰা হৈছে। সেয়ে ‘শুনি’ ক্ৰিয়া অসমাপিকা ক্ৰিয়া। ২) কৰ্ম থকা নথকাক লৈ ক্ৰিয়াক আৰু দুটা ভাগত ভগাব পাৰি। তলত উল্লেখ কৰা হ’ল।
 
■অকৰ্মক ক্ৰিয়া (Intransitive Verb) ■সকৰ্মক ক্ৰিয়া (Transitive Verb)
 
অকৰ্মক ক্ৰিয়া : যি ক্ৰিয়াৰ কৰ্ম নাথাকে, তাকেই অকৰ্মক ক্ৰিয়া বোলে। যেনে : গৰু চৰে। ইয়াত ক্ৰিয়া সমাপন হৈছে, কিন্তু কৰ্ম নোহোৱাকৈ। গতিকে ‘চৰে’ অকৰ্মক ক্ৰিয়া। সকৰ্মক ক্ৰিয়া : যিবোৰ ক্ৰিয়াৰ কৰ্ম থাকে, তাকেই সকৰ্মক ক্ৰিয়া বোলে। যেনে : তাই চিঠি লিখিছে। ইয়াত ‘লিখিছে’ ক্ৰিয়াৰ কৰ্ম আছে আৰু সেইটো হ’ল চিঠি। গতিকে ‘লিখিছে’ সকৰ্মক ক্ৰিয়া। ( কিছুমান সকৰ্মক ক্ৰিয়াৰ দুটা কৰ্ম থাকে। সেইবোৰক দ্বিকৰ্মক ক্ৰিয়া বোলে। যেনে : তাই প্ৰশান্তক এই কথা কৈছিল। ইয়াত দুটা কৰ্ম। ১) প্ৰশান্তক(কাক কৈছিল) ২) এই কথা (কি কৈছিল); গতিকে এই বাক্যত ‘কৈছিল’ দ্বিকৰ্মক ক্ৰিয়া। )
 
==কাৰক==