সংযুক্ত মুক্তি বাহিনী, অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

95 নং শাৰী:
 
স্থানীয় সংবাদ পত্ৰৰ যোগেদি ৰাইজৰ মাজত প্ৰচাৰ চলাই গৈছিল আলফাই , সততে চলিত ৰাজনৈতিক ঘটনাত আলফাৰ নিজৰ স্থিতি ৰাষ্ট্ৰীয়তা সম্বন্ধে কেন্দ্ৰীভূত কৰিছিল | লগতে জনতাৰ বাৰ্তালাপত সাধাৰণ জনতাৰ স’তে অংশগ্ৰহণ কৰিছিল | শেষৰ দুটা নিৰ্বাচন আলফাই বৰ্জন কৰাৰ আহ্বান কৰে | যদিও ই সফল নহ’ল |
 
===ধনদাবী===
আলফাই আৰম্ভণীতে কেইটামান বেঙ্ক ডকাইতিৰ যোগেদি ধন আহৰণ কৰিছিল | কিন্তু বৰ্ত্তমান সময়্ত আলফাই ব্যৱসায়ীসকলৰ পৰা ধনদাবী কৰা আৰম্ভ কৰে | লগতে ৰাজনীতিক সকলকো |১৯৯৭ চনত অসমৰ মুখ্যমন্ৰ্ৰীয়ে "টাটা টি"ক আলফাৰ সাংষ্কৄতিক সম্পাদক প্ৰণতি ডেকাক চিকিত্‍সা কৰা মুম্বাইৰ এখন চিকিত্‍সালয়ৰ বিল পৰিশোধ কৰাৰ অপৰাধত অভিযুক্ত কৰে |
 
==অন্য গতিবিধিবোৰ==
 
আলফাক বাংলদেশত কেইবাটাও কেম্প চলোৱা বুলি তথ্যসমূহৰ পৰা জনা যায় , য’ত সদস্যসকলক প্ৰশিক্ষণ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰা লুকুৱাই আশ্ৰয় দিয়া হয় | ৰয়েল ভূটান আৰ্মী আৰু বিশেষ সীমান্ত বাহিনীৰ সহযোগত ২০০৩ চনৰ অপাৰেচনৰ আগলৈকে ভূটানত আলফাই কেম্প চলাইছিল বুলি জনা যায় | ভূটানৰ এই কেম্পবোৰত পৰিয়াল কৰি থকা আৰু পৰিয়াল কৰি নথকা আলফা সদস্যসকল আছিল |
 
আলফাই এন.এছ.চি.এন(খাপলাং), এন.ডি.এফ.বি আৰু কে.এল.অ’ৰ লগত খুব বেছি ওচৰ ্সম্পৰ্ক বজাই ৰাখে |ভাৰতীয় সেনাৰ সূত্ৰ মতে
"আলফাই আই.এছ.আইৰ সহযোগত জেহাদী যুদ্ধ কৰি আছে | এটা কথাত কোনো সন্দেহ নাইযে আলফাৰ নেতাসকল দেশৰ বাহিৰত থাকে আৰু আই.এছ.আইৰ নিৰ্দেশত কাম কৰে"
 
==লগতে চাওক==