ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
==ডিমাছা ভাষাৰ গৌৰৱ==
ডিমাছাসকলৰ পূৰ্বপুৰুষসকলে উজনি অসমত ৰাজত্ব কৰিছিল৷ তাৰ প্ৰমাণ স্বৰূপে “ডি’’ আখৰযুক্ত নামবোৰে প্ৰমাণ৷ নৈ আৰু ঠাইৰ নামবোৰৰ প্ৰায়বোৰেই ডি-যুক্ত; যেনে: ডিখৌ, ডিমৌ, ডিব্ৰু, ডিবাং আদি অনেক শব্দ আছে৷ কছাৰী জনগোষ্ঠীৰ আটাইবোৰ ঠালৰ ভিতৰত ডিমাছা ভাষা সুচল৷ ডিমাছা ভাষাই অইন জনজাতীয় ভাষাৰ সহায় নোলোৱাকৈ ভাব প্ৰকাশ কৰিব পাৰে৷ অসমীয়া ভাষাত ডিমাছা ভাষাৰ বহুতো শব্দসম্ভাৰ কিছুমান পৰিবৰ্তিত ৰূপত আৰু কিছুমান অবিকল ৰূপত সোমাই আছে৷ <ref>ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, নিৰূপমা হাগজেৰ, পৃ:নং; ৬৩, ২০০৯ চন</ref>
==ডিমাছা ভাষাৰ অভিধান==
কাছাৰ জিলাৰ পুলিছ চুপাৰিণ্টেণ্ডেণ্ট W.C.M. Dundasএ ১৯০৮ চনত Outline Grammar And Dictionary নামেৰে এখনি অভিধান লিখে৷ তাৰপিছত, মণিচৰণ বৰ্মনে “হৈড়ম্ব ভাষা প্ৰৱেশ’’ নামৰ বাংলা ভাষাত লিখা ডিমাছা শব্দকোষ লিখে৷ ১৯৯২ চনত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ শ্ৰী নগেন্দ্ৰনাথ বৰুৱাই “ ডিমাছা ভাষাৰ ভঁৰাল’’ নামে এখনি অভিধান লিখে আৰু ২০০৫ চনত প্ৰকাশ পায়, নিৰূপমা হাগজেৰে লিখা “ডিমাছা গ্ৰাউৰেণ’’ নামৰ অভিধানখন<ref>ডিমাছা গ্ৰাউৰেণ, নিৰূপমা হাগজেৰ, পাতনি, ২০০৫</ref> অসমীয়া ভাষাত লিখা আৰু ডিমাছা ভাষাৰ অসমীয়া অৰ্থ দিয়া হৈছে৷
 
==তথ্য সূত্ৰ==