এছিয়াৰ শংকু আকৃতিৰ শিৰোধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
==ব্যৱহাৰ==
[[File:Jaapi.jpg|thumb|অসমৰ সৰুদৈয়া জাপি]]
[[File:Rice 02.jpg|thumb|কম্বোডিয়াৰ কৃষকে পিন্ধা ডাউনডুউন]]
এছিয়াৰ শংকু আকৃতিৰ শিৰোধানসমূহ সমগ্ৰ এছিয়াতে মূলতঃ ৰ'দ-বৰষুণৰ পৰা সুৰক্ষা লাভৰ বাবে ব্যৱহাৰ কৰা হয়। যিসমূহ শিৰোধান ধানখেৰ, নৰা বা অন্যান্য বোৱা সামগ্ৰীৰে তৈয়াৰ কৰা হয় সেইসমূহক পানীত ডুবাই ৰাখিব পাৰি আৰু এক শীতলীকৰণ সঁজুলি হিচাপে পৰিধান কৰিব পাৰি।<ref>{{cite web |url=http://www.nguyentientam.com/conicalhat.html |title=Conical Hats |publisher=Nguyentientam.com |access-date=2012-05-23}}</ref> পৰম্পৰাগতভাৱে ভিক্ষাৰ সন্ধানত তীৰ্থযাত্ৰী আৰু বৌদ্ধ ভিক্ষুসকলে এই শিৰোধান পিন্ধে বাবে ই পূব এছিয়াত, বিশেষকৈ জাপানত বৌদ্ধ ধৰ্মৰ প্ৰতীক হিচাপেও বহুলভাৱে জনাজাত। এনে শিৰোধান পৰিধান কৰাসকলৰ ভিতৰত জাপানৰ [[ছামুৰাই]]সকল আছিল অন্যতম আৰু ইয়াক জিংগাছা অৰ্থাৎ ভ্ৰমণকাৰী টুপী বা কাছা বুলি জনা গৈছিল।
 
18 নং শাৰী:
 
একেদৰে ভাৰত আৰু বোৰ্নিঅ'ত সাধাৰণ লোকসকলে তেওঁলোকৰ দৈনন্দিন কামৰ সময়ত এনে শিৰোধান পিন্ধিছিল। কিন্তু উৎসৱ বা নৃত্যৰ বাবে অধিক আলংকাৰিক ৰঙীন শিৰোধানৰ ব্যৱহাৰ কৰা হৈছিল। আনহাতে [[অসম]]ত ইয়াক সজ্জা হিচাপে চ'ৰাঘৰত আঁ‌ৰি দিয়া হয় বা বিশেষ অনুষ্ঠানত উচ্চ শ্ৰেণীৰ লোকসকলক পিন্ধোৱা হয়।
 
==স্থানীয় নাম==
এছিয়াৰ শংকু আকৃতিৰ শিৰোধানক ইংৰাজীত চেজ হেট, ৰাইচ হেট, পেডী হেট, বেম্বো হেট আৰু কেতিয়াবা কুলি হেট বুলি কোৱা হয়।<ref>{{cite web|url=http://www.merriam-webster.com/dictionary/coolie%20hat|title=Coolie hat - Definition and More from the Free Merriam-Webster Dictionary}}</ref>
 
দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত কম্বোডিয়াত ইয়াক ডুউন, ইণ্ডোনেছিয়াত কেপিং, লাওছত কুপ, মালয়েছিয়াত টেৰেণ্ডাক, ম্যানমাৰত খামাউক, ফিলিপাইনছত ছালাকোট, চাৰোক, চাডোক, চ'লাং, হলিডুং, কাল্লুগং আৰু টাবুংগাৱ; আৰু ভিয়েটনামত নন লা বুলি কোৱা হয়।
 
পূব এছিয়াৰ দেশসমূহৰ ভিতৰত চীনত ইয়াক দুলি (আক্ষৰিক অৰ্থত "বাঁহৰ টুপী"), জাপানত কাছা বা চুগেগাছা আৰু কোৰিয়াত ছাটগাট বা গেৰিপ বোলা হয়।
 
দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত ইয়াক অসমত (ভাৰত) জাপি বুলি জনা যায়। বাংলাদেশত ইয়াৰ নাম মাথাল।<ref>{{cite web|url=http://en.banglapedia.org/index.php?title=Bamboo_Craft|title=Bamboo Craft|publisher=Banglapedia}}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}