বিত্তীয় বৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[চৰকাৰী হিচাপকৰণ]] বা গভৰ্ণমেণ্ট একাউণ্টিংত [[বাজেট]]ৰ উদ্দেশ্যেৰে এক '''বিত্তীয় বৰ্ষ''' ({{lang-en|Financial Year}}) (বা বিত্তীয় বৰ্ষ, বা বাজেট বৰ্ষ) নিৰ্ধাৰণ কৰা হয়। দেশ অনুযায়ী এই বৰ্ষৰ আৰম্ভণি আৰু শেষ দিন পৃথক হয়। ইয়াক ব্যৱসায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা [[বিত্তীয় প্ৰতিবেদন]]ৰ বাবেও ব্যৱহাৰ কৰা হয়। বহুক্ষেত্ৰত আইন অনুসৰি কোম্পানীৰ বিত্তীয় প্ৰতিবেদন বাৰ্ষিক ভিত্তিত প্ৰস্তুত আৰু প্ৰকাশ কৰা প্ৰয়োজন যদিও সাধাৰণতে কেলেণ্ডাৰ বৰ্ষৰ (১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ) সৈতে ইয়াৰ মিল নাথাকিবও পাৰে। কৰ আইন অনুসৰি সাধাৰণতে হিচাপকৰণৰ নথি-পত্ৰ প্ৰস্তুত কৰিব লাগে আৰু বাৰ্ষিক ভিত্তিত কৰ গণনা কৰিব লাগে। ই সাধাৰণতে চৰকাৰী উদ্দেশ্যৰ বাবে ব্যৱহৃত বিত্তীয় বৰ্ষৰ সৈতে সামঞ্জস্যপূৰ্ণ। বাৰ্ষিক ভিত্তিত কৰ গণনা [[প্ৰত্যক্ষ কৰ]], যেনে [[আয়কৰ]] আদিৰ বাবে বিশেষভাৱে প্ৰাসংগিক। বহুতো বাৰ্ষিক চৰকাৰী মাচুল যেনে পৰিষদৰ কৰ আৰু অনুজ্ঞা মাচুল, বিত্তীয় বৰ্ষৰ আধাৰত আৰোপ কৰা হয়। [[ভাৰত]]ত বিত্তিয় বৰ্ষ ১ এপ্ৰিলত আৰম্ভ হৈ ৩১ মাৰ্চত শেষ হয়।<ref>{{cite web|url=https://www.cia.gov/the-world-factbook/countries/india/|title=The World Factbook|access-date=5 January 2016}}</ref><ref>{{cite news| url=http://in.reuters.com/article/personalFinance/idINIndia-36427220081110?sp=true | work=Reuters | title=Why financial year & calendar year differ in India? | date=10 November 2008}}</ref>
কিছুমান কোম্পানী, যেনে চিচকো চিষ্টেমচে<ref>{{cite news|title=Cisco Profit For Quarter Slightly Beats Estimates|url=https://www.nytimes.com/2004/05/12/business/cisco-profit-for-quarter-slightly-beats-estimates.html|access-date=14 August 2012|newspaper=The New York Times|date=12 May 2004|first=Matt | last=Richtel|agency=The New York Times Company}}</ref>প্ৰতি বছৰে সপ্তাহৰ একেটা দিনতে তেওঁলোকৰ বিত্তীয় বৰ্ষ সমাপ্ত কৰে। এই দিনটো এটা নিৰ্দিষ্ট তাৰিখৰ আটাইতকৈ ওচৰত থাকে (উদাহৰণ স্বৰূপে শুক্ৰবাৰে ৩১ ডিচেম্বৰৰ ওচৰত)। এনে প্ৰণালীৰ অধীনত কিছুমান বিত্তীয় বৰ্ষত ৫২ সপ্তাহ আৰু আনবোৰত ৫৩ সপ্তাহ থাকে।<ref>Ed St John</ref>
কেলেণ্ডাৰ বৰ্ষটো [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ প্ৰায় ৬৫% ৰাজহুৱা ভাৱে ব্যৱসায় কৰা কোম্পানী আৰু [[যুক্তৰাজ্য]]ৰ বেছিভাগ বৃহৎ নিগমৰ দ্বাৰা বিত্তীয় বৰ্ষ হিচাপে ব্যৱহাৰ কৰা হয়।<ref>{{cite news|title=FT UK 500 2011|url=http://media.ft.com/cms/35094546-98d4-11e0-bd66-00144feab49a.pdf|access-date=14 August 2012|newspaper=Financial Times|date=31 March 2011|author=Thomson ONE Banker, Thomson Reuters Datastream and individual companies|agency=The Financial Times Ltd}}</ref> [[অষ্ট্ৰেলিয়া]], [[নিউজিলেণ্ড]] আৰু [[জাপান]]ৰ দৰে কিছু ব্যতিক্ৰমৰ বাহিৰে পৃথিৱীৰ বহুতো দেশত এনে কৰা হয়।<ref name="Fiscal Year">{{cite web|title=Fiscal Year|url=https://www.cia.gov/library/publications/the-world-factbook/fields/228.html|work=The World Factbook|publisher=[[Central Intelligence Agency]]|access-date=24 May 2020}}</ref>