বেনাৰচ ৰেল ইঞ্জিন কাৰখানা
ভানাৰাস ৰেল ইঞ্জিন কাৰখানা (Banaras Locomotive Works) ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত আৰু বাৰানসীৰ ডিৰেকাত অৱস্থিত এক কাৰখানা। ইয়াত ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন (ইংৰাজী: locomotives) আৰু আনুষংগিক আহিলা-পাতি নিৰ্মাণ কৰা হয়। সম্প্ৰতি ই ভাৰতৰ বৃহত্তম ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন নিৰ্মাতা।
উদ্যোগ | ৰেলৱে |
---|---|
স্থাপিত | ১৯৬১ |
প্ৰতিষ্ঠাতা | ভাৰতীয় ৰেল |
মুখ্য কাৰ্যালয় | বাৰানসী, ভাৰত |
পণ্য | ৰেল ইঞ্জিন |
ৱেবছাইট | www |
ডিৰেকা (DRW) বাৰানসীৰ মহানগৰৰ উপকণ্ঠৰ মণ্ডুৱাদীহ নামৰ অঞ্চলত অৱস্থিত।
কোম্পানী
সম্পাদনা কৰক১৯৬১ চনত স্থাপিত ডিৰেকাৰ প্ৰথমটো ৰেল ইঞ্জিন কুণ্ডণ (WDM2 ১৮২৩৩) ১৯৬৪ চনত জানুৱাৰীৰ ৩ তাৰিখে নিৰ্মিত হৈ ওলায়। ১৯৬০ চনৰপৰা এলকো মূলৰ বিভিন্ন আৰ্হিৰ ইঞ্জিন নিৰ্মাণ আৰু গৱেষণা কৰাৰ উপৰিও ১৯৯০ দশকৰপৰা GM EMD আৰ্হিসমূহৰ নিৰ্মাণ আৰু গৱেষণাৰ লগতো ই জড়িত হৈ পৰিছে।[1] ডিৰেকাৰ বাৰ্ষিক নিৰ্মাণ ক্ষমতা ২৫০টা যদিও বিদেশী গ্ৰাহকৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি সেই ক্ষমতা ২৭৫টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।[2][3][4]
উত্পাদিত সামগ্ৰী
সম্পাদনা কৰকডিৰেকাৰ ইঞ্জিনসমূহৰ অশ্বশক্তি সাঁচ:Convert/hp ৰপৰা সাঁচ:Convert/hpলৈকে বিস্তৃত। বৰ্তমান ডিৰেকাই EMD GT46MAC আৰু EMD GT46PAC ইঞ্জিনসমূহ ইলেক্ট্ৰ'ম'টিভ ডিজেলচ্ (পূৰ্বৰ GM-EMD) অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰাৰ উপৰিও সেইসমূহৰ বিকাশৰ লগতো জড়িত হৈ পৰিছে।[4]
বজাৰ
সম্পাদনা কৰকভাৰতীয় ৰেলৰ উপৰিও নিয়মীয়াকৈ ডিজেল-ইলেকট্ৰিক ইঞ্জিনসমূহ[4] শ্ৰীলংকা, মালয়েছিয়া, বাংলাদেশ, মালি, চেনেগাল[5] Sudan[6] তাঞ্জানিয়া, এংগোলা, ভিয়েটনাম ইত্যাদি দেশলৈ ৰপ্তানি কৰা হয়। তদুপৰি দেশৰ ভিতৰতে জাহাজ বন্দৰ, বৃহৎ শক্তিখণ্ড আৰু ব্যক্তিগত খণ্ডৰ ৰেলসেৱাসমূহৰ চাহিদাও ই পূৰণ কৰি আহিছে।[7][8]
সহায়ক খণ্ড
সম্পাদনা কৰক২০০৬ চনৰপৰা ডিৰেকাই কিছুসংখ্যক যাত্ৰীবাহী আৰু মালবাহী ইঞ্জিনৰ নিৰ্মাণকাৰ্য মুম্বাইস্থিত মধ্য ৰেলৱেৰ পেৰেল কাৰখানালৈ সম্প্ৰসাৰিত কৰে।[9]
লগতে চাওক
সম্পাদনা কৰকতথ্য উত্স
সম্পাদনা কৰক- ↑ "Diesel Locomotive Works (DLW)". http://www.janes.com/articles/Janes-World-Railways/Diesel-Locomotive-Works-DLW-MANUFACTURERS-AND-SERVICES--LOCOMOTIVES-AND-PASSENGER-VEHICLES-India.html। আহৰণ কৰা হৈছে: 2008-01-11.
- ↑ "DLW meets annual target ahead of the deadline". The Indian express Group. 2008-03-17. Archived from the original on 2009-08-23. https://web.archive.org/web/20090823133119/http://www.expressindia.com/latest-news/dlw-meets-annual-target-ahead-of-the-deadline/285069/.
- ↑ "Rlys plan to make more locomotives to tap global mkt". The Financial Express. 2008-08-08. http://www.financialexpress.com/news/rlys-plan-to-make-more-locomotives-to-tap-global-mkt/346046/.
- ↑ 4.0 4.1 4.2 "DLW sets new record in locomotive production". Times of India. January 1, 2012. Archived from the original on 2013-12-19. https://web.archive.org/web/20131219012822/http://articles.timesofindia.indiatimes.com/2012-01-01/varanasi/30578885_1_dlw-spokesperson-locomotives-electromotive-diesel। আহৰণ কৰা হৈছে: 2012-01-14.
- ↑ "Indian Railways exports four diesel locomotives". The Economic Times. 2008-01-15. http://economictimes.indiatimes.com/News/News_By_Industry/Transportation/Indian_Railways_exports_four_diesel_locomotives/articleshow/2702640.cms.
- ↑ "Rs. 80-crore target for railway spares export". The Hindu (Chennai, India). 2004-11-11. Archived from the original on 2005-03-12. https://web.archive.org/web/20050312085809/http://www.hindu.com/2004/11/11/stories/2004111112590600.htm.
- ↑ "Retiring DLW GM flags off rail engine". Times of India. June 30, 2009. http://articles.timesofindia.indiatimes.com/2009-06-30/varanasi/28167628_1_diesel-locomotive-works-sm-bharadwaj-chief-mechanical-engineer। আহৰণ কৰা হৈছে: 2012-01-14.[সংযোগবিহীন উৎস]
- ↑ "IR to soon manufacture high power locomotives". Times of India. October 9, 2010. http://articles.timesofindia.indiatimes.com/2010-10-09/varanasi/28271442_1_locomotives-dlw-general-manager-chief-mechanical-engineer। আহৰণ কৰা হৈছে: 2012-01-14.[সংযোগবিহীন উৎস]
- ↑ Verma, Kalpana (August 19, 2008). "Engine manufacturing unit at Parel a boon for Rlys". Indian Express. Archived from the original on 2013-01-22. https://archive.ph/20130122142720/http://www.expressindia.com/latest-news/engine-manufacturing-unit-at-parel-a-boon-for-rlys/350610/। আহৰণ কৰা হৈছে: 2012-01-14.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত বেনাৰচ ৰেল ইঞ্জিন কাৰখানা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Company website Archived 2020-11-14 at the Wayback Machine
- Diesel Locomotive Classes – Broad Gauge