অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

72 নং শাৰী:
অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমুহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়।এই বাদ্যটি আম, চাম বা তেনে জাতীয় কাঠৰ ৬০ চে:মি:ৰ পৰা ৯০ চে:মি: মান দীঘল টুকুৰা এটাৰ এপিনে খোলনি দি আৰু আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমানয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুঁইৰ ছলেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়।সৌন্ধৰ্য্য বৃদ্ধিৰ কাৰণে খোলটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত পক্ষী আদিৰ সাঁচ কাটি দিয়া হয়।সাধাৰণতে আয়তাকৃতিৰ খোলটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্থা থকা।ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ খোলাটোৰ শেষ অংশৰ মাজ ভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুণাজৰী খোলাটোৰ চাউনি আৰু কাঠডোখৰৰ ওপৰেৰে নি খোলটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়।আজিকালি মুগা সূতাৰ উপৰি আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়।সি যি কি নহওক, এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা,চিত্ৰা আৰু সুষুম্না নামেৰে জনা যায়।টোকাৰীৰ ছাউনিখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰকেইডালক এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়।শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যকমতে টোকাৰীৰ সুৰ বন্ধা হয়।পহু, ছাগলী আদি জন্তুৰ শিং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰকেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলিৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়<ref name="সাদিন"/>।
 
==শিঙা<ref name="সাদিন"/>==
{{Main|শিঙা}}
:অসমৰ সুষিৰ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত শিঙাৰ ব্যৱহাৰ প্ৰাচীন বুলি ক'ব পাৰি।১৪০০ শতাব্দীত ৰচিত অপ্ৰমাদী কবি মাধব কন্দলিৰ 'ৰামায়ণ' আৰু আন আন প্ৰাচীন পদপুথিত শিঙা বাদ্যৰ উল্লেখ থকা কথাটোৱেই বাদ্যটিৰ প্ৰাচীনত্বৰ বিষয়ে ইংগিত প্ৰদান কৰে।শিঙা ব্যৱহাৰৰ ক্ষেত্ৰখনৰ পৰিধি বহল আৰু উদ্দেশ্যও বিভিন্ন আৰু সেই হিচাপেই ইয়াৰ নামাকৰণতো ভিন্নতা থকা দেখা যায়।সাধাৰণতে শিঙাক ৰাম শিঙা, ৰণ শিঙা, খংশিঙা আদি ভাগত বিভক্ত কৰা হয়।হয়<ref name="সাদিন"/>।
 
==খোল==