বিষণ্ণতা (ইংৰাজী:BIKHANNOTA) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। প্ৰথমবাৰ ২০০২ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা বিষণ্ণতা কিতাপখন প্ৰকাশ হৈছিল। [1]

লেখকৰ পৰিচয় সম্পাদনা কৰক

১৯৩২ চনত হোমেন বৰগোহাঞি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়। [১] আৰু মৃত্যু হয় ১২ মে' ২০২১ চনত। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য একাডেমি বঁটাৰে সন্মানিত হয়। [২] বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওঁধান খায়' ৰ কাহিনী ভিত্তিক জাহ্ন বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখন ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। [2]

বিৱৰণি সম্পাদনা কৰক

বিষন্নতা কিতাপ খন প্ৰথম প্ৰকাশ পাইছিল ২০০২ চনৰ নৱেম্বৰ মাহত। কিতাপখনত ১১৭ পৃষ্ঠা আছে। [3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Sahitya Akademi official website
  2. Sahitya Akademi Official Website
  3. বিষন্নতা, হোমেন বৰগোহাঞি, সপ্তম সংস্কৰণ,জানুৱাৰী,২০১৯