কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

99 নং শাৰী:
 
== ইতিহাস ==
দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে ৷ ইয়াত আমীৰ হ'ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ৷আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে৷ ১৮শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল৷তাৰ পিছত কাটাৰ,বাহৰাইন আৰু সংযুক্ত আৰব আমিৰাট ব্ৰিটিছৰ অধীন হ'ল৷১৯৭১ চনৰ ৩চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে৷ কাটাৰৰ শাসনভাৰ ১৮ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে৷ কাটাৰৰ বুৰঞ্জী পঢ়িলে ভাৰতবৰ্ষৰ মোগলৰ দিনৰ কথা মনলৈ আহে৷ঔৰংগজেবে পিতৃ ছাহজাহানক বন্দী কৰি ৰাজপাট লোৱা ইত্যাদি কথা৷
বৰ্তমানৰ শাসকহ'ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি৷তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰি নিজৰ হাতত তুলি লয়৷এজন পুত্ৰ যুৱৰাজ শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে৷শ্বেখ হামাদ বিন জাচেন অল থানিক পাতে প্ৰধান মন্ত্ৰী৷
১৮ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত ৰাষ্ট্ৰীয় দিবস হিচাপে পালন কৰি আহিছে৷বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড'হাত জাকজমকতাৰে ৰাষ্ট্ৰীয় দিবসপালিত হৈ আহিছে৷এতিয়া দেশখনৰ শাসন ব্যৱস্থাৰ বিষয়ে আৰু দুআষাৰমান কৈ লওঁ৷
বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে৷মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ'ল৷ ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত৷ সাংসদৰ কাৰ্য্যকাল হব ৪বছৰীয়া৷
বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ'ল - চৌডি আৰব আৰু বাহৰইনৰ সৈতে থকা সীমা বিবাদ ২০০১চনত নিষ্পত্তি কৰা৷১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা৷কাটাৰত বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয় - তাৰে ৮খন আৰবী, ৪খন ইংৰাজী৷১৯৯৬ চনৰ শেষৰ ফালে ড'হাত অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়৷ বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়৷
 
==ভূগোল==
কাটাৰৰ ভৌগলিক অবস্থান
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে