বাঁহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
'''বাঁহী''' ({{lang-en|Flute}}) অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত ''মুৰুলী'', ''বংশী'', ''বেণু'', ''বাঁশী'' আদি বহু নামেৰে জনা যায়<ref name="বাঁহী">{{cite web | url=http://www.anvesha.co.in/assamese/bahi_as.htm | title=বাঁহী | date=২০১১ | accessdate=ছেপ্তেম্বৰ ৪, ২০১২ | author=অভিজিত}}</ref>। বাঁহী বিহুৰ এক উল্লেখযোগ্য বাদ্য। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ। বৈষ্ণব সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন<ref name="বাঁহী"/>।
== ব্যৱহাৰ==
বাঁহী মূলতঃ বৈষ্ণৱ সংগীতৰ অংগ হলেও আন বহুতো অসমীয়া লোক সংগীতত বাঁহী ব্যৱহাৰ হয়। বিহু গীতৰ সৈতেও বাঁহী বজোৱা হয়। [[গোৱালপাৰা]] অঞ্চলৰ ''মনসা পূজা''ত বমবাঁশী নামেৰে একধৰণৰ বাঁহী ব্যৱহাৰ কৰা হয়। অসমত বসবাস কৰা [[মিচিং]] ,[[ৰাভা]], [[বড়ো]] আদি সকলো জনগোষ্ঠীৰ সংগীতত বাঁহীৰ ব্যৱহাৰ হয় যদিও নিৰ্মাণ প্ৰণালী তথা ব্যৱহাৰৰ বিভিন্নতা আছে। অসমৰ [[দেওধনী নৃত্য]]ত বাঁহী ব্যৱহাৰ কৰা হয়। বাঁহী অসমৰ [[বৰগীত]], [[বিহুগীত]] , [[কামৰূপীয়া লোকগীত]], আদিৰ ওপৰিও [[ভাওনা]] বা [[ৰাস]]ত বাঁহীৰ প্ৰয়োগ অপৰিহাৰ্য্য। বাঁহী এবিধ স্থিৰ সুৰৰ (Fixed Tune) বাদ্য হোৱা বাবে বিভিন্ন উদেশ্যত ব্যৱহাৰ হোৱা বাঁহীৰ আকাৰ তথা নিৰ্মাণ প্ৰণালীৰ প্ৰভেদ দেখা পোৱা যায়।
 
==নিৰ্মাণ প্রণালী==
 
==তথ্য সূত্ৰ==
"https://as.wikipedia.org/wiki/বাঁহী"ৰ পৰা অনা হৈছে