বীৰবল চাহনী
বীৰবল চাহনী(ইংৰাজী: Birbal Sahni) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানী।
বীৰবল চাহনী | |
---|---|
জন্ম | ১৮৯১ চনৰ ১৪ নৱেম্বৰ পাকিস্তানৰ ডেৰা ইছমাইনখাঁ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ডক্টৰেট ডিগ্ৰী |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক১৮৯১ চনৰ ১৪ নৱেম্বৰত বৰ্তমান পাকিস্তানৰ অন্তগৰ্ত ডেৰা ইছমাইল খাঁ ৰ তেৰা নামৰ এখন সৰু চহৰত বীৰবল চাহনীৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম ৰুচিয়াম চাহনী আৰু মাকৰ নাম ইশ্বৰী দেবী।[1]
শিক্ষা
সম্পাদনা কৰক- ১৯১৪ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যায়ন সমাপ্ত কৰিছিল ।
- ১৯১৭ চনত উচ্চশিক্ষা লাভ কৰি ঘৰলৈ উভতি আহিছিল[2]
চাকৰি জীৱন
সম্পাদনা কৰক- বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞানী পদত নিযুক্ত হয়
- ১৯২১ চনত বীৰবল চাহনীয়ে লক্ষ্মৌ বিশ্ববিদ্যলয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে[3]
অৱদান
সম্পাদনা কৰকতেওঁ খোখৰাকোট নামৰ টিলাৰ ওপৰত খনন কাৰ্য চলাই ভূ পৃষ্ঠত মাটিৰ তলৰ পৰা মুদ্ৰা বনোৱা কিছুমান সাচ উদঘাটন কৰে । চাহনীৰ অশেষ যত্নৰ ফলত স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে ইং ১৯৪৯ চনৰ ৩ এপ্ৰিল তাৰিখে লক্ষ্ণৌ ৫৩ নং বিশ্ববিদ্যালয় পথত এই উদ্ভিদ বিজ্ঞানীৰ সংস্থাৰ আধাৰশিলা স্থাপন কৰে[4]
মৃত্যু
সম্পাদনা কৰক১৯৪৯ চনৰ ১০ তাৰিখে মাজনিশা কৰ্মযোগী বিজ্ঞানী চাহনীৰ মৃত্যু হয়।[5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৫
- ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৫
- ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৬
- ↑ ↑জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৬
- ↑ জীৱ বিজ্ঞানী পৰিচয়, উমেশ চন্দ্ৰ ভূঞা,দ্বিতীয় প্ৰকাশ,১৯৬৫,পৃষ্ঠা নং:২৬