বেলমায়া নেপালী
বেলমায়া নেপালী (নেপালীঃ बेलमाया नेपाली) হৈছে নেপালৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। বিশেষকৈ নেপালৰ দলিত সম্প্ৰদায়ৰ মহিলাসকলৰ জীৱন-গাঁথাক চিত্ৰিত কৰি তেওঁ বহু কেইখন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।।[1][2]
বেলমায়া নেপালী | |
---|---|
স্থানীয় নাম | बेलमाया नेपाली |
জন্ম | পোখৰা, নেপাল |
ৰাষ্ট্ৰীয়তা | নেপালী |
পেচা | চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ |
উল্লেখযোগ্য কৰ্ম | Educate Our Daughters I Am Belmaya |
সন্তান | 1 |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল (2019) |
জীৱনী
সম্পাদনা কৰকনেপালৰ পোখাৰাৰ লাহাচৌকত বেলমায়াৰ জন্ম হৈছিল। তেওঁ আছিল ছয়গৰাকী ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু। তেওঁ ন বছৰ বয়সতে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছিল। ২০১১ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়।[3] প্ৰথম অৱস্থাত তেওঁ এটা চুটি প্ৰশিক্ষণ লৈছিল। তাৰ পিছত ফটোগ্ৰাফাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। ২০০৭ চনত মাই ৱৰ্ল্ড, মাই ভিউজ নামৰ এখন কিতাপত তেওঁৰ প্ৰথম কাম প্ৰকাশ হৈছিল।[4]
কাম
সম্পাদনা কৰক- আই এম বেলমায়া হৈছে তেওঁৰ নিজৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ যিখনৰ সহ পৰিচালক চু কাৰ্পেণ্টাৰ৷ [5][6]
- এডুকেট আওৱাৰ ডটাৰ্ছ হৈছে নেপালৰ নাৰী শিক্ষাৰ প্ৰসঙ্গসমূহ উত্থাপন কৰা এখন তথ্যচিত্ৰ।
- ৰ'য়িং এগেইনষ্ট দ্য ফ্লো হৈছে পোখৰাৰ ফেৱা হ্ৰদৰ নাৱৰ মহিলাসকলৰ বিষয়ে এখন তথ্যচিত্ৰ।
- ষ্ট্ৰংগাৰ হৈছে নেপালী মহিলা বিষয়ক এখন তথ্যচিত্ৰ।
বঁটা
সম্পাদনা কৰক- এডুকেট আওৱাৰ ডটাৰ্ছ-ৰ বাবে টৰন্টো ৰিল এছিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (নৱেম্বৰ ২০১৮, কানাডিয়ান প্ৰিমিয়াৰ)ত বিজয়ী হয়৷
- এডুকেট আওৱাৰ ডটাৰ্ছ-ৰ বাবে ইউ কে এছিয়ান ফিল্ম ফেষ্টিভেল (মাৰ্চ-এপ্ৰিল ২০১৯, ইউৰোপীয় প্ৰিমিয়াৰ)ত বিজয়ী হয়৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "About Time You Met: Belmaya Nepali, Filmmaker". About Time Magazine. Archived from the original on 2021-10-27. https://web.archive.org/web/20211027112311/https://www.abouttimemagazine.co.uk/life/about-time-you-met-belmaya-filmmaker/। আহৰণ কৰা হৈছে: 2021-10-27.
- ↑ Carpenter, Sue. "I Am Belmaya". https://www.nepalitimes.com/review/i-am-belmaya/। আহৰণ কৰা হৈছে: 2021-10-27.
- ↑ . 2021-10-15. https://www.theguardian.com/global-development/2021/oct/15/i-will-have-a-better-life-dalit-womans-struggle-to-tell-her-story-on-film.
- ↑ "Reclaiming her voice through filmmaking". https://kathmandupost.com/movie-review/2021/10/27/reclaiming-her-voice-through-filmmaking। আহৰণ কৰা হৈছে: 2021-10-27.
- ↑ . 2021-10-16. https://www.theguardian.com/film/2021/oct/11/i-am-belmaya-review-nepali-dalit-filmmaker.
- ↑ "I Am Belmaya: The inspiring story of a Nepali woman who transformed her life through filmmaking". SBS Your Language. https://www.sbs.com.au/language/english/i-am-belmaya-the-inspiring-story-of-a-nepali-woman-who-transformed-her-life-through-filmmaking। আহৰণ কৰা হৈছে: 2021-10-27.