বৈজয়ন্তী চাৰী (ইংৰাজী: Vyjayanthi Chari; জন্ম: ১৯৫৮)[1] হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।[2]

বৈজয়ন্তী চাৰী
জন্ম ১৯৫৮
ক্ষেত্ৰ গণিত
কৰ্মস্থান কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৰিভাৰচাইড
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয
ডক্তৰেল পৰামৰ্শদাতা ৰাজাগোপালন পাৰ্থসাৰথি
জনা যায় উপস্থাপন-তত্ত্ব, কোৱাণ্টাম বীজগণিত

চাৰীয়ে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।[2] তেখেতে গৱেষণা কৰিছিল ৰাজাগোপালন পাৰ্থসাৰথিৰ অধীনত।[3]

এন্দ্ৰিউ এন. প্ৰেছলিৰ সৈতে যুটীয়াভাৱে তেখেতে "এ গাইড টু কোৱাণ্টাম গ্ৰুপছ্" নামৰ গ্ৰন্থখন প্ৰণয়ণ কৰে। কিতাপখন কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে ১৯৯৪ চনত প্ৰকাশ কৰিছিল।[4]

কৰ্মজীৱন সম্পাদনা কৰক

ৰাজাগোপালন পাৰ্থসাৰথিৰ অধীনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ সময়ত চাৰী টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী সদস্য আছিল।[3] ১৯৯১ চনত তেখেতে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত(UCR) যোগদান কৰে। তেখেতে বহুকেইটা অনাৱাসিক পদত কৰ্মনিৰ্বাহ কৰিছে। তাৰে ভিতৰত আছে: ছুইডেনৰ মিটাগ-লেফলাৰ প্ৰতিষ্ঠানত জ্যেষ্ঠ অংশগ্ৰহণকাৰী; জাৰ্মানীৰ কলন বিশ্ববিদ্যালয়ত আমন্ত্ৰিত অধ্যাপক; পেৰিছ ৭, ফ্ৰান্সত আমন্ত্ৰিত অধ্যাপক; ৰ'ড আইলেণ্ডত থকা ব্ৰাউন বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত গৱেষক-সদস্য হিচাপে; বন, জাৰ্মানীৰ হ'ছড্ৰফ গৱেষণা প্ৰতিষ্ঠানলৈ আমন্ত্ৰিত জ্যেষ্ঠ অংশগ্ৰহণকাৰী হিচাপে; ইটালীৰ ৰোম টাৰ ভাৰগাটা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত অধ্যাপক। [5]

তেখেত "পেছিফিক জাৰ্ণেল অৱ মেথেমেটিকছ্" আৰু "এলজেব্ৰাছ্ এণ্ড ৰিপ্ৰেজেণ্টেছন থিয়ৰি"ৰ সম্পাদনাৰ লগতো জড়িত আছিল।

স্বীকৃতি সম্পাদনা কৰক

  • কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৰিভাৰচাইদৰ একাডেমিক চিনেটে প্ৰদান কৰা ডক্তৰেল গৱেষণাপত্ৰ উপদেষ্টা/পৰামৰ্শদাতা বঁটা।[5].
  • ২০১৫ চনত তেখেত আমেৰিকান গাণিতিক সমাজৰ এগৰাকী সভ্য হিচাপে নিৰ্বাচিত হয়। [6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Birth year from ISNI authority control file, accessed 2018-11-26.
  2. 2.0 2.1 Faculty profile, Department of Mathematics, University of California, Riverside, http://mathdept.ucr.edu/faculty/chari.html, আহৰণ কৰা হৈছে: 2015-11-17 .
  3. 3.0 3.1 বৈজয়ন্তী চাৰী সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  4. Review of A Guide to Quantum Groups by Tomasz Brzeziński (1995), MR1300632.
  5. 5.0 5.1 October 30, Iqbal Pittalwala on; 2015. "Mathematician Named Fellow of American Mathematical Society" (en-US ভাষাত). UCR Today. https://ucrtoday.ucr.edu/32891। আহৰণ কৰা হৈছে: 2020-01-17. 
  6. 2016 Class of the Fellows of the AMS, American Mathematical Society, http://www.ams.org/profession/ams-fellows/new-fellows, আহৰণ কৰা হৈছে: 2015-11-17 .

বাহ্যিক সংযোগ সম্পাদনা কৰক