দিঘেলী, নলবাৰী, অসম।

বিষহৰি থানৰ প্ৰতিষ্ঠাৰ সময়ৰ শুংসূত্ৰ বিচাৰ :

অসমৰ অনেক মন্দিৰ, দেৱালয় আদিৰসৰ্বশেষ তথ্য লাভ কৰাৰ বাবে তামৰ ফলি, দেৱোত্তৰ ব্ৰহ্মোত্তৰ আদি মাটি দানৰ তথ্য লাভ কৰা যায়। আহোমৰ শাসন কালৰ আৰু প্ৰাক্‌ আহোম কালৰো এনেবোৰ তথ্য লাভ কৰা হৈছে। কিন্তু দীঘেলী বিষহৰি থানৰ ক্ষেত্ৰত এনে কোনো তথ্য থকাৰ কথা জনা নাযায়। ফলত এই থানখনৰ জন্মবৃত্তান্ত জানিবলৈ কোনো মসৃণ পথ নাই। অন্যান্য কিছুমান শুংসূত্ৰৰ আলম লৈ এই থানখনৰ স্থাপনৰ সময়, ইয়াৰ পূজা-ব্যৱস্থা আৰু অন্যান্য বিষয়বোৰ সম্পৰ্কে অনুমান কৰিব পৰা যায়। ইতিহাসৰ পাত লুটিয়াই আনিব পৰা যায়। যে কামৰূপৰ জমীদাৰ বা ৰজা হৰদত্তই শাসন কৰা ৰাজ্যাঞ্চলৰ ভিতৰত দীঘেলী গাঁওখনো অন্তৰ্ভুক্ত আছিল। ড প্ৰমোদ ভট্টাচাৰ্য্যই উল্লেখ কৰিছে যে ১৯৪২ চনত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, শিক্ষাবিদ প্ৰভাত চন্দ্ৰ গোস্বামীয়ে দীঘলী গাঁওখনে আহোমৰ ৰাজত্বৰ শেষ ফালে নগৰ সদৃশ ৰূপ ধাৰণ কৰিছিল বুলি মন্তব্য কৰিছিল। উল্লেখযোগ্য যে দীঘেলীত সংস্কৃত শিক্ষাৰ বিস্তাৰ সৰ্বজনবিদিত। এই অঞ্চলত সংস্কৃত শিক্ষাৰে সু-শিক্ষিত পণ্ডিতৰ অভাৱ নাছিল। আনহাতে ইয়াত প্ৰতিষ্ঠা লাভ কৰা বিষহৰি ধানখনেও গাঁওখনৰ সৌষ্ঠৱ বঢ়াইছিল। এনে ধৰণৰ সৌষ্ঠৱ উপলব্ধি কৰিয়েই সম্ভৱতঃ হৰদত্ত ৰজাই দীঘেলীত তেওঁৰ জীয়ৰী আই পদুম কুঁৱৰীৰ নামত এটা ডাঙৰ পুখুৰী খান্দি দিছিল। আজিও বিষহৰি থানৰ কাষত এই বৃহৎ পুখুৰীটো 'পদুম কুঁৱৰী পুখুৰী নামেৰেই বিখ্যাত হৈ আছে। এই পুখুৰী দানৰ ঘটনাটোৰ পৰা এটা কথা প্ৰতীয়মান হয় যে হৰদত্ত ৰজাৰ জীৱন কালত (১৭৪৫-১৮০০ চন) দীঘেলীত বিষহৰি থানখন যথেষ্ট প্ৰভাৱশালী আছিল। ইয়াত যে বিধিপূৰ্বক পূজা-উপাসনা চলিছিল তাৰ অনুমানো আন এটা তথ্যৰ পৰা পাব পাৰি। ড° প্ৰমোদ ভট্টাচাৰ্য্যই উল্লেখ কৰিছে তেখেতৰ আজোককাক চন্দ্ৰ দত্ত উপাধ্যায়ে এই থানত পূজা কৰিছিল। পুৰুষাণুক্ৰমিক বয়সৰ হিচাপ কৰিলে ওলাই যে চন্দ্ৰ দত্ত উপাধ্যায় ৰজা হৰদত্তৰ প্ৰায় সমসাময়িক আছিল। অৰ্থাৎ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই থানখনত কমেও অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা বিধিমতে পূজা-অৰ্চনা চলিছিল।

দীঘেলী গাঁৱৰ প্ৰাচীনত্ব কমতা-কোচ ৰাজত্বৰ লগত জড়িত থকাৰ সম্ভাৱনাও নুই কৰিব মে নোৱাৰি। কোচ ৰজা নৰনাৰায়ণে (১৫০০-৮৭ চন) তেওঁৰ জীৱন কালতেই কোচ ৰাজ্যখন দুই ভাগ কৰি পশ্চিমৰ কোচবিহাৰ অংশটো নিজ পুত্ৰ লক্ষ্মীনাৰায়ণৰ বাবে ৰাখি পূৱৰ কোচ হাজো অঞ্চল চিলাৰায় পুত্ৰ ৰঘুদেৱক প্ৰদান কৰে। বৰনগৰ (আজিকালিৰ সৰভোগ)ৰ পৰা প্ৰায় গুৱাহাটীলৈকে বিস্তৰ অঞ্চলটো ৰঘুদেৱৰ শাসনাধীন হয়। স্বাভাৱিকতে দীঘেলীও কোচ শাসনৰ অন্তৰ্ভুক্ত আছিল। গতিকে নৰনাৰায়ণৰ ৰাজত্বকালৰ পৰা পৰৱৰ্তী সময়ত আহোমে কামৰূপ দখল নকৰালৈকে দীঘেলীতো কোচ শাসন চলিছিল। বিষহৰি থানখন এই কোচ শাসনৰ সময়তেই প্ৰতিষ্ঠা হ'ব পাৰে বুলি অনুমান কৰিবলৈকো অসুবিধা নহয়। কোচ ৰজাসকলৰ শক্তি উপাসনা সৰ্বজনবিদিত। এই সময়ত কামৰূপৰ সৰ্বত্ৰতে শক্তিপূজা বৃদ্ধি পাইছিল। যদি এই ধাৰণাটো সত্য হয় তেনেহ'লে দীঘেলী বিষহৰি থানৰ প্ৰতিষ্ঠা ষোল্ল শতিকাৰ শেষাৰ্দ্ধত হোৱা বুলি অনুমান কৰিব পাৰি।

দীঘেলী বিষহৰি থানৰ প্ৰাচীনত্ব সম্পৰ্কে কোনো সন্দেহ নাই। কিন্তু তাৰ সময় নিৰ্দ্ধাৰণ কৰিবলৈ অধিক তথ্য আহৰণ আৰু অধ্যয়নৰ প্ৰয়োজন আছে। অৱশ্যে কোনো ৰজাঘৰীয়া উদ্যোগত এই থানখন প্ৰতিষ্ঠা হোৱা বুলি ভবাৰ অৱকাশ নাই। সম্ভৱতঃ স্থানীয় লোকৰ উদ্যোগতেই এই থানখন প্ৰতিষ্ঠা হৈছিল ইয়াত এজোপা বটগাছ জন্মিছিল। পৰৱৰ্তী সময়ত এজোপা সিজুগছো প্ৰত্যক্ষ হয়। উল্লেখযোগ্য যে বট আৰু সিজু দুয়োবিধ বৃক্ষই দেৱী বিষহৰিৰ লগত সংযুক্ত। তদুপৰি বটৰ তলত এযোৰ সৰ্পৰ উপস্থিতিৰ কথা আজিও শুনা যায়। এনেবোৰ অলৌকিক সংযোগ মৰ্মে সম্ভৱতঃ বিষহৰি থানখন গঢ়ি উঠিছিল।