কথা কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Biswajit Boruah (আলোচনা)-ই কৰা 347490 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে: বলডেয়াৰৰ কথাহে মুখ্য উৎসত (সমল গ্ৰন্থ) কোৱা হৈছে। টুৰ্গেনিভৰ বাবে উপযুক্ত উৎসৰে সৈতে এক সুকীয়া বাক্য যোগ কৰিব পৰা যায়।
No edit summary
1 নং শাৰী:
{{stub}}
'''কথা কবিতা''' ঊনৈশ শতিকাৰশতিকাক একজন্ম উল্লেখযোগ্যলাভ কৰা সৃষ্টিশীল লেখনিৰ এক সৃষ্টি।প্ৰকাৰ। কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই কথা কবিতা। কথা কবিতাত কেৱল এটা কেন্দ্ৰস্থ ভাৱৰ সমাবেশ ঘটে আৰু ই অলংকাৰ বৰ্জিত। অৱশ্যে কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে। এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক কথা কবিতাৰ জনক হিচাপে জনা যায়। {{cn}}
 
[[বাণীকান্ত কাকতি|ড॰ বাণীকান্ত কাকতিৰ]] মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোঁন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাটো। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা। কথা-কবিতাত এটি মাথোঁ কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই। কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোঁন। ' <!--(যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা'ৰ পাতনি‍)। --> বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ' বুলি কোৱা কথাৰ লগতে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ। তেওঁ কথা কবিতাক ''নোহোৱা নোপজা কবিতা'' বুলি কোৱাৰ লগতে ''বালিৰ নিজৰা'' বুলিও কৈছিল।
 
যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া। ৰুচ লেখক আইভান টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল। আলেকজেণ্ডাৰ ছলঝ‍েনিৎছিনেও কথা-কবিতা লিখিছে। লেবাননৰ কবি খলিল জিব্ৰানৰ কিছুমান কথা-কবিতা ইংৰাজীলৈ অনূদিত হৈছে। সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰে। ফৰাচী কবি বডলেয়াৰৰ (Baudelair,১৯২১-৬৭) Petit poems on fore কথা কবিতাৰ আন এক সুন্দৰ নিদৰ্শন।<ref>ড॰ প্ৰফুল্ল কটকী সম্পাদিত '''সাহিত্য আৰু সংজ্ঞা''' গ্ৰন্থৰ পৰা উদ্ধৃত</ref>{{Page needed}}
 
==অসমীয়া ভাষাত কথা কবিতা==
"https://as.wikipedia.org/wiki/কথা_কবিতা"ৰ পৰা অনা হৈছে