তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ''শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ'' অসমকামৰুপ জিলাৰ [[গুৱ...
 
3 নং শাৰী:
 
==উত্‍পত্তিৰ ইতিহাস==
উত্‍পত্তিৰ কাহিনী ওদালবাক্ৰা গাওঁৰ পৰা আৰম্ভ হয় | এই ওদালবাক্ৰা গাওঁ [[ গুৱাহাটী]]ৰ [[কাহিলীপাৰা]] অঞ্চলত অৱস্থিত | গাওঁৰ বাসিন্দাবোৰ মূলত: [[ৰাভা]]-[[কছাৰী]] জনগোষ্টীৰ | ১৯৬৪ চনত এই গাওঁখন ডাঠ হাবি আৰু ডাঙৰ ওখ শিলেৰে ভৰা আছিল | সেই সময়ত ৰেংথং ৰাভা আৰু সূৰ্য ৰাভা নামৰ দুজন লোকে এদিন চিকাৰৰ উদ্দেশ্যে সেই শিলবোৰৰ ওপৰত ( [[নৰকাসুৰ]] পাহাৰ এলেকা ) বিচৰণ কৰি আছিল | তেনে সময়তে হাবিৰ ক’ৰবাৰ পৰা বিশাল বাদুলি এটা তেওঁলোকৰ সন্মুখেৰে উৰি আহি সেই ওখ শিলবোৰৰ ফাঁকত সোমাই গ’ল | তেওঁলোকে বাদুলিটোক ধৰাৰ উদ্দেশ্যে তাক অনুসৰণ কৰি এটা অন্ধকাৰ শিলৰ গুহাৰ মাজত সোমাই গ’ল | তেতিয়া সেই গুহাৰ মাজেৰে গৈ থাকোতে তেওঁলোকে কিবা বস্তু আন্ধাৰত জিলিকি থকা দেখা পালে | তেতিয়া তেওঁলোকে সেই বস্তুটো বাহিৰলৈ আনি ধুই-পখালি চাই যে সেইটো এটা শংখ | এইদৰে তেওঁলোকে আকৌ পিছদিনাখন সেই একেটা গুহাৰ পৰা আবিস্কাৰ কৰিলে ২৩ টা মূৰ্তি | এনেদৰে আন এদিনাখন আকৌ ১০ টা মূৰ্তি আৰু টিলিঙা কিছুমান ওলাল | এই মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত বিভিন্ন হিন্দু দেৱ-দেৱতাৰ মূৰ্তি আছিল | সেই মূৰ্তিবোৰকে লৈ সেই ঠাইতে এই মন্দিৰৰ স্থাপন হৈছিল | হিন্দু ধৰ্মৰ মতে হিন্দু দেৱ-দেৱীৰ মুঠ সংখ্যা হ’ল ৩৩ কোটি | সেই উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ মুঠ সংখ্যা আছিল ৩৩ টা | গতিকে এই ৩৩ টা মূৰ্তিয়ে ৩৩ কোটি ভগবানৰ অস্তিত্ব বহন কৰিছে বুলি বিশ্বাস কৰি মন্দিৰৰ নাম "শ্ৰী শ্ৰী তেত্ৰিশ কোটিকৌটি দেৱ মন্দিৰ" হিচাপে নামাকৰণ কৰা হয় | বৰ্তমান এই মন্দিৰৰ লগতে [[চতুৰ্থ অসম আৰক্ষী বাহিনী]]ৰ চকী আছে | ইয়াৰে বেটেলিয়ান সকলেই ১৯৭৩ চনত এই মন্দিৰ স্থাপন কৰি দিছিল |
 
==উদ্ধাৰ হোৱা বস্তুসমূহ==