বি. বিজয়ালাক্ষ্মী (১৯৫২ –১২ মে', ১৯৮৫) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সত্ত্বেও তেখেতৰ বৈজ্ঞানিক অনুসন্ধিৎসা আৰু জিজ্ঞাসু মানসিকতাৰ হীনদেঢ়ি ঘটা নাছিল। সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনতো এসময়ত সক্ৰিয় হৈ উঠা বিজয়ালক্ষ্মীয়ে ১৯৭৮ চনত "আপেক্ষিকতাশূন্য কোৱাণ্টাম বলবিদ্যাত ঘূৰ্ণীয়মান কণিকাৰ বিশিষ্টতা" (characterizing a spinning particle in non-relativistic quantum mechanics.) উদঘাটন কৰিবলৈ অধ্যয়ন আৰম্ভ কৰিছিল।[1]

বি. বিজয়ালক্ষ্মী

বি. বিজয়ালক্ষ্মী
জন্ম ১৯৫২
মৃত্যু ১২ মে', ১৯৮৫
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
শিক্ষানুষ্ঠান সীতালক্ষ্মী কলেজ, মাদ্ৰাছ বিশ্ববিদ্যালয়
দাম্পত্যসঙ্গী টি. জয়াৰাম

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

বিজয়ালক্ষ্মীৰ জন্ম হৈছিল এটা ৰক্ষণশীল পৰিয়ালত। তিৰুচিপল্লীত থকা সীতালক্ষ্মী ৰামাস্বামী কলেজৰ পৰা তেখেতে ১৯৭৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ বিভাগত যোগদান কৰে।[2][3][4] ১৯৮২ চনত তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তাৰপিছত তেখেতৰ সাক্ষাৎ হয় টি. জয়াৰামৰ লগত। খুব কম দিনৰ ভিতৰতে দুয়ো বিবাহপাশত আবদ্ধ হয়।[3][4]

কৰ্মজীৱন

সম্পাদনা কৰক

বি. বিজয়ালক্ষ্মীয়ে আপেক্ষিকতাবাদৰ লগত জড়িত কেতবোৰ সমীকৰণ সম্বন্ধে অধ্যয়ন কৰিছিল, যিবোৰ সমীকৰণে বিদ্যুৎ-চুম্বকীয় আৰু মাধ্যকাৰ্ষণিক ক্ষেত্ৰত উচ্চ ঘূৰ্ণনৰ লগত নিহিত হৈ থাকে। সেইবোৰতকৈও উচ্চতৰ ঘূৰ্ণন তত্ত্ব উদ্ভাৱন কৰিব পাৰি নেকি-এই বিষয়ে তেখেতে অন্বেষণ কৰিছিল। কিছু দিনৰ পিছতেই তেখেতে আপেক্ষিকতাহীন কোৱাণ্টাম বলবিদ্যা ঘূৰ্ণীয়মান কণিকা সম্বন্ধে কাম কৰিছিল। ১৯৭৮ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষক পণ্ডিতৰ এটা বিশেষ সংঘৰ গঠন কৰা হৈছিল। এইটো সংঘ স্থাপন কৰাত বিজয়ালক্ষ্মীৰো অৱদান আছিল।[3][4] ১৯৮০ চনত কোচীৰ বিশ্ববিদ্যালয়ত পাৰমাণৱিক শক্তি বিভাগে আয়োজন কৰা "দ্বি-বাৰ্ষিক উচ্চশক্তিসম্পন্ন পদাৰ্থ বিজ্ঞানৰ সভা"ত (biannual High Energy Physics Symposium)ত তেখেতে বক্তৃতা প্ৰদান কৰে। ইয়াৰ পিছতেই তেখেতৰ সমাদৰ আৰু সন্মান বাঢ়ে। লগতে তেখেতে কৰি থকা গৱেষণা আৰু অধ্যয়নাইও বিশেষ মৰ্যাদা পায়। দুৰ্ভাগ্যজনকভাৱে ইয়াৰ কিছুদিনৰ পিছতেই তেখেতৰ দেহ ভাগি পৰে আৰু তেখেত কৰ্কট ৰোগত আক্ৰান্ত হয়। তৎসত্ত্বেও বিজয়ালক্ষ্মীৰ উদ্যম কমি যোৱা নাছিল আৰু অসুস্থ দেহাৰেই তেখেতে পাঁচখন গৱেষণাপত্ৰ প্ৰকাশ কৰোৱাইছিল। এইকেইখন গৱেষণাপত্ৰত বাহ্যিক ক্ষেত্ৰত আপেক্ষিকতাবাদী তৰংগৰ বিষয়ে আলোকপাত কৰা হৈছিল। তাৰলগতে এইকেইখন গৱেষণাপত্ৰৰ জৰিয়তে তেখেতে ডক্তৰেট ডিগ্ৰীৰ আৱশ্যকীয়তাও পূৰ কৰিছিল। উল্লেখযোগ্য যে, আপেক্ষিকতাবাদী সমীকৰণৰ লগত জড়িত এই গৱেষণাৰ বিষয়বস্তুটো বিজ্ঞান মহলৰ ইয়াৰ পূৰ্বে দৃষ্টিগোচৰ হোৱা নাছিল। দুবছৰতকৈও অধিক সময় ধৰি বিজয়ালক্ষ্মীয়ে আপেক্ষিকতাবাদী সমীকৰণক বিভিন্ন দিশৰ পৰা গৱেষণা কৰিছিল।[4][2]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৯৭৮ চনত বিজয়ালক্ষ্মীয়ে বৈবাহিক জীৱন আৰম্ভ কৰে। বিবাহৰ পাছতেই ক্ৰমাৎ তেখেতে বাওঁপন্থী চিন্তাৰ প্ৰতি আকৰ্ষিত হয় আৰু ধৰ্মীয় বিশ্বাসো "নাস্তিকতাবাদ"ৰ ফালে আগবাঢ়ে। কোৱাণ্টাম বলবিদ্যাৰ পঢ়া-শুনা কৰি থকাৰ সময়তে তেখেত কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু পৰৱৰ্তী সময়ত তেখেত হুইল চেয়াৰৰ সহায় ল'ব লগা হয়। তেনেকৈয়ে তেখেতে নিজৰ বৈজ্ঞানিক কৰ্ম অব্যাহত ৰাখে।[3][4]

স্বীকৃতি

সম্পাদনা কৰক

শশী কুমাৰে তেখেতৰ জীৱন আৰু দৰ্শনক লৈ "বিজয়ালক্ষ্মী: দ্য ষ্ট'ৰি অৱ এ ইয়ং অ'মেন উইথ কেন্সাৰ" শীৰ্ষক তথ্যচিত্ৰ এখন প্ৰস্তুত কৰে।[5]

১৯৮৫ চনৰ ১২ মে'ত বিজয়ালক্ষ্মীৰ মৃত্যু হয়।[3][4]

তথ্যসংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক