অসমীয়া ভাষা আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

106.197.0.21 (আলোচনা)-ই কৰা 308994 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
1 নং শাৰী:
'''অসমীয়া ভাষা আন্দোলন''' ({{lang-en|}}) [[অসম]]ত [[অসমীয়া ভাষা]]ক চৰকাৰী ভাষা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ সময়ে সময়ে সংঘটিত হোৱা সামাজিক তথা ৰাজনৈতিক আন্দোলন। অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে কাৰ্যালয় সমূহত ব্যৱহাৰ কৰিবলৈ সংঘৰ্ষৰ সূচনা ১৯ শতিকাতে আৰম্ভ হৈছিল। ১৮২৬ চনৰ [[ইয়াণ্ডাবু সন্ধি]]ৰ পিছত অসম ব্ৰিটিছ অধীনলৈ যোৱাৰ পিছত প্ৰশাসনিক সুবিধাৰ বাবে বহুতো বঙালীভাষী লোক অসমলৈ আনিছিল। তেওঁলোকৰ প্ৰৰোচনাতে অসমৰ কাৰ্যালয় আৰু ন্যায়ালয় সমূহত [[বঙালী ভাষা]] চৰকাৰী ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু অসমৰ ৰাইজ আৰু আমেৰিকান বাপিষ্ট মিছনেৰী সকলৰ প্ৰচেষ্টাত অসমত পুনৰায় অসমীয়া ভাষা প্ৰতিষ্ঠিত হৈছিল।
 
ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’'''ৰাজ্য পুনৰগঠন আইন, ১৯৫৬’''' বলৱৎ হোৱাত এই আন্দোলনে আৰু বল পায়। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি [[অসম সাহিত্য সভা]]য়ে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। এই আন্দোলনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা [[ৰঞ্জিত বৰপূজাৰী]] কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যু বৰণ কৰিছিল। তেওঁৰ লগতে বহুতে এই আন্দোলনত শ্বহীদ হৈছিল। ইয়াক ’'''ভাষা আন্দোলন’''' বুলি অভিহিত কৰা হয় আৰু ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰা হয়। এই আন্দোলনৰ ফলশ্ৰুতিত ''অসম চৰকাৰী ভাষা আইন, ১৯৬০'' প্ৰণয়ন কৰা হয় আৰু [[অসমীয়া ভাষা]]ক [[ইংৰাজী ভাষা]]ৰ সৈতে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।<ref name=":6">{{cite web|url=https://indiacode.nic.in/handle/123456789/4925?view_type=browse&sam_handle=123456789/2513|title=The Assam Official Language Act,1960|last=|first=|date=|website=India Code|url-status=live|archive-url=|archive-date=|access-date=}}</ref> চৰকাৰৰ এই সিদ্ধান্তক বহুতেই আদৰণি জনায় যদিও অসমৰ কিছুমান ঠাইত বিশেষকৈ [[বৰাক উপত্যকা]]ত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বৰাক উপত্যকাত [[বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)|বঙালী ভাষা আন্দোলন]] সংঘটিত হোৱাত ''অসম চৰকাৰী ভাষা আইন, ১৯৬০''খন সংশোধন কৰা হয় আৰু ভাষিক সংখ্যালঘু সকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰা হয়। ইয়াৰ লগে লগে বৰাক উপত্যকাৰ জিলাকেইখনত অতিৰিক্তভাৱে [[বঙালী ভাষা]] চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।<ref>{{Cite web|url=https://timesofindia.indiatimes.com/city/guwahati/Silchar-rly-station-to-be-renamed-soon/articleshow/4633120.cms|title=Silchar rly station to be renamed soon {{!}} Guwahati News - Times of India|last=Jun 9|first=TNN {{!}}|last2=2009|website=The Times of India|language=en|access-date=2020-03-29|last3=Ist|first3=05:02}}</ref><ref>{{Cite web|url=https://silcharnews.wordpress.com/2013/07/24/compulsory-use-of-bengali-language-in-cachar/|title=Compulsory use of Bengali Language in Cachar|date=2013-07-24|website=Silchar News|language=en|access-date=2020-03-29}}</ref>
17 নং শাৰী:
 
১৯০৩-০৫ চনত বংগ ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাইছৰয় লৰ্ড কাৰ্জনৰ বংগক বিভাজিত কৰি পশ্চিমে হিন্দু অধ্যুষিত অঞ্চল আৰু পূবে মুছলমান অধ্যুষিত অঞ্চলত ভাগ কৰা সিদ্ধান্তৰ বাবে দুয়োপক্ষৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। এই সিদ্ধান্ত মৰ্মে অসম প্ৰদেশক মুছলমান সংখ্যাগৰিষ্ঠ থকা পূৰ্ব বংগৰ লগত সংযোগ কৰা বাবে অসমীয়া লোকসকলেও ইয়াৰ বিৰোধিতা কৰিছিল।<ref>Kalita Ramesh C., Situating Assamese Middle Classes, the Colonial Period, Bhabani Prints and Publications, Guwahati, 2011.</ref> এই সিদ্ধান্ত ১৯১২ চনত উঠাই লোৱা হয় আৰু অসমক পূৰ্বৰ চীফ কমিছনাৰ প্ৰভিন্সৰ ঘূৰাই দিয়া হয়।
==চৰকাৰী ভাষা আন্দোলন==
ভাৰতৰ স্বাধীনতাৰ পিছত, ১৯৫০ চনৰে পৰা অসমত [[অসমীয়া ভাষা]]ক চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবী উত্থাপন হৈ আহিছিল যদিও [[ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬]] গৃহীত হোৱাৰ পিছত এই দাবী প্ৰবল হয়।<ref>"Explainer: The reorganization of states in India and why it happened"</ref> [[ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচী]]ত অসমীয়া ভাষা অন্তৰ্ভুক্তিয়ে দাবীদাৰসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিছিল।<ref name=":1" /> [[অসম সাহিত্য সভা]]ই অসমীয়াক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি দুটা প্ৰস্তাৱ গৃহীত কৰে, এটা ১৯৫০ চনত আৰু আনটো ১৯৫৯ চনত।<ref name=":0" /> ১৯৫৯ চনৰ এপ্ৰিল মাহত গ্ৰহণ কৰা প্ৰস্তাৱত অসমত অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবীত তাৎক্ষণিক ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তদানীন্তন প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে [[গুৱাহাটী বিশ্ববিদ্যালয়]] ভ্ৰমণ কৰোঁতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও একেই দাবী উত্থাপন কৰে। ২২ এপ্ৰিলত [[ভাৰতীয় জাতীয় কংগ্ৰেছ|অসম প্ৰদেশ কংগ্ৰেছ কমিটি]]য়ে ইয়াৰ সমৰ্থনত প্ৰস্তাৱ গৃহীত কৰে। ছাত্ৰ-ছাত্ৰীসকলে একে উদ্দেশ্যতে শোভাযাত্ৰা, ধৰ্মঘট আৰু সভাৰ আয়োজন কৰে।<ref>{{Cite book|title=Student Movements inAssam|last=Deka|first=M.|publisher=Vikas Publishing House|year=1996}}</ref>
==তথ্য উৎস==
{{ৰেফলিষ্ট}}