বিহুৱান (শিশু আলোচনী)

অসমীয়া শিশু আলোচনী

বিহুৱান অসমীয়া ভাষাৰ এখনি বছৰেকীয়া শিশু আলোচনী৷ ১৯৫০ চনত পাঠশালাৰ পৰা প্ৰকাশিত৷ সম্পাদক আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা৷ এইখন এখন সচিত্ৰ শিশু আলোচনী আছিল৷ আলোচনীখনত মহৎ লোকৰ জীৱনী, লোক-সহিত্য, অসমীয়া সাহিত্যৰ জানিবলগীয়া কথা, ভ্ৰমণ কাহিনী,পুৰাণৰ কথা, বিদেশৰ শিশুৰ কথা, অতীজৰ পশু-পক্ষী, গীত কবিতা, কলা বিষয়ৰ নানা ৰচনা প্ৰকাশ পাইছিল৷ কাৰ্যাধ্যক্ষ আছিল হৰেন্দ্ৰনাথ শৰ্মা আৰু সহকাৰী অম্বিকাপদ চৌধুৰী৷ আলোচনীখন কামৰূপৰ বাণী মন্দিৰৰ পৰা প্ৰকাশ পাইছিল৷[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৭৬.