বৰগাং অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন গাওঁ। ২০০৬ চনত ই চহৰাঞ্চলৰ মৰ্যাদা লাভ কৰে। উইলিয়ামচন মেগৰৰ চাহ খেতিয়ে ঠাইখন আগুৰি আছে। বৰগাং নদী এই গাওঁখনৰ মাজেৰে বৈ গৈছে।[1] বৰগাঙৰ কেথলিক গীৰ্জা আৰু চিকিৎসালয় ১৯৭৮ চনত নিৰ্মাণ কৰা হৈছিল[2] আৰু ইয়াক খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰে। গীৰ্জাটোৰ ভিতৰৰ গম্বুজত জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চৰ সেৱাকৰ্মী এ. ৰবাৰ্ট চন্দ্ৰৰ চিত্ৰ আছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক