জৰ্জ ছান্তায়ানা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

47 নং শাৰী:
 
==সাহিত্যৰাজি==
১৮৮০ চনৰ হাৰ্ভাদৰ বৌদ্ধিক পৰিমণ্ডলত এক আন্দোলিত হিল্লোল তোলা বিষয়বস্তু আছিল " পিউৰিটানিজম' বা শুচিবায়ুগ্ৰস্ত ধৰ্মীয় সংস্কাৰ বাদৰ বিপৰীতে এক উদৰ আৰু বৈজ্ঞানিক "প্ৰগেমেটিজম" সৃষ্টি কৰা। তাৰেই ফল হল ছান্তায়ানাৰ মনোৰম উপন্যাস "দ্য লাষ্ট পিউৰিটান ।" ১৮৯৯ চনত হাৰ্ভাদৰ পৰা তেওঁ দৰ্শনত ডক্তৰেট উপাধি লয় আৰু এজন শিক্ষক হিচাপে তাত থাকিবলৈ লয় । শেষলৈ তেওঁ এজন অধ্যাপকলৈ পদোন্নতি হয় ।ইয়াৰ আগতে তেওঁ চাৰ্লচ আগষ্টাছ ষ্টঙৰ সৈতে যুটীয়াভাৱে "ৱাকৰ বৃত্তি" লাভ কৰিবলৈ সক্ষম হয় ।১৯৩৬ চনত তেঁওৰ উপন্যাস "দ্য লাষ্ট পিউৰিটান " প্ৰকাশিত হয়। ১৯৪৪ ৰ পৰা ১৯৫৩ লৈ প্ৰকাশিত হয় তিনিটা খণ্ডত লিখিত আত্মজীৱনী " পাছ্নছ এণ্ড প্লে চেজ"।১৯০৩ ৰ পৰা ১৯০৬ লৈ প্ৰকাশিত হয় " লাইফ অৱ ৰিজন ।"১৯২৭ ৰ পৰা ১৯৪০ ৰ ভিতৰত প্ৰকাশিত হয় " ৰিলমচ অৱ বিং"। জীৱন কালত তেওঁ সৰু বৰ প্ৰায় পঁচিশ খন গন্থ প্ৰণয়ন কৰিছিল ।<ref>বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==মৃত্যু==