বিশ্বনাথন "বিশি" আনন্দ (ইংৰাজী: Viswanathan Anand,(জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ, পাঁচবাৰৰ প্ৰাক্তন বিশ্ব দবা চেম্পিয়ন[2]আৰু অভিলেখসংখ্যক দুবাৰৰ দবা বিশ্বকাপ চেম্পিয়ন।[3] ১৯৮৮ চনত তেওঁ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে৷ তেওঁ এনে খিতাপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। আন্ত:ৰাষ্ট্ৰীয় দবা সংস্থা(FIDE )সৰ্বকালৰ শীৰ্ষৰ ৰেটিং তালিকাত তেওঁৰ স্থান অষ্টম।[4] ২০২২ চনত তেওঁ সংস্থাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়।[5][6]

বিশ্বনাথন আনন্দ
Viswanathan Anand

২০১৬ চনত আনন্দ
জন্ম আনন্দ বিশ্বনাথন[1]
১১ ডিচেম্বৰ, ১৯৬৯ (৫৪ বছৰ)
মাইলাদুথুৰাই, তামিলনাডু
পেচা আন্ত:ৰাষ্ট্ৰীয় দবা সংস্থাৰ উপ-সভাপতি
সংস্থা আন্ত:ৰাষ্ট্ৰীয় দবা সংস্থা

আনন্দে ছয়খনীয়া শৃংখলাৰ মেচত আলেক্সি শ্বিৰভক পৰাস্ত কৰি ২০০০ চনত আন্ত:ৰাষ্ট্ৰীয় দবা সংস্থাৰ বিশ্ব দবা চেম্পিয়নৰ খিতাপ লাভ কৰে আৰু এই খিতাপ ২০০২ চনলৈকে নিজৰ অধীনত ৰাখে। ২০০৭ চনত ফিদেই বিশ্বৰ আঠজন শ্ৰেষ্ঠ খেলুৱৈৰ মাজত অনুষ্ঠিত কৰা ডাবল ৰাউণ্ড ৰবীন টুৰ্নামেণ্টত জয়ী হৈ তেওঁ বিশ্ব চেম্পিয়ন ৰূপে সৰ্বজনস্বীকৃত হয়। ইয়াৰ পিছত ২০০৮ চনত ভ্লাদিমিৰ ক্ৰামনিক, ২০১০ চনত ভেচেলিন টোপালভ আৰু ২০১২ চনত বৰিছ গেলফাণ্ডক হৰুৱাই বিশ্ব চেম্পিয়নৰ খিতাপ নিজৰ দখলত ৰাখে।[7]২০১৩ চনত তেওঁ প্ৰতিযোগী মেগনাছ কাৰ্লচেনৰ হাতত খিতাপ হেৰুৱায় আৰু ২০১৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত ২০১৪ চনত কাৰ্লচেনৰ হাতত ৰি-মেচত পৰাস্ত হয়।[8]

২০০৬ চনৰ এপ্ৰিল মাহত তেওঁ ক্ৰামনিক, টোপালভ আৰু গেৰী কাস্পাৰভৰ পিছত FIDEৰ ৰেটিং তালিকাত ২৮০০ এলো পইণ্ট অতিক্ৰম কৰা ইতিহাসৰ চতুৰ্থজন খেলুৱৈ হিচাপে পৰিগণিত হয়।[9]২১ মাহ ধৰি তেওঁ বিশ্বৰ এক নম্বৰ স্থান দখল কৰি আছিল, যিটো সৰ্বদৈৰ্ঘ্যৰ তালিকাত ষষ্ঠ।

শিশু অৱস্থাত দ্ৰুত গতিৰ খেলৰ বাবে পৰিচিত আনন্দে ১৯৮০ চনত খেলুৱৈ জীৱনৰ আৰম্ভণিতে বিদ্যুৎ শিশু বা লাইটনিং কিড উপনাম লাভ কৰিছিল[10][11]৷ তাৰ পিছত তেওঁ এজন বিশ্বমানৰ খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হয় আৰু বহুতে তেওঁক তেওঁৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ দ্ৰুত দবা খেলুৱৈ বুলি গণ্য কৰে।[12][13]২০০৩ আৰু ২০১৭ চনত তেওঁ সংস্থাই (FIDE) বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ প্ৰদান কৰে [14] ২০০০ চনত তেওঁ বিশ্ব ব্লিটজ কাপ,[15] আৰু আন বহুতো শীৰ্ষ পৰ্যায়ৰ ৰেপিড আৰু ব্লিটজ খেলত জয়ী হয়৷

১৯৯১-৯২ চনত বিশ্বনাথনে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা লাভ কৰিছিল। ২০০৭ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰি তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয়।[16]

প্ৰাথমিক জীৱন

সম্পাদনা কৰক

বিশ্বনাথন আনন্দৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১১ ডিচেম্বৰত ভাৰতৰ তামিলনাডুৰ মায়লাদুথুৰাইত।[17][18][19] [20] পিছলৈ তেওঁ চেন্নাইলৈ গুচি যায় আৰু তাতে শৈশৱকাল অতিবাহিত কৰে।[21] তেওঁৰ পিতৃ কৃষ্ণমূৰ্তি বিশ্বনাথনে বিহাৰৰ জামালপুৰত অধ্যয়ন কৰিছিল আৰু দক্ষিণ ৰেলৱেৰ জেনেৰেল মেনেজাৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ মাতৃ সুশীলা আছিল এগৰাকী গৃহিণী, দবাৰ অনুৰাগী আৰু এগৰাকী প্ৰভাৱশালী সমাজসেৱী।[22]

তিনিটা সন্তানৰ ভিতৰত আনন্দ সৰ্বকনিষ্ঠ। বায়েকতকৈ ১১ বছৰ আৰু ককায়েকতকৈ ১৩ বছৰ সৰু। তেওঁৰ ভাতৃ শিৱকুমাৰ ভাৰতৰ ক্ৰম্পটন গ্ৰীভছৰ মুখ্য ডিজাইন অভিযন্তা । তেওঁৰ ভগ্নী অনুৰাধা মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।[23][24]

আনন্দে ছয় বছৰ বয়সতে মাকৰ পৰা দবা শিকিবলৈ আৰম্ভ কৰিছিল যদিও তেওঁ  ফিলিপাইনচৰ মেনিলাত খেলটোৰ জটিলতাৰ বিষয়ে গভীৰভাৱে শিকিছিল। পিতৃয়ে  ফিলিপাইনছ ৰাষ্ট্ৰীয় ৰে'লৱেৰ পৰামৰ্শদাতা হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত তেওঁ ১৯৭৮ চনৰ পৰা ১৯৮০ চনলৈ পিতৃ -মাতৃৰ সৈতে মেনিলাত বাস কৰিছিল।[25] তাতে আনন্দে দবাখেলৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ লাভ কৰে।

আনন্দে চেন্নাইৰ ডন বস্কো মেট্ৰিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু চেন্নাইৰ লয়লা কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।[26] [27]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৯৯৬ চনত আনন্দে অৰুণাক বিয়া কৰায় আৰু ২০১১ চনৰ ৯ এপ্ৰিলত তেওঁলোকৰ এজন পুত্ৰ সন্তানৰ জন্ম হয়। পৰম্পৰাগত পদ্ধতি অনুসাৰে পুত্ৰৰ নাম ৰখা হয় আনন্দ অখিল।[28]

আনন্দৰ বাবে ধৰ্ম এক গভীৰ ব্যক্তিগত বিষয় আৰু সেয়ে তেওঁ ইয়াৰ বাহ্যিকতাক গুৰুত্ব নিদিয়ে। তেওঁ বিশ্বাস কৰে যে ধৰ্ম আৰু আধ্যাত্মিকতাৰ বিষয়ত প্ৰতিজন ব্যক্তিয়ে নিজৰ পচন্দ আৰু ঘনিষ্ঠতাৰ স্তৰ আৱিষ্কাৰ কৰিব লাগিব।  ধৰ্মৰ লগত জড়িত আচাৰ-নীতি আৰু অনুষ্ঠানবোৰ তেওঁ পৰিহাৰ কৰি চলে। অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে তেওঁ ইয়াৰ পৰা সম্পূৰ্ণ দূৰৈত৷ ভাৰতত থাকিলে তেওঁ মন্দিৰলৈ যায়। মন্দিৰে প্ৰদান কৰা প্ৰশান্তি আৰু ইয়াৰ প্ৰতীকি সৌন্দৰ্যত তেওঁ আপ্লুত হৈ পৰে।[29] দৈনিক প্ৰাৰ্থনাই তেওঁৰ মনক এক উচ্চ স্তৰলৈ লৈ যায় আৰু তেওঁক দবা খেলত ভালদৰে মনোনিৱেশ কৰাত সহায় কৰে।[29]

২০১০ চনৰ আগষ্ট মাহত আনন্দে ভাৰতৰ নামী ক্ৰীড়াবিদ আৰু সম্ভাৱ্য যুৱ প্ৰতিভাক প্ৰচাৰ আৰু সমৰ্থন কৰা অলিম্পিক গোল্ড কুৱেষ্ট নামৰ এটা সংস্থাৰ পৰিচালনা সমিতিত যোগদান কৰে।[30][31][32] ২০১০ চনৰ ২৪ ডিচেম্বৰত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ খেলপথাৰত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে, য'ত ২০,৪৮৬ গৰাকী খেলুৱৈয়ে একেলগে দবা খেলাৰ এক নতুন বিশ্ব অভিলেখ সৃষ্টি কৰে।[33][34]

তেওঁৰ চখ হৈছে পঢ়া, সাঁতোৰ আৰু সংগীত শুনা।[24]

বিশ্বৰ দবা জগতত আনন্দ এজন জনপ্ৰিয় ব্যক্তি। প্ৰমাণ স্বৰূপে উল্লেখ কৰিব পাৰি যে আনন্দৰ একালৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিদ্বন্দ্বী কাছপাৰভ, ক্ৰামনিক আৰু কাৰ্লচেনে তেওঁক ২০১০ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ প্ৰস্তুতিত সহায় কৰিছিল।[35][36]  আনন্দক "মাদ্ৰাজৰ বাঘ" বুলিও জনা যায়।[37]

২০১০ চনৰ ৭ নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ বাবে আয়োজন কৰা নৈশ-ভোজত আনন্দ একমাত্ৰ নিমন্ত্ৰিত ক্ৰীড়াবিদ আছিল।[38][39]২০১৫ চনৰ ২৬ মে'ত আনন্দৰ মাতৃৰ ৭৯ বছৰ বয়সত মৃত্যু হয়।[40] ২০২১ চনৰ ১৫ এপ্ৰিলত আনন্দৰ পিতৃৰ ৯২ বছৰ বয়সত মৃত্যু হয়।[41]

অন্যান্য ফলাফল

সম্পাদনা কৰক

আনন্দে মেইঞ্জ চেছ ক্লাছিক (ই ২১ নং শ্ৰেণীৰ প্ৰতিযোগিতা) অভিলেখসংখ্যক ১১ বাৰ জয় কৰিছে। ২০০৮ চনত তেওঁ এই প্ৰতিযোগিতাৰ ১১ সংখ্যক খিতাপ দখলৰ পথত কাৰ্লচেনক পৰাস্ত কৰে।[42]


ক’ৰাছ দবা প্ৰতিযোগিতাৰ পাঁচটা খিতাপ দখল কৰা প্ৰথমজন খেলুৱৈ আনন্দ। তেওঁ সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ তিনিখন ছুপাৰটুৰ্ণামেণ্টৰ প্ৰতিখনতে জয়ী হোৱা প্ৰথমজন খেলুৱৈ : ক’ৰাছ (১৯৮৯, ১৯৯৮, ২০০৩, ২০০৪, ২০০৬), লিনাৰেছ (১৯৯৮, ২০০৭, ২০০৮), আৰু ডৰ্টমুণ্ড (১৯৯৬, ২০০০, ২০০৪)।

বাৰ্ষিক মেলোডি এম্বাৰ টুৰ্ণামেণ্টত আনন্দৰ গগনচুম্বী অভিলেখ আছে (২টা পৃথক আৰু অনন্য ব্লাইণ্ডফল্ড আৰু ৰেপিড চেছ ছুপাৰটুৰ্ণামেণ্ট খেলা)। ইয়াত তেওঁৰ সামগ্ৰিক পুৰস্কাৰ আছে (১৯৯৪, ১৯৯৭, ২০০৩, ২০০৫, আৰু ২০০৬ চনত জয়ী), আৰু সৰ্বাধিক ৯ বাৰ "ৰেপিডপ্লে" খিতাপ আছে। ইয়াৰ উপৰিও একে বছৰতে (দুবাৰকৈ, ১৯৯৭ আৰু ২০০৫ চনত) প্ৰতিযোগিতাখনৰ অন্ধ আৰু দ্ৰুত শাখাত জয়ী হোৱা আনন্দ হৈছে একমাত্ৰ খেলুৱৈ।

১৯৯৮ চনত কাছপাৰভে এডভান্স চেছ নামৰ এক ধৰণৰ দবাখেল প্ৰৱৰ্তন কৰে। ইয়াত খেলুৱৈসকলে চাল গণনা কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে। আনন্দে স্পেইনৰ লিঅ'নত অনুষ্ঠিত তিনিখন এডভান্সড চেছ প্ৰতিযোগিতাত একেৰাহে জয়লাভ কৰে আৰু তেওঁক বিশ্বৰ শ্ৰেষ্ঠ এডভান্সড চেছ খেলুৱৈ হিচাপে বহুলভাৱে স্বীকৃতি দিয়া হয়।[43]


আনন্দৰ সংকলন মাই বেষ্ট গেমছ অৱ চেছ ১৯৯৮ চনত প্ৰকাশ পায় আৰু ২০০১ চনত পুনৰ্যোজন কৰা হয়।তেওঁৰ ব্যক্তিগত প্ৰতিযোগিতাৰ সফলতাৰ ভিতৰত ২০০৬ চনত ক'ৰাছ দবা প্ৰতিযোগিতা (ট'পালভৰ সৈতে যুটীয়াকৈ), ২০০৪ চনত ডৰ্টমুণ্ড, আৰু ২০০৭ আৰু ২০০৮ চনত লিনাৰেছ অন্যতম। ২০০৭ চনত তেওঁ গ্ৰেংকেলিছিং ৰেপিড প্ৰতিযোগিতাত লেভন এৰ'নিয়ানক পৰাস্ত কৰি দশমবাৰৰ বাবে বিজয়ীৰ সন্মান অৰ্জন কৰে।[44] ইয়াৰ মাত্ৰ কেইদিনমান আগেয়ে আৰোনিয়ানে চেছ৯৬০ৰ চূড়ান্ত খেলত আনন্দক পৰাস্ত কৰিছিল।[45]

২০০৭ চনৰ মাৰ্চ মাহত আনন্দ লিনাৰেছ দবা প্ৰতিযোগিতাত বিজয়ী হয় আৰু ২০০৭ চনৰ এপ্ৰিল মাহৰ ফিদেৰ ৰেটিং তালিকাত তেওঁ বিশ্বৰ ১ নং স্থান লাভ কৰিব বুলি ভবা হৈছিল। কিন্তু প্ৰকাশ পোৱা প্ৰাৰম্ভিক তালিকাত লিনাৰেছৰ ফলাফল অন্তৰ্ভুক্ত কৰা হোৱা নাছিল বাবে আনন্দ আছিল দ্বিতীয় স্থানত। তাৰ পিছত ফিডেই ঘোষণা কৰে যে লিনাৰেছৰ ফলাফল অন্তৰ্ভুক্ত কৰা হ'ব।[46] ফলত আনন্দে ২০০৭ চনৰ এপ্ৰিল মাহৰ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে।[47]




তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "'I start off playing for India. And that's it.Beyond that, the game just takes over'". Indian Express. 1 January 2004. http://archive.indianexpress.com/storyOld.php?storyId=38320&pn। আহৰণ কৰা হৈছে: 6 August 2020. 
  2. "V. Anand". Chess games. https://www.chessgames.com/player/viswanathan_anand.html। আহৰণ কৰা হৈছে: 29 December 2019. 
  3. "Viswanathan Anand returns to chess World Cup after 15 years, eyes Candidate spot" (en ভাষাত). Hindustan Times. 2017-09-02. https://www.hindustantimes.com/other-sports/viswanathan-anand-returns-to-chess-world-cup-after-15-years-eyes-candidate-spot/story-KDw0kDyGlCOUJWzvdYWsFL.html। আহৰণ কৰা হৈছে: 2024-04-24. 
  4. "Anand's FIDE rating chart". https://ratings.fide.com/profile/5000017/chart। আহৰণ কৰা হৈছে: 3 January 2020. 
  5. "Russian former deputy PM Dvorkovich re-elected chess federation president". Reuters. 7 August 2022. https://www.reuters.com/lifestyle/sports/chess-russian-former-deputy-pm-dvorkovich-re-elected-fide-president-2022-08-07/. 
  6. "Anand elected Fide vice-president, Arkady wins second term". The Indian Express. 7 August 2022. https://indianexpress.com/article/sports/chess/anand-elected-fide-vice-president-arkady-wins-second-term-8076221/. 
  7. "Ананд сохраняет титул". FIDE. Archived from the original on June 2, 2012. https://web.archive.org/web/20120602012501/http://moscow2012.fide.com/en/main/11-news/408-news-final। আহৰণ কৰা হৈছে: September 25, 2024. 
  8. "Candidates' R13: Anand Draws, Clinches Rematch with Carlsen". Archived from the original on 11 January 2015. https://web.archive.org/web/20150111220728/http://www.chessvibes.com/candidates%E2%80%99-r13-anand-draws-clinches-rematch-with-carlsen। আহৰণ কৰা হৈছে: 14 December 2018. 
  9. "All time Top 100 Ranklist by Highest ELO Rating". chess-db.com. Archived from the original on 6 March 2014. https://web.archive.org/web/20140306180116/http://chess-db.com/public/top100alltime.jsp। আহৰণ কৰা হৈছে: 18 July 2015. 
  10. "Viswanathan Anand: The Lightning Kid". 31 May 2012. https://www.hindustantimes.com/india/viswanathan-anand-the-lightning-kid/story-Yz7RlhmPIec7KwAHo3BICO.html। আহৰণ কৰা হৈছে: 29 December 2019. 
  11. "Lightning kid". 10 April 2008. https://www.indiatoday.in/magazine/cover-story/story/20080421-lightning-kid-735953-2008-04-10। আহৰণ কৰা হৈছে: 29 December 2019. 
  12. "Outlook India: Anand world's best rapid chess player". Outlook India (Panaji, India). 21 August 2006. https://www.outlookindia.com/newswire/story/anand-worlds-best-rapid-chess-player-salgaocar/408342. 
  13. "London Speaker Bureau: Viswanathan Anand's biography". London Speakers Bureau (London, England). 5 November 2012. https://londonspeakerbureau.com/us/speaker-profile/viswanathan-anand/. 
  14. "Viswanathan Anand wins World Rapid Chess Championship; watch his crowning moment". The Indian Express (Riyadh, Saudi Arabia). 29 December 2017. https://indianexpress.com/article/sports/sport-others/viswanathan-anand-wins-world-rapid-chess-championship-5003271/. 
  15. "Vishy Anand Strikes At Warsaw: Rapid King Also Blitz King". Archived from the original on 24 April 2001. https://web.archive.org/web/20010424165718/http://www.chess-mate.com/warsaw.htm। আহৰণ কৰা হৈছে: 25 September 2024. 
  16. "Anand ambassador of WWF India". ChessBase India. 21 April 2020. https://en.chessbase.com/post/anand-ambassador-of-wwf-india. 
  17. "Viswanathan Anand: Who is he?". India Today. 31 May 2012. http://indiatoday.intoday.in/story/viswanathan-anand-who-is-he/1/198415.html। আহৰণ কৰা হৈছে: 1 December 2014. 
  18. Omar, Paurush (7 August 2022). "Grandmaster Viswanathan Anand elected as the deputy president of FIDE". Mint. https://www.livemint.com/news/india/grandmaster-viswanathan-anand-elected-as-the-deputy-president-of-fide-11659861360574.html। আহৰণ কৰা হৈছে: 7 August 2022. 
  19. "Viswanathan Anand: Who is he?" (en ভাষাত). India Today. 31 May 2012. https://www.indiatoday.in/sports/story/viswanathan-anand-who-is-he-104005-2012-05-30। আহৰণ কৰা হৈছে: 2023-08-25. 
  20. "Vishy Anand: 'Chess is like acting'" (en ভাষাত). Chess News. 2008-10-01. https://en.chessbase.com/post/vishy-anand-che-is-like-acting-। আহৰণ কৰা হৈছে: 2023-08-25. 
  21. "Vishy Anand: 'Chess is like acting'" (en ভাষাত). Chess News. 2008-10-01. https://en.chessbase.com/post/vishy-anand-che-is-like-acting-। আহৰণ কৰা হৈছে: 2023-08-25. 
  22. Ninan, Susan (28 May 2015). "Super mom who shaped Anand's career no more". The Times of India. https://timesofindia.indiatimes.com/city/chennai/Super-mom-who-shaped-Anands-career-no-more/articleshow/47450780.cms। আহৰণ কৰা হৈছে: 7 November 2018. 
  23. "A Tamil entertainment ezine presenting interesting contents and useful services". Nilacharal. 11 December 1969. http://www.nilacharal.com/enter/celeb/vishy.html। আহৰণ কৰা হৈছে: 31 May 2010. 
  24. 24.0 24.1 "Long Story Short with Leslie Wilcox: Viswanathan Anand". PBS Hawai‘i. 15 September 2014. https://www.pbshawaii.org/long-story-short-with-leslie-wilcox-viswanathan-anand/। আহৰণ কৰা হৈছে: 29 April 2018. 
  25. "Long Story Short with Leslie Wilcox: Viswanathan Anand". PBS Hawai‘i. 15 September 2014. https://www.pbshawaii.org/long-story-short-with-leslie-wilcox-viswanathan-anand/। আহৰণ কৰা হৈছে: 29 April 2018. 
  26. Muthalaly, Susan (25 May 2007). "Don Bosco 'boys' reminisce about their good old days". The Hindu (Chennai, India). Archived from the original on 27 May 2007. https://web.archive.org/web/20070527141754/http://www.hindu.com/2007/05/25/stories/2007052502690200.htm. 
  27. "Vishwanathan Anand: The King of 64 Squares". MSN. 12 August 2009. Archived from the original on 27 March 2014. https://web.archive.org/web/20140327184738/http://news.in.msn.com/National/independenceday09/article.aspx?cp-documentid=3131565&page=2। আহৰণ কৰা হৈছে: 2 June 2012. 
  28. "Aruna and Anand have a baby boy". ChessBase. 14 April 2011. https://en.chessbase.com/post/aruna-and-anand-have-a-baby-boy/9। আহৰণ কৰা হৈছে: 29 April 2018. 
  29. "Anand number one in the news". 4 April 2021. https://en.chessbase.com/post/anand-number-one-in-the-news/584। আহৰণ কৰা হৈছে: 4 April 2021. 
  30. "Chess News – NYT: India swoons over its chess champ". ChessBase. 10 August 2010. http://www.chessbase.com/newsdetail.asp?newsid=6592। আহৰণ কৰা হৈছে: 11 November 2010. 
  31. "Vishwanathan Anand joins Olympic Gold Quest". Hindustan Times. 6 August 2010. Archived from the original on 27 September 2011. https://web.archive.org/web/20110927015224/http://www.hindustantimes.com/Vishwanathan-Anand-joins-Olympic-Gold-Quest/Article1-583158.aspx। আহৰণ কৰা হৈছে: 11 November 2010. 
  32. "Anand joins board of Olympic Gold Quest". Rediff.com. 7 August 2010. http://sports.rediff.com/report/2010/aug/07/anand-joins-board-of-olympic-gold-quest.htm। আহৰণ কৰা হৈছে: 11 November 2010. 
  33. "Chess News – NYT: India swoons over its chess champ". ChessBase. 10 August 2010. http://www.chessbase.com/newsdetail.asp?newsid=6592। আহৰণ কৰা হৈছে: 11 November 2010. 
  34. "Anand at Ahmedabad for Chess world record". IndiaVoice. 25 December 2010. Archived from the original on 21 July 2011. https://web.archive.org/web/20110721210437/http://blog.indiavoice.info/2010/12/ahmedabad-in-guinness-for-new-chess.html। আহৰণ কৰা হৈছে: 25 December 2010. 
  35. "Chess News – Anand in Playchess – the helpers in Sofia". ChessBase. 19 May 2010. http://www.chessbase.com/newsdetail.asp?newsid=6346। আহৰণ কৰা হৈছে: 19 May 2010. 
  36. "Kasparov, Kramnik came to Viswanathan Anand's aid". The Times of India. 20 May 2010. Archived from the original on 11 August 2011. https://web.archive.org/web/20110811065828/http://articles.timesofindia.indiatimes.com/2010-05-20/chess/28298541_1_vladimir-kramnik-anand-topalov-rustam-kasimdzhanov. 
  37. Moore, Matthew (30 October 2008). "Chess world title: Viswanathan Anand beats Vladimir Kramnik". The Daily Telegraph (London). https://www.telegraph.co.uk/news/worldnews/asia/india/3282237/Chess-world-title-Viswanathan-Anand-beats-Vladimir-Kramnik.html. 
  38. "Obamas meet India's high and mighty". Rediff.com. 8 November 2010. http://www.rediff.com/news/report/obama-visit-pm-hosts-private-dinner-for-obamas/20101107.htm। আহৰণ কৰা হৈছে: 13 October 2011. 
  39. "Viswanathan Anand's Mother Sushila Passes Away | Chess News". NDTVSports.com. https://sports.ndtv.com/chess/viswanathan-anand-s-mother-sushila-passes-away-1499823। আহৰণ কৰা হৈছে: 2022-07-20. 
  40. "Viswanathan Anand's Mother Sushila Passes Away | Chess News". NDTVSports.com. https://sports.ndtv.com/chess/viswanathan-anand-s-mother-sushila-passes-away-1499823। আহৰণ কৰা হৈছে: 2022-07-20. 
  41. "Viswanathan Anand's father dies". 15 April 2021. https://indianexpress.com/article/sports/chess/viswanathan-anands-father-dies-7274546/। আহৰণ কৰা হৈছে: 15 April 2021. 
  42. Chessvine article, "Vishy Anand and Magnus Carlsen" Archived 8 July 2011 at the Wayback Machine
  43. "Advanced Chess matches". https://www.chessgames.com/perl/chesscollection?cid=1017919। আহৰণ কৰা হৈছে: 17 February 2022. 
  44. Fischer, Johannes (20 August 2007). "Mainz 2007 – Anand wins Rapid Final". ChessBase. http://www.chessbase.com/newsdetail.asp?newsid=4061। আহৰণ কৰা হৈছে: 13 October 2011. 
  45. "Mainz 2007 – Aronian wins Chess960 world championship". ChessBase. 17 August 2007. http://www.chessbase.com/newsdetail.asp?newsid=4056। আহৰণ কৰা হৈছে: 13 October 2011. 
  46. ChessBase Archived 5 April 2007 at the Wayback Machine. Retrieved 15 April 2007.
  47. ChessBase Archived 5 April 2007 at the Wayback Machine. Retrieved 15 April 2007.