মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) |
Babulbaishya (আলোচনা | বৰঙণি) |
||
38 নং শাৰী:
==উপাসনা==
মদন কামদেৱত শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিক উপাসনা কৰা হয়। অতি প্ৰাচীন কালৰে পৰা অসমত শৈৱ ধৰ্মৰ সুতিটো নিৰৱিচ্ছিন্ন ভাৱে চলি আহিছে। শিৱক দুটা ৰূপত উপাসনা কৰা হয়। প্ৰথমটো শিৱৰ একক ৰূপ আৰু দ্বিতীয়টো শিৱ-পাৰ্ৱতীৰ যুগল ৰূপ। বৰ্তমান অসমৰ মাত্ৰ কেইটামান প্ৰাচীন মন্দিৰতহে পৰম্পৰাগতভাৱে শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপৰ উপাসনা চলি আহিছে। যুগ্ম শিৱ-পাৰ্ৱতী শৈৱ আৰু শাক্তৰ সমন্বিত ৰূপ। এই দুটা ৰূপ পৃথক সত্বা নহয়। পুৰুষ আৰু প্ৰকৃতিৰ দৰে ই একক আৰু পূৰ্ণ সত্বা। [[কালিকা পুৰাণ]]ৰ মতে [[নৰকাসুৰ|নৰকে]] কামাখ্যাত দেৱীপূজা প্ৰৱৰ্তন কৰাৰ আগেয়ে কামৰূপৰ অধিবাসীসকলৰ উপাস্য দেৱতা আছিল শিৱ। নৰকৰ দিনত শক্তিবাদে বিশেষভাৱে গা কৰি উঠে যদিও দেশৰ পৰা শৈৱ ধৰ্মৰ প্ৰভাৱ কমি যোৱা নাছিল। কামৰূপত ৰাজত্ব কৰা পৰৱৰ্তী [[বৰ্মন বংশ|বৰ্মন]],[[ শালস্তম্ভ]], [[পাল বংশ|পাল]] আদি ৰাজবংশ শৈৱপন্থী আছিল। ইতিমধ্যে আৱিষ্কৃত হোৱা বিভিন্ন তাম্ৰলিপিৰ পৰা জনা গৈছে যে শালস্তম্ভ আৰু পাল বংশ শিৱৰ যুগ্ম ৰূপৰ উপাসক আছিল।
==তথ্যসূত্ৰ==
|