নজৰ বট্টু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
added Category:অন্ধবিশ্বাস using HotCat |
||
1 নং শাৰী:
[[File:Nimbu-Mirchi Totka à Jaipur (3).jpg|thumb| অশুভ দৃষ্টিৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা নেমু আৰু জলকীয়াৰ নজৰ বট্টু লগতে ৰাক্ষসৰ মুখৰ আকৃতি]]
'''নজৰ বট্টু''' ({{lang-en|Nazar battu}}) উত্তৰ [[ভাৰত]] আৰু [[পাকিস্তান]]ত অশুভ দৃষ্টি (হিন্দুস্তানী ভাষাত নজৰ) প্ৰতিহত কৰিবলৈ ব্যৱহৃত চিহ্ন, আকৃতি, টেটু বা অন্যান্য বস্তু বা আৰ্হি।<ref name="ref49yihah">{{Citation | title=Encyclopedia of India, Volume 1 | author=Stanley A. Wolpert | publisher=Charles Scribner & Sons, 2005 | isbn=9780684313498 | url=https://books.google.com/books?id=66kUAQAAIAAJ | quote=''... One of the central paisleys is sometimes a different color from the rest, functioning as a nazarbattu to ward off the evil eye ...''}}</ref> পাৰ্চী আৰু আফগান লোকগাথাত ইয়াক 'চেছম নজৰ' বা 'নজৰ কুৰবাণী' বুলি কোৱা হয়।<ref>M. Moin: ''A Persian Dictionary, 3rd edition'', p. 4752 (in Persian).</ref> ভাৰত আৰু পাকিস্তানত পাৰ্চী মূলৰ 'চশম-ই-বদদুৰ' হিন্দী-উৰ্দু শ্লোগান অশুভ চকুৰ পৰা আঁতৰি থাকিবলৈ ব্যৱহাৰ কৰা হয়। নজৰ বট্টু একপ্ৰকাৰৰ অন্ধ বিশ্বাস। নজৰ বট্টু ব্যৱহাৰ কৰিলে লোকৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিব পাৰি বুলি বিশ্বাস কৰা হয়। সেয়ে সৰু ল'ৰা-ছোৱালী, ঘৰ-অট্টালিকা, ব্যৱসায়-প্ৰতিষ্ঠান, যান-বাহন আদিত প্ৰায়ে নজৰ বট্টু ব্যৱহাৰ কৰা দেখা যায়।
===প্ৰকাৰ==
নজৰ বট্টু প্ৰায়ে এটা ইচ্ছাকৃত কলঙ্ক বা ত্ৰুটি যাক নিখুঁততা প্ৰতিৰোধ কৰিবলৈ প্ৰৱৰ্তন কৰা হয়। উদাহৰণ স্বৰূপে, প্ৰিয়জনৰ মুখ বা ডিঙিত এটা ক'লা চিহ্ন (হিন্দী-উৰ্দুত কালা টিকা, পোষ্টোত টৰ খাল) বা কাজলৰ ফোঁট দিয়া অশুভ দৃষ্টি প্ৰতিহত কৰা হয়।<ref name="ref11yoqar">{{Citation | title=The Dawoodi Bohras: an anthropological perspective | author=Shibani Roy | publisher=B.R. Publishing, 1984 | url=https://books.google.com/books?id=qwA7AAAAMAAJ | quote=''... away the evil eye a black mark was made at the side of his temples, as a 'nazar battu' ...''}}</ref> ঘৰ আৰু অট্টালিকা সমূহৰ নিখুঁত ৰূপত এক ইচ্ছাকৃত ত্ৰুটি অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। ব্যয়বহুল সামগ্ৰী যেনে দলিছা বা শাৰীত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰং বা চিলাইৰে ত্ৰুটি সৃষ্টি কৰা হয়।<ref name="ref62lapop">{{Citation | title=Saris of India, Volume 2 |author1=Rita Kapur Chishti |author2=Martand Singh |author3=Priya Ravish Mehra |author4=Tushar Kumar |author5=Nivedita Bannerji | publisher=Wiley Eastern, 1995 | isbn=9788122408300 | url=https://books.google.com/books?id=ldLfAAAAMAAJ | quote=''... Nazar battu Intentional flaw to ward off evil eye ...''}}</ref> কিছুমানে তাবিজ হিচাপে যেনে তুৰ্কীসকলে 'নজৰ বনচুগু' সদৃশ আৰু আন কেতবোৰ সূতা আৰু কেতিয়াবা প্ৰাৰ্থনাৰ শ্লোক বা বনৌষধি সম্বলিত তাবিজৰ ব্যৱহাৰ সচৰাচৰ দেখা যায়। সংস্কৃতিভেদে বিশেষ অঞ্চলত বিশেষ ধৰণৰ নজৰ বট্টু দেখা যায়। উদাহৰণ স্বৰূপে ৰূপ খটুৱা নাহৰফুটুকী বাঘৰ নখ [[হিমাচল প্ৰদেশ]] ৰাজ্যৰ চম্বা জিলাত ব্যৱহাৰ কৰা হয়।<ref name="ref62quhez">{{Citation | title=Textiles, costumes, and ornaments of the western Himalaya | author=Omchand Handa | publisher=Indus Publishing, 1998 | isbn=9788173870767 | url=https://books.google.com/books?id=JFPnh9B5zncC | quote=''... nail of a leopard is mounted in silver or gold and hung round the neck ... called nazar-battu in Chamba ...''}}</ref>
বহুতে দোকান, প্ৰতিষ্ঠান নতুন গাড়ী আদিত নেমু আৰু জলকীয়া গাঁঠি দিয়ে। সেইদৰে দুৱাৰমুখত বিভিন্ন আকৃতি ইচ্ছাকৃতভাৱে কুদৃষ্টি প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
যদিও নিৰ্দিষ্ট নজৰ বট্টুত অন্তৰ্ভুক্ত নহয় কিছুমান অঞ্চলৰ মাতৃসকলে তেওঁলোকৰ সন্তানৰ ওপৰত পাতলকৈ থু পেলোৱা নিয়ম প্ৰচলিত। সাধাৰণতে তেওঁলোকে শিশুৰ ফালে থু পোনপটীয়াকৈ নেপেলাই প্ৰতীকী অৰ্থত পেলায়। লোকবিশ্বাস অনুসৰি শিশুক অশুভ দৃষ্টিৰ পৰা সুৰক্ষিত কৰিবলৈ অৱমাননা আৰু অসিদ্ধতাৰ অনুভূতি বুজাবলৈ থুৱাই দিয়া নিয়ম।<ref name="ref66razeq">{{Citation | title=Indian ritual and belief: the keys of power | author=John Abbott | publisher=Usha, 1984 | url=https://books.google.com/books?id=zkIvAAAAYAAJ | quote=''... A woman spits on a child to avert from it her own evil-eye ...''}}</ref> শিশুসকলকো গালত এটা ক'লা চিহ্ন বা কাজলৰ ফোঁট দিয়া হয়।<ref>George Vensus A. (2008). ''[https://books.google.com/books?id=VYaRePV92YwC Paths to The Divine: Ancient and Indian (Volume 12 of Indian philosophical studies)]''.
==জনপ্ৰিয় সংস্কৃতিত==
উত্তৰ ভাৰত আৰু পাকিস্তানত নজৰ বট্টু শব্দটো অবাঞ্ছিত কিন্তু সহ্য কৰিব লগা মানুহ বা বস্তুৰ প্ৰতি ইঙ্গিত কৰিবলৈ
==চিত্ৰ মালা==
<gallery class="center">
File:India-shop-chili-peppers-and-limes.jpg|অশুভ দৃষ্টি প্ৰতিহত কৰা নেমু-জলকীয়া
File:India-shop-balls-and-leaves.jpg|ভাৰতৰ পশ্চিম বংগৰ এখন দোকানৰ সন্মুখত ওলমি থকা ফুলৰ পাহিৰে তৈয়াৰ কৰা পাত আৰু বল
File:India-house-shoes-on-wall.jpg| ভাৰতৰ পশ্চিম বংগৰ এটা ঘৰৰ সন্মুখত দেৱালত ওলমাই দিয়া জোতা
22 নং শাৰী:
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
[[শ্ৰেণী:অন্ধবিশ্বাস]]
|