ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :vi:Rajiv Gandhi
র -> ৰ
51 নং শাৰী:
তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত, ৰাজীৱ গান্ধী আৱাসিক ছাত্ৰাবাসত আছিল: প্ৰথমতে [[উত্তৰাখণ্ড]]ৰ [[ডেৰাডুন]]ত অৱস্থিত ''ৱেলহাম বয়ছ স্কুল'' (Welham Boys' School) আৰু পাছলৈ ''ডুন স্কুল''ত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ ''এ-লেভেল'' অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ''ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ''ত তেওঁ [[অভিযান্ত্ৰিক বিদ্যা|অভিযান্ত্ৰিক বিভাগ]]ত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়নৰ সুবিধা পাই যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে।
 
==ৰাজনীতিত প্রৱেশপ্ৰৱেশ==
১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰূদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ ''আমেথি'' লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ [[লোকদল]]ৰ নেতা [[শৰদ যাদৱ]]ক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।