বিশ্ব পৰ্যটন দিৱস
বিশ্ব পৰ্যটন দিৱস (ইংৰাজী: World Tourism Day) ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে।
বিশ্ব পৰ্যটন দিৱস | |
---|---|
পালন কৰে | বিশ্বব্যাপী |
প্ৰকাৰ | পৰ্যটন |
মহত্ব | আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ আগত সেতুবন্ধন |
তাৰিখ | ২৭ ছেপ্টেম্বৰ |
আচাৰ | সভা, আলোচনা অনুষ্ঠান, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান, শোভাযাত্ৰা, পোষ্টাৰ |
এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা। তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।
ইতিহাস
সম্পাদনা কৰকদ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ সম্প্ৰসাৰণৰ ফলশ্ৰুতিত বিশ্বব্যাপী পৰ্যটন ব্যৱসায়ৰ প্ৰসাৰ ঘটে। এই অৱস্থাত পৰ্যটনৰ লগত জড়িত সংশ্লিষ্ট বিভিন্ন প্ৰতিষ্ঠান, ব্যক্তি আৰু উপভোক্তা শ্ৰেণীৰ সমন্বয়ত আন্তজাৰ্তিক ভ্ৰমণবিষয়ক সংস্থা গঢ়ি উঠে। এই সংস্থাটোৱে বিশ্বব্যাপী পৰ্যটনৰ ব্যৱস্থাৰ উন্নয়ন আৰু প্ৰসাৰৰ মাধ্যমত বিভিন্ন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাজহ সংগ্ৰহত বিশেষ অৱদান আগবঢ়োৱা বাবে পৰৱৰ্তী কালত ই ৰাষ্ট্ৰসংঘৰ বিশেষায়িত প্ৰতিষ্ঠানৰূপে যুক্ত হয়। সংস্থাটোৰ কাৰ্যক্ৰম আৰু অধিক ফলপ্ৰসূ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া সন্মিলনৰ সময়ত এই সংস্থাৰ সদস্যভূক্ত দেশসমূহত বিভিন্ন বিষয় লৈ বিশদ আলোচনা-পৰ্যালোচনাৰ মাধ্যমত কৰণীয় স্থিৰ কৰা হয়।
১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে সংস্থাটোৰ বাৰ্ষিক সন্মিলনত ইয়াৰ নাম, লক্ষ্য, উদ্দেশ্য পুণঃমূল্যায়ণ আৰু নিৰ্ধাৰণ কৰা হয়। তেতিয়াৰ পৰা এই সংস্থাৰ নাম "বিশ্ব পৰ্যটন সংস্থা" হিচাপে সদস্যসকলে ঐকমতেৰে প্ৰতিষ্ঠিত হয়। ইয়াৰ কাৰ্যকাল ১৯৭৪ চনৰ পৰা আৰম্ভ হয়। ১৯৮০ চনৰ বাৰ্ষিক অধিৱেশনত, এই সংস্থাৰ গঠনৰ দিন অৰ্থাৎ ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পৰ্যটন দিৱস পালনৰ বিষয়ে ঐকমত প্ৰতিষ্ঠিত হয়। পৰৱৰ্তী কালত, ১৯৯৭ চনত তুৰস্কত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত এখন স্বাগতিক দেশ(Host Country) নিৰ্বাচনৰ মাধ্যমত বিশ্ব পৰ্যটন দিৱস পালনৰ বাবে একমতত প্ৰতিষ্ঠিত হয়।
লগতে চাওক
সম্পাদনা কৰকবহিঃসংযোগ
সম্পাদনা কৰক- World Tourism Day[সংযোগবিহীন উৎস]
- About World Tourism Day Archived 2014-06-23 at the Wayback Machine
- World Tourism Day Greetings and Messages,SMS Collection Archived 2012-09-30 at the Wayback Machine