ৰা (সূৰ্যদেৱতা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
28 নং শাৰী:
এক আখ্যানমতে সূৰ্য দেৱতা ৰাই অনন্ত জলৰ পৰা পৃথিৱীৰ প্ৰথম অংশটোৰ আহ্বান কৰি ইয়াক স্ৰজন কৰিছিল। মহাজাগতিক গৰুৰ আখ্যানত (এই আখ্যানত আকাশক এক বিশালাকায় গৰু অৰ্থাৎ দেৱী মেহত-উৰ্ট বুলি ভবা হৈছিল) এই কথা বৰ্ণনা কৰা হৈছে যে কেনেদৰে মানৱজাতিয়ে<ref name=EC/> ৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু কেনেকৈ তেওঁলোকক শাস্তি দিবলৈ তেওঁ দেৱী চেখমেট হিচাপে তেওঁৰ নিজৰ চকু প্ৰেৰণ কৰিছিল।
===পাতালপুৰীত===
ৰায়ে দুখন সৌৰ বাহন বা আটেটত ভ্ৰমণ কৰে বুলি বিশ্বাস কৰা হৈছিল। ইয়াৰে প্ৰথমখন হৈছে মেনজেট (লক্ষ বছৰৰ নাও) বা পুৱাৰ নাও আৰু আনখন হৈছে মেছেখেট বা সন্ধিয়াৰ নাও। এই নাও দুখনে ৰাক আকাশ আৰু ডুয়েট অৰ্থাৎ নিশাৰ ১২ ঘণ্টাৰ (ইজিপ্টৰ পাতালপুৰী) মাজেৰে কঢ়িয়াই লৈ ফুৰিছিল। মেছেখেটত আৰোহণ কৰা অৱস্থাত ৰাই ৰাম ছাগলীৰ শিৰযুক্ত ৰূপ লৈছিল। এই সৌৰ নাও দুখনত ভ্ৰমণ কৰোঁতে ছিয়া (ধাৰণা), হু (আদেশ) আৰু হেকা (মায়াৱী শক্তি) আদি দেৱ-দেৱীয়ে ৰাক সংগ দিছিল। কেতিয়াবা এনাডৰ সদস্যসকলে তেওঁক তেওঁৰ যাত্ৰাত সহায় কৰিছিল। ইয়াৰ ভিতৰত আছিল ছেট যি এপ'ফিছ নামৰ সৰ্পক পৰাভূত কৰিছিল, আৰু মেহেন, যি পাতালপুৰীৰ দানৱবোৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰিছিল।<ref name="Hart Ra">{{cite book |title=A Dictionary of Egyptian Gods and Goddesses |last=Hart |first=George |year=1986 |publisher=Routledge & Kegan Paul Inc. |location=London, England |isbn=978-0-415-05909-1 |pages=179–182}}</ref>
 
এপ'ফিছ আছিল এক বিশাল সৰ্পৰূপী বিশৃংখলতাৰ দেৱতা যি প্ৰতি নিশা সৌৰ নাৱৰ যাত্ৰা সম্মোহনী দৃষ্টিৰে ৰখাই বা ইয়াক ভক্ষণ কৰি বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। মিছৰীয়সকলে বিশ্বাস কৰিছিল যে সন্ধিয়াৰ সময়ত ৰা আটুম বা ৰাম ছাগলীৰ ৰূপত মূৰ্তমান হয়। নিশাৰ নাওখনে তেওঁক পাতালপুৰীৰ মাজেৰে তেওঁৰ পুনৰ্জন্মৰ প্ৰস্তুতিৰ বাবে পূৱ দিশলৈ লৈ যায়। ৰাৰ এই কিংবদন্তিসমূহে আকাশৰ দেৱী নাটৰ দ্বাৰা সূৰ্যৰ পুনৰ্জন্ম হিচাপে প্ৰতিটো পুৱা নতুনকৈ উদীয়মান সূৰ্যটোক প্ৰতিনিধিত্ব কৰিছিল। এনেদৰে পুনৰ্জন্ম আৰু নৱীকৰণৰ ধাৰণাটোৱে সৃষ্টিকৰ্তা দেৱতা হিচাপে ৰাৰ ভূমিকাক শক্তিশালী কৰিছিল।<ref>Kemboly, Mpay. 2010. The Question of Evil in Ancient Egypt. London: Golden House Publications.</ref>
 
যেতিয়া ৰা পাতালপুৰীত আছিল, তেতিয়া তেওঁ মৃতকসকলৰ দেৱতা [[অচাইৰিছ]]ৰ সৈতে একত্ৰিত হৈছিল।<ref name="Hart Ra"/>
 
==চিত্ৰায়ন==