বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ। গৌতম বুদ্ধৰ পূৰ্বৰ নাম আছিল সিদ্ধাৰ্থ। তেওঁৰ পিতৃ আছিল শাক্যসকলৰ নেতা শুদ্ধানন্দ আৰু মাক আছিল মায়াদেৱী। আনুমানিক খৃঃ পূৰ্ব ৫৬৬ ত গৌতম বুদ্ধ জন্ম হৈছিল। শাক্য বংশত জন্ম লাভ কৰাৰ বাবে তেওঁক শাক্যমুনিও বোলা হৈছিল।

গৌতম বুদ্ধই শিষ্যসকলক জ্ঞান প্ৰদান কৰি থকা এখন ছবি

গৌতমে ১৩ বছৰ বয়সতে গোপা বা যশোধৰা নামেৰে এগৰাকী ৰাজকুমাৰীক বিয়া কৰাইছিল। তেওঁলোকৰৰ ৰাহুল নামেৰে এক পুত্ৰ সন্তানৰো জন্ম হৈছিল। কিন্তু সংসাৰত মানুহৰ দুখ-কষ্ট, জড়-ব্যাধি, বাৰ্দ্ধক্য, মৃত্যু আদি দুখ যন্ত্ৰণা দেখি গৌতমৰ মন লাহে লাহে ভাৰাক্ৰান্ত কৰি তুলিছিল। মানুহক দুখ যন্ত্ৰণাৰ পৰা কেনেদৰে মুক্ত কৰিব পাৰি সেই চিন্তাতে তেওঁ ২৭ বছৰ বয়সতে সংসাৰৰ মায়ামোহ ত্যাগ কৰি সন্ন্যাসী হৈ ৬ বছৰ কাল ঘূৰি ফুৰিলে। কিন্তু সন্ন্যাসীসত্ত্বই তেওঁৰ মনত সৃষ্টি হোৱা প্ৰশ্নসমূহৰ সমাধান দিব নোৱাৰাত তেওঁ গয়াৰ ওচৰৰ উৰুবিল্ব নামৰ ঠাইত কঠোৰভাৱে ধ্যানত মগ্ন হৈছিল। ৪৯ দিন কঠোৰ তপস্যাৰ অন্তত তেওঁ 'বোধি' বা 'দিব্যজ্ঞান' লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ 'বুদ্ধ' বা 'পৰমজ্ঞানী' নামেৰে জনাজাত হৈছিল।