মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
 
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক [[ চাৰিংৰজা ]] কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দপেৰ্শ্বৰ সিংহ চাৰিংৰজা হয় । নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল । ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰা ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায় । সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে । সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা ]] হাতত পৰে । হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে । চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে ।
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত “বুৰঞ্জী বিবেক ৰত্ন” নামৰ এখন পুথি ৰচনা কৰিছিল । কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল । সাধাৰণ মানুহে কলিতা-ৰজা নাম দিছিল ।
 
 
 
 
==তথ্যসূত্র==
 
সহায়ক গ্ৰন্থ : ১. অসমৰ বুৰঞ্জী -- পদ্মনাথ গোহাঞিবৰুৱা ।
 
২. বেলিমাৰ গ'ল --- ড° লীলা গগৈ ।
২. বেলিমাৰ গ'ল --- ড° লীলা গগৈ

৩. অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস --- ড° প্ৰফুল্ল মহন্ত ।
 
48. ইতিহাসে সোঁৱৰা ছশটা বছৰ -- সৰ্বানন্দ ৰাজকুমাৰ ।
5. অসমীয়া জীৱনী অভিধান -- শিৱনাথ বৰ্মন ।
 
5. অসমীয়া জীৱনী অভিধান -- শিৱনাথ বৰ্মন ।