বিৰিণা
বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; ইংৰাজী: Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ।[2] এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।
বিৰিণা | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Chrysopogon |
প্ৰজাতি: | C. zizanioides |
দ্বৈৰাশিক নামকৰণ | |
Chrysopogon zizanioides (L.) Roberty | |
সমাৰ্থক[1] | |
তালিকা
|
বিস্তৃতি
সম্পাদনা কৰকবিৰিণা নেপাল, ভাৰত, বাংলাদেশ আৰু ভূটানত বহুলভাৱে বিস্তৃত হৈ আছে। এই ঘাঁহে বাৰিষাৰ পানীয়ে পলসুৱা কৰা মাটিত খৰকৈ বৃদ্ধি পাই বৃহৎ অঞ্চল আগুৰি পেলাব পাৰে।
বিৱৰণ
সম্পাদনা কৰকবিৰিণাৰ পাতবোৰ খেৰজাতীয় উদ্ভিদৰ দৰে দীঘল দীঘল হয়। ইয়াৰ থোপাথোপে বগা ৰঙৰ ফুল ফুলে।[2]
ব্যৱহাৰ
সম্পাদনা কৰকবিৰিণাজাতীয় ঘাঁহসমূহ এশিঙীয়া গঁড়ৰ বাবে গুৰুত্বপূৰ্ণ বসতিস্থল। বহু ঠাইৰ এই ঘাঁহ ঘৰৰ ছাল বা বেঁৰা সাজিবলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি আয়ুৰ্বেদতো এই ঘাঁহৰ ব্যৱহাৰ উল্লেখ আছে।[3][4]
তথ্যউৎস
সম্পাদনা কৰক- ↑ "The Plant List: A Working List of All Plant Species". Archived from the original on September 11, 2015. https://web.archive.org/web/20150911010004/http://www.theplantlist.org/tpl1.1/record/kew-405169। আহৰণ কৰা হৈছে: May 8, 2014.
- ↑ 2.0 2.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ "Pankaj Oudhia (2001-3)". Archived from the original on 2012-05-02. https://web.archive.org/web/20120502061205/http://botanical.com/site/column_poudhia/116_janjgir.html। আহৰণ কৰা হৈছে: 2019-06-27.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-12-07. https://web.archive.org/web/20131207013229/http://assamplants.com/All%20Species/Saccharum%20spont.htm। আহৰণ কৰা হৈছে: 2019-06-27.