পৰিৱেশ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
অ র -> ৰ |
||
3 নং শাৰী:
প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশবিদ সকলৰ অনুৰোধ আৰু হেচাত আমাৰ স্কুলীয়া পাঠ্যপুথিত পৰিবেশ এক বিষয় হিচাবে অৰ্ন্তভূক্তি হলেও আজিও পৰিবেশ সংক্ৰান্তীয় বহু কথা আলোচনাৰ আওতাৰ পৰা বাদ পৰিয়েই থাকে। কেতিয়াবা লক্ষ্য কৰা যায় যে পৰিবেশ সৰ্ম্পকে আমাৰ ধাৰনা থাকিলেও আমি বৰ্ত্তমানৰ দিনবোৰত দেখা দিয়া সমস্যাবোৰৰ কথা গুৰুত্ব সহকাৰে চিন্তা নকৰো। আমি সকলোৱে এটা কথা লক্ষ্য কৰিছো যে যোৱা দুবছৰমান শীতৰ দিনবোৰৰ সংখ্যা কমি আহিছে আৰু বিপৰিতে গৰমৰ দিনবোৰৰ সংখ্যা বাঢ়ি আহিছে । তাৰ অৰ্থ জলবায়ুৰ পৰিৱবৰ্ত্তন হৈছে আৰু পৃথিবীৰ তাপমাত্ৰা বাঢ়িছে। এয়া ভগৱানৰ কায্যকলাপ নেকি আৰু এই বিষয়ত আমাৰ একো কৰিবলগা নাই নেকি । এয়া ভগৱানৰ কায্যকলাপ নহয় - এয়া আমাৰ সুসভ্য বুলি ভবা মানুহ জাতিৰে লাহ বিলাহৰ বাবে, বা অভাৱত পৰি প্ৰকৃতিৰ প্ৰকৃত অৱস্থা ধংস কৰি অহাৰে কুফল। আজিৰ পৰা যদি পাঁচশমান বছৰ আগৰ কথা ভাবো তেতিয়া আমাৰ মনলৈ চবি আহিব যে সেইসময়ত জনসংখ্যা বহুত কম আছিলে আৰু ভুমি ভাগৰ বেছি ভাগেই বন্য অবস্থাত আছিল আৰু গছ গছনিৰে ভৰপুৰ আছিল। আবাস ক্ষেত্ৰ অনুসৰি জীব জন্তু আৰু চৰাই চিৰিকতিয়ে এক নান্দনিক পৰিবেশ বিৰাজ কৰিছিল। তেতিয়া নদ নলাবোৰ দ আছিল -খাল, পুখুৰী কুৱা আদিত এটাই কেইটা কালতে পানী থাকিছিল। গছত ফল ফুল ,খেতি পথাৰত সুন্দৰ খেতি আছিল , পোক পতংগই খেতি পথাৰ নষ্ট কৰা নাছিল,গৰমৰ দিনত গৰম আৰু ঠাণ্ডাৰ দিনবোৰ ঠা্ণ্ডাই আছিল । বেমাৰ আজাৰ কম আছিল, এতিয়াৰ দৰে হোৱা বেমাৰ আজাৰ তেতিয়া নাছিল। “ডেকা মানুহৰ কিহৰ বেমাৰ” সেই কথাষাৰ সেইসময়ৰ। সেইসময়ত পৃথিবীৰ নিচেই ওচৰত পৃথিবীক আবৰি থকা বায়ুমণ্ডলৰ গেচীয় আৱৰন বা স্তৰটোৱে পৃথিবীৰ জলবায়ু সুস্থ ৰাখিবলৈ সক্ষম আছিল ।
পৃথিবীৰ জলবায়ু সুস্থ ৰাখিবলৈ কাম কৰি থকা প্ৰধান কাৰক টো হৈছে পৃথিবীৰ উদ্ভিদ জগত পৃথিবীৰ মাটিভাগ আৰু উপৰিভাগৰ অন্যান্নই দিনত শুহি লোৱা তাপৰ অধিকাংশই (৪৮%)শোষণ কৰি ৰাখে , বাকীৰ সৰহখিনি (৩১%) বায়ুমণ্ডলৰ পৰা মহাকাশলৈ ঘুৰি যায় ,কিছু অংশ (১৮%)শোষণ কৰি ৰাখে ট্ৰপ’স্ফিয়াৰত থকা জলীয় বাষ্প আদিয়ে আৰু বাকী কিছু অংশ (৩%)শোষণ কৰি ৰাখে ষ্ট্ৰেট’স্ফিয়াৰত । সূৰ্য্যৰ পৰা শুহি লোৱা গোটেইখিনি তাপ পৃথিবীৰ পৰা গুচি যোৱা হ’লে পৃথিবীৰ উপৰিভাগ অসম্ভব ঠাণ্ডা হৈ গল হেতেন । কিন্তু সূৰ্য্য, পৃথিৱীৰ উদ্ভিদ জগত আৰু বায়ুমণ্ডলৰ গেচীয় আৱৰনত থকা বিভিন্ন উপাদান
[[শ্ৰেণী:পৰিবেশ বিজ্ঞান]]
10 নং শাৰী:
প্ৰাকৃতিক গেচ , খনিজ তেল আৰু কয়লা আদিৰ দহনৰ বাবে হোৱা সমস্যাসমুহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন’ অক্সাইড, চালফাৰডাই অক্সাইড, নাইট্ৰাচ অক্সাইড আদিৰ পৰা হোৱা সমস্যাই প্ৰধান ।ইহতৰ কাৰ্বনভাগে বায়ুমণ্ডলৰ তাপমান বৃদ্ধি কৰাত অৰিহনা যোগায় আৰু চালফাৰডাই অক্সাইড, নাইট্ৰাচ অক্সাইড আদিয়ে এচিদ বৰষুণ,বতৰ ধূঁৱলি-কূঁৱলি হোৱা সমস্যাৰ প্ৰধান কাৰক ।
(২) পশু পাম আৰু কৃষিৰ বাবে বিশাল ভুমিভাগ মুকলি কৰি কৰা কাৰ্য্যৰ হোৱা সমস্যা ।
ই পৃথিবীৰ উপৰিভাগৰ বায়ুমণ্ডলৰ তাপমান বৃদ্ধি কৰাত পশু পামৰ পশুয়ে ইয়াৰ মলমুত্ৰ,খাদ্য
(৩) কিছু উদ্যোগৰ পৰা নিৰ্গত দীৰ্ঘসময় ধৰি বায়ুমণ্ডলত থকা গেচবোৰৰ পৰা হোৱা সমস্যা ।
(৪) বনাঞ্চল ধ্বংসৰ পৰা হোৱা সমস্যা ।
|