বীনা দেৱী

(বীণা দেৱীৰ পৰা পুনঃনিৰ্দেশিত)

বীনা দেৱী (জন্ম গ. ১৯৭৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা। তেওঁ কাঠফুলাৰ খেতিৰ জৰিয়তে মহিলাসকলক ব্যৱসায়ী মহিলা হিচাপে স্বনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰাৰ বাবে জনাজাত।[1] কাঠফুলাৰ খেতিক জনপ্ৰিয় কৰাৰ বাবে 'কাঠফুলা নাৰী' নামেৰে অভিহিত বীনা দেৱীয়ে ভাৰত চৰকাৰৰ সৰ্বোচ্ছ নাৰী সন্মান নৰী শক্তি পুৰস্কাৰ লাভ কৰে আৰু পাঁচ বছৰৰ বাবে টেটিয়াবাম্বাৰ খণ্ডৰ ধৌৰী পঞ্চায়তৰ চৰপঞ্চ হিচাপে নিযুক্ত হয়। তেওঁ কৃষকসকলক কাঠফুলা আৰু জৈৱিক কৃষি, কেছুসাৰ উৎপাদন আৰু জৈৱিক কীটনাশক প্ৰস্তুতকৰাৰ প্ৰশিক্ষণ দিছে।

বীনা দেৱী

২০২০ চনত বীনা দেৱী
জন্ম ১৯৭৭
বিহাৰ, ভাৰত
পেচা চৰপঞ্চ, ব্যৱসায়ী
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰী শক্তি পুৰস্কাৰ

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

দেৱী ভাৰতৰ বিহাৰ ৰাজ্যৰ তিলকাৰী নামৰ এখন সৰু গাঁৱত আনুমানিক ১৯৭৭ চনত জন্ম হৈছিল।[2] বীনা দেৱী তেওঁৰ স্বামী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে বৰ্তমান তিলকাৰীতে বাস কৰে।

কেৰিয়াৰ

সম্পাদনা কৰক

দেৱীয়ে প্ৰথমে নিজৰ বিছনাৰ তলত সামান্য পৰিমাণৰ কাঠফুলা খেতি কৰিছিল আৰু ইয়াৰদ্বাৰাই তেওঁ উপলব্ধি কৰাইছিল যে কাঠফুলাৰ খেতি তেওঁৰ বাবে এক সুযোগ হোৱাৰ সম্ভাৱনা আছে।[2] কাঠফুলা খেতি কৰাৰ উপৰি দেৱীয়ে দুগ্ধ পালন আৰু ছাগলী পালন কাৰ্যটো লিপ্ত হৈছিল। নিজৰ কৰ্মৰ দ্বাৰা তেওঁ গ্ৰাম্য মহিলাসকলৰ মাজত স্ব-নিয়োজনৰ বাবে প্ৰেৰণা যোগোৱাৰ বাবে জনাজাত হৈ পৰিছিল। তেওঁ মুংগেৰ জিলাৰ পাঁচটা খণ্ড আৰু ১০৫খন চুবুৰীয়া গাঁৱত কাঠফুলাৰ উৎপাদন জনপ্ৰিয় কৰি তুলিছে, যাৰ ফলত ১৫০০ মহিলাই কাঠফুলাৰ খেতিৰ মাধ্যমেৰে স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে।[3]

ইয়াৰোপৰি তেওঁ ডিজিটেল সাক্ষৰতা বিয়পোৱাৰ ক্ষেত্ৰটো জড়িত আছিল আৰু টাটা ট্ৰাষ্টৰ পুঁজিৰে যোগান ধৰা মোবাইল ফোন কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বাবে ৭০০ গৰাকী মহিলাক প্ৰশিক্ষণ দিছিল। তেওঁ ২৫০০ কৃষকক এছ.আৰ.আই. পদ্ধতিশস্যৰ কৃষিৰ ওপৰত প্ৰশিক্ষণ দিছে আৰু আত্মসহায়ক গোট প্ৰস্তুত কৰাত সমৰ্থন জনাই আহিছে।[3]

২০২০ চনৰ নাৰী দিৱস উপলক্ষে পুৰস্কাৰ লাভকৰা চেন্নাইস্থিত সমাজকৰ্মী স্নেহা মোহনডছ, বোমা বিস্ফোৰণৰ পৰা উদ্ধাৰ হোৱা মালবিকা আয়াৰ, কাশ্মীৰী নুমধা, হস্তশিল্প পুনৰুজ্জীৱিত কৰ্মী আৰিফা জান, নগৰীয়া জল সংৰক্ষক কল্পনা ৰমেশ, মহাৰাষ্ট্ৰ বনজাৰা হস্তশিল্পৰ প্ৰচাৰক বিজয়া পাৱাৰ আৰু মহিলা মেছন কালাৱতী দেৱীৰ পিছতেই বিনা দেৱী সপ্তম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।[4] ২০২০ চনৰ ৯ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক এই পুৰস্কাৰেৰে সন্মানিত কৰে।[5]

নিজৰ কাঠফুলাৰ খেতিৰ বিষয়ে উল্লেখ কৰি তেওঁ এইদৰে কৈছিল: "এই খেতিৰ বাবে মই সন্মান পাইছিলো। লগতে মই এজন চৰপঞ্চ হৈ পৰিলোঁ। মোৰ দৰে বহুতো মহিলাই প্ৰশিক্ষণ লাভৰ সুযোগ পোৱাটো মোৰ বাবে আনন্দৰ বিষয়।" [3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Krishi Vigyan Kendra Knowledge Network". kvk.icar.gov.in. https://kvk.icar.gov.in/past_image_video.aspx?eventid=d869d7a5-2ecc-401b-ae42-4a1ad0619bd7। আহৰণ কৰা হৈছে: 2020-03-12. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 Agarwal, Rishika (2020-03-17). "Bihar's daughter, Bina Devi famous as Mushroom Mahila was awarded the Nari Shakti Award" (en-US ভাষাত). PatnaBeats. Archived from the original on 2020-04-03. https://web.archive.org/web/20200403111759/http://www.patnabeats.com/bihars-daughter-bina-devi-famous-as-mushroom-mahila-was-awarded-the-nari-shakti-award/। আহৰণ কৰা হৈছে: 2020-04-09. 
  3. 3.0 3.1 3.2 "Get out, work yourself: Mushroom Mahila message to women". www.outlookindia.com/. https://www.outlookindia.com/newsscroll/get-out-work-yourself-mushroom-mahila-message-to-women/1755757। আহৰণ কৰা হৈছে: 2021-01-05. 
  4. "Get out, work yourself: 'Mushroom Mahila' message to women | INDIA New England News". indianewengland.com. Archived from the original on 2020-03-09. https://web.archive.org/web/20200309021324/https://indianewengland.com/2020/03/get-out-work-yourself-mushroom-mahila-message-to-women/। আহৰণ কৰা হৈছে: 2020-03-12. 
  5. Dainik Bhaskar Hindi. "Women's Day 2020: President Kovind awarded Nari Shakti Puraskar to Bina Devi and many women | Women's Day 2020: 103 वर्षीय मान कौर को नारी शक्ति पुरस्कार, 'मशरूम महिला' भी सम्मानित - दैनिक भास्कर हिंदी". bhaskarhindi.com. https://www.bhaskarhindi.com/national/news/womens-day-2020-president-kovind-awarded-nari-shakti-puraskar-to-bina-devi-and-many-women-113590। আহৰণ কৰা হৈছে: 2020-03-12.