বি. বিজয়কুমাৰ (ইংৰাজী: B Vijayakumar; জন্ম: ১৯৭৮) একাধাৰে লিখক, অধ্যাপক, সম্পাদক৷ তেখেত জন্মসূত্ৰে তামিলনাডু ৰাজ্যৰ বাসিন্দা যদিও বৰ্তমান কৰ্মসূত্ৰে অসমত আছে৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ তামিল শাখাৰ এজন অধ্যাপক৷ অসম আৰু অসমীয়া ভাষাত তামিল ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে তেওঁ বহুকেইখন অনুবাদমূলক গ্ৰন্থ প্ৰকাশ কৰিছে৷ সেইদৰে অসমীয়া ভাষাৰ বিভিন্ন সাহিত্যৰাজিও তেওঁ তামিল ভাষালৈ অনুবাদ কৰিছে৷ [1]

বি.বিজয়কুমাৰ
জন্ম তামিলনাডু
পেচা অধ্যাপক
ভাষা তামিল ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত তামিল
নাগৰিকত্ব ভাৰতীয়
শিক্ষা তামিল সাহিত্যত স্নাতকোত্তৰ
বিষয় অধ্যাপক, লেখক

জন্ম আৰু বংশ পৰিচয়

সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৯৭৮ চনত নাগাপাট্টিনাম জিলাত৷ পিতৃৰ নাম কে. বালায়ন আৰু মাতৃৰ নাম বি.মানিয়াম্মল৷

  • অন্নামলাই বিশ্ববিদ্যালয়ৰপৰা তামিল ভাষা সাহিত্যত বিষয়ত এম.এ ডিগ্ৰী, ২০০৪ [1]
  • অন্নামলাই বিশ্ববিদ্যালয়ৰপৰা ভাষাতত্ত্ব বিষয়ত এম.এ ডিগ্ৰী, ২০১৩
  • অলাগপ্পা বিশ্ববিদ্যালয়ৰপৰা তামিল ভাষা সাহিত্যত এম.ফিল ডিগ্ৰী, ২০০৬
  • ভাৰতদৰ্শন বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেড ডিগ্ৰী গ্ৰহণ, ২০১০
  • তামিল স্ক্ৰীপ্ট, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬[1]
  • তামিল স্ক্ৰীপ্ট, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৭
  • Recall Vocabulary : Tamil - English - Assamese), ২০১৯[2]
  • A Dictionary of Tamil-English-Assamese, ২০১৭
  • কাৰ বাবে এই ক্ৰন্দন (অনুবাদ, সহযোগী অনামিকা ৰাজবংশী), ২০১৯
  • নিৰ্বাচিত তামিল চুটিগল্প সংগ্ৰহ (অনুবাদ, সহযোগী অনামিকা ৰাজবংশী), ২০২০[3]
  • তামিল ভাষা আৰু সাহিত্য পৰিচয়, ২০২০[4]

বঁটা আৰু সন্মান

সম্পাদনা কৰক
  • হায়াৰচেকেণ্ডৰী পৰীক্ষাত তামিলনাডুৰ ভিতৰতে তৃতীয় নম্বৰত উত্তীৰ্ণ হোৱাত তামিল চৰকাৰৰ পৰা সোণৰ পদক লাভ, ১৯৯৫
  • তামিল চুদৰ বঁটা, থিৰুক্কুৰল এচচিয়েশ্যনৰপৰা, ২০১২
  • ডক্টৰ ৰাধাকৃষ্ণন বঁটা, পুডুভাই তামিল সঙ্গম আৰু কুমাৰচময় মিনা কলেজৰপৰা, ২০১৯
  • ইয়ং স্কলাৰ এৱাৰ্ড, ২০২০ [1]


তথ্যসূত্ৰ

সম্পাদনা কৰক