নক্ষত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
Undid edits by Abhigyanborah (talk) to last version by TextCleanerBot
 
9 নং শাৰী:
নিৰ্ণয় কৰা হৈছে যে এক প্ৰকাৰৰ মেঘৰ মাধ্যমত তৰাৰ জীৱনচক্ৰ আৰম্ভ হয়। এই মেঘত মূলতঃ হাইড্ৰ'জেন থাকে, অৱশ্যে হিলিয়াম সহ অতি সামান্য বিৰল গধুৰ মৌলো থাকিব পাৰে। তৰাৰ কেন্দ্ৰ যেতিয়া যথেষ্ট ঘন হয় তেতিয়া সেই কেন্দ্ৰৰ হাইড্ৰ'জেন নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত হিলিয়ামলৈ পৰিণত হয়। তৰাৰ অভ্যন্তৰ ভাগৰ অৱশেষৰ পৰা শক্তি বিকিৰণ আৰু পৰিচলনৰ এক মিশ্ৰ প্ৰক্ৰিয়াত বহিঃৰ্ভাগলৈ গমন কৰে। এই প্ৰক্ৰিয়াই তৰাটোক ঠাণ্ডা হবলৈ নিদিয়ে আৰু উৎপন্ন শক্তিয়ে এক নাক্ষত্ৰিক বায়ু তৈয়াৰ কৰে যি বিকিৰণক [[বিশ্বব্ৰহ্মাণ্ড]]ত এৰি দিয়ে। তৰাৰ সমূহ হাইড্ৰ'জেন ইন্ধন জ্বলি শেষ হৈ গ'লে তাৰ মৃত্যু ঘটে। মৃত্যু ভৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমত হয়। অৱশ্যে মৃত্যু ঘটাৰ আগেয়ে তৰাটোৱে আৰু কেইবাটাও প্ৰজন্ম পাৰ কৰে যাৰ ভিতৰত এটা হৈছে [[অপজাত অৱস্থা]]। প্ৰতি প্ৰজন্মত তাৰ পূৰ্বৰ প্ৰজন্মৰ তুলনাত গধুৰ মৌলৰ পৰিমাণ বেছি থাকে। তৰা অকলশৰীয়াকৈ থাকিবও পাৰে আৰু দুই বা ততোধিক তৰা একেলগে এক তন্ত্ৰ গঢ়ি তুলিবও পাৰে। দুটা তৰাৰ থুপবোৰত সাধাৰণতে এটাই আনটোক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি থাকে আৰু বেছি কাষলৈ আহিলে এটাই অন্যে টোৰ বিবৰ্তনকো প্ৰভাৱিত কৰে।
 
==তথ্য সংগ্ৰহ<nowiki/>https://en.m.wikipedia.org/wiki/Star<nowiki/>==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/নক্ষত্ৰ"ৰ পৰা অনা হৈছে