বিশ্ব পশু চিকিৎসা দিৱস প্ৰতি বছৰে এপ্ৰিলৰ শেষৰটো শনিবাৰে পালন কৰা হয়।২০০০চনত বিশ্ব পশু চিকিৎসা সংঘই এই দিৱসৰ আৰম্ভণি কৰিছিল আৰু ২০০১চনৰ পৰা পালন কৰা হৈছিল।এই দিৱসৰ মূল উদ্দেশ্য হৈছে পশু চিকিৎসা বৃত্তিটোক সমগ্ৰ বিশ্বত আগবঢ়াই নিয়াৰ লগতে পশুপালকসকলক বিভিন্ন বিষয়ত সজাগ কৰা[1]।দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে পশুপালনৰ লগত জড়িত বা জীৱ-জন্তুৰ হিতকাৰী হোৱাকৈ এটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হয় আৰু সেই বিষয়বস্তুটো সকলোতে প্ৰচাৰ কৰা হয়।সেই দিনটোত পশু চিকিৎসা প্ৰতিষ্ঠান, পশু চিকিৎসা শিক্ষানুষ্ঠান, পশু চিকিৎসাৰ সৈতে জড়িত স্বেচ্ছাসেৱী সংগঠনসমূহে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।তদুপৰি বিশ্ব পশু চিকিৎসা সংঘৰ দ্বাৰা পশু চিকিৎসা ক্ষেত্ৰখনত নিৰলসভাৱে ব্ৰতী হৈ থকা ব্যক্তি বা সংগঠনক পুৰস্কৃত কৰা হয়[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "World Veterinary Day". Archived from the original on 2019-05-01. https://web.archive.org/web/20190501130542/https://worldveterinaryday.com/world-veterinary-day-2019/। আহৰণ কৰা হৈছে: 1 মে' 2019. 
  2. "WORLD VETERINARY DAY AWARD 2019". http://www.worldvet.org/news.php?item=406। আহৰণ কৰা হৈছে: 1 মে' 2019.