গৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: 'গৰীয়া' এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্নধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ মূল অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নোলোৱা বা নুফুটা, বাদ পৰা,...
 
No edit summary
1 নং শাৰী:
{{wikify}}
'গৰীয়া' এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্নধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ মূল অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নোলোৱা বা নুফুটা, বাদ পৰা, আছুতীয়া আৰু অসমীয়া মুছলমান ইত্যাদি। গৰীয়া শব্দৰ অভিধানিক অৰ্থৰ সমৰ্থিত কিছুমান ব্যৱহাৰিক বাক্য অসমীয়া সমাজত সদা প্ৰচলিত হৈ আহিছে, যেনে গৰীয়া ধান কেইটা, পিঠাগুৰিৰ গৰীয়া, গৰীয়া পৰা ইত্যাদি। কালক্ৰমত এই গৰীয়া শব্দটো অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী হিচাপে পৰিচিত হৈ পৰিল। ১৩ শ শতিকাতে প্ৰথম গৰীয়া শব্দৰ প্ৰচলন হোৱাৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। টাই ৰাজকোঁৱৰ চাউলুং চ্যুকাফা যেতিয়া পাটকাই পৰ্বত পাৰ হৈ তাহানিৰ অসমৰ সৌমাৰপীঠত ভৰি থৈছিলহি, তেতিয়াই তেওঁ চেংচাই নামৰ গৰীয়া এজনক বাটত লগ পাই নিজৰ প্ৰশাসনৰ আওঁতাত থিতাপি দিছিলহি আৰু তেওঁৰ পৰিয়ালকে পাছলৈ বকতিয়াল বুলি জনা গৈছিল ৷ এই কথা হিতেশ্বৰ বৰবৰুৱা দেৱে লিখা “আহোমৰ দিন” নামৰ বুৰঞ্জীখনত উল্লেখ আছে ৷
 
"https://as.wikipedia.org/wiki/গৰীয়া"ৰ পৰা অনা হৈছে