ইন্দ্ৰজিৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
ৰামৰ সৈন্যবাহিনীৰ সৈতে যুদ্ধৰ প্ৰথম দিনা ইন্দ্ৰজিতৰ গতি আছিল দুৰ্দান্ত। তেওঁ অঙ্গদক পৰাজিত কৰি আৰু তেওঁক যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাবলৈ বাধ্য কৰে। তেওঁ দ্ৰুতগতিত সুগ্ৰীৱৰ সৈন্যবাহিনী ধ্বংস কৰে আৰু ৰাম-লক্ষ্মণক সমুখ-সমৰত নামিবলৈ আহ্বান জনায় যাতে তেওঁ নিজৰ খুড়াক আৰু ভ্ৰাতৃসকলৰ মৃত্যুৰ প্ৰতিশোধ ল'ব পাৰে। যেতিয়া লক্ষ্মণ তেওঁৰ সন্মুখত উপস্থিত হয় তেওঁ অদম্য পৰাক্ৰমেৰে যুঁজ দিয়ে আৰু নাগপাশ (এক নিযুত সাপৰ দ্বাৰা নিৰ্মিত পাশ) প্ৰয়োগ কৰে। ইয়াৰ ফলত ৰাম আৰু লক্ষ্মণ শ্বাসৰুদ্ধ হৈ মাটিত বাগৰি পৰে। হনুমানৰ নিৰ্দেশত [[গৰুড়|গৰুড়ে]] তেওঁলোকক উদ্ধাৰ কৰে। গৰুড় আছিল [[জটায়ু]] আৰু [[সম্পাতি]]ৰ খুড়াক। তেওঁ সকলো সৰ্পৰ চিৰবৈৰী আৰু [[বিষ্ণু]]ৰ [[বাহন]]। আনহাতে [[ৰাম]] আছিল বিষ্ণুৰ সপ্তম অৱতাৰ।
===দ্বিতীয় দিন===
যেতিয়া ইন্দ্ৰজিতে জানিব পাৰিলে যে ৰাম আৰু লক্ষ্মণ দুয়োকে গৰুড়ই উদ্ধাৰ কৰিছে আৰু তেওঁলোক এতিয়াও জীয়াই আছে তেতিয়া তেওঁ ক্ৰোধান্বিত হ'ল আৰু সেইদিনা কমেও এজন ভ্ৰাতৃক হত্যা কৰিবলৈ অংগীকাৰ কৰিলে। যুদ্ধ আৰম্ভ হোৱাত তেওঁ নিজৰ সকলো শক্তি ব্যৱহাৰ কৰি সুগ্ৰীৱৰ সৈন্যবাহিনীৰ ওপৰত ধ্বংসযজ্ঞ চলায়। লক্ষ্মণ সমুখ-সমৰৰ বাবে প্ৰস্তুত হৈ তেওঁৰ সন্মুখত উপস্থিত হয় আৰু দুয়োৰে মাজত তয়াময়া ৰণ আৰম্ভ হয়। ইন্দ্ৰজিতে তেওঁৰ মায়াবী শক্তি ব্যৱহাৰ কৰি ডাৱৰ আৰু আকাশৰ ওপৰেৰে বজ্ৰপাতৰ দৰে ঘূৰি ফুৰে। মায়া সহায়ত দৃষ্টিবিভ্ৰম সৃষ্টি কৰি তেওঁ বাৰে বাৰে অদৃশ্য হয় আৰু লক্ষ্মণৰ পিছফালে পুনৰ দেখা দিয়ে। তেওঁ অদৃশ্য অৱস্থাত আছিল যদিও তেওঁৰ কাড়বোৰে লক্ষ্মণক আঘাত কৰিছিল। ইন্দ্ৰজিতে লক্ষ্মণৰ বিৰুদ্ধে বাসৱী শক্তি বা শক্তিশেলৰ ব্যৱহাৰ কৰে আৰু ইয়াৰদ্বাৰা বিদ্ধ হোৱাৰ পিছত লক্ষ্মণ অচেতন হৈ পৰে। এই অস্ত্ৰৰ প্ৰভাৱত পৰৱৰ্তী সূৰ্যোদয়ৰ সময়ত লক্ষ্মণৰ মৃত্যু হোৱাটো নিশ্চিত হৈ পৰে। তেতিয়া হনুমানে ৰক্ষা ইন্দ্ৰজিতে ব্যৱহাৰ কৰা অস্ত্ৰৰ প্ৰতিকাৰ, যাদুকৰী ভেষজ সঞ্জীৱনী বিচাৰি ৰাতিটোৰ ভিতৰতে হিমালয়ৰ পৰা লংকালৈ দ্ৰোণগিৰিৰ গোটেই পৰ্বতটো দাঙি আনে আৰু ইয়াৰ জৰিয়তে তেওঁক আৰোগ্য কৰি তোলে।
 
===তৃতীয় দিন===
 
"https://as.wikipedia.org/wiki/ইন্দ্ৰজিৎ"ৰ পৰা অনা হৈছে