ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
''' ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)''' ({{lang-en| Indian National Congress (Organisation) বা Congress (O)}}) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। [[ইন্দিৰা গান্ধী]]ক [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছ]]ৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।
 
১৯৬৯ৰ ১২ নবেম্বৰত দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত তদানীন্তন [[ভাৰতৰ প্ৰধানমন্ত্ৰী]] ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে আৰু ফলস্বৰূপে ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দী দল এটা গঠন কৰাত কংগ্ৰেছ দলটো দুই ভাগত বিভক্ত হৈ যায়। ইন্দিৰাপন্থী বিভাজিত অংশটোক [[ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)|কংগ্ৰেছ (আৰ)]] নামেৰ জনা গৈছিল। ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৭০৫জন সদস্যৰ ৪৪৬জনেই গান্ধীৰ দলত যোগ দিয়ে। আনহাতে কংগ্ৰেছৰ মূল অংশটো ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) বা চমুকৈ কংগ্ৰেছ (ও) নামেৰে পৰিচিত হ’ল। অনানুষ্ঠানিকভাবে প্ৰায়ে মূল কংগ্ৰেছ গোটটোক ‘চিণ্ডিকেট’ (Syndicate) আৰ ইন্দিৰাপন্থী গোটটোক ‘ইণ্ডিকেট’ (Indicate) বুলি উল্লেখ কৰা হৈছিল। প্ৰথমে [[কুমাৰ স্বামী কামৰাজ নাদাৰ |কে কামৰাজ]] আৰু পিছলৈ [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] কংগ্ৰেছ (ও)-ৰ নেতৃত্ব দিছিল।