বৰাত উৎসৱ
বৰাত উৎসৱ নামনি অসমৰ কামৰূপ, হাজো, নলবাৰী গোৱালপাৰা আদি ঠাইত সধৱা নাৰীসকলে পালন কৰা এক পৰম্পৰাগত লোক-অনুষ্ঠান৷ জেঠ মাহৰ শেষৰ চাৰিদিনৰকে ধৰি আহাৰ মাহৰ তিনিদিনলৈ অৰ্থাৎ মাজত দোমাহীটো ৰাখি জেঠমাহৰ শেষ তিনিদিন আৰু আহাৰ মাহৰ প্ৰথম তিনিদিন, মুঠ সাতদিন ধৰি এই বৰাত উৎসৱ পালিত হয়৷ এই বৰাত উৎসৱ আৰু অসমৰ তিৱাসকলৰ বৰত পূজা একেই নহয় যদিও মূল শব্দ ’ব্ৰত’ৰ পৰাই বৰাত বা বৰত শব্দ আহিছে বুলি অনুমান কৰিব পাৰি৷ কোনো কোনো ঠাইত বৰাত উৎসৱক উকনী বুঢ়ীৰ পূজাও বোলে৷ বৰাত উৎসৱৰ লগত চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত ’কৰম পূজা’ৰ কিছু সাদৃশ্য দেখা যায়৷[1]
পালনীয় ৰীতি
সম্পাদনা কৰকবৰাতৰ মাটি তোলা:-- এই উৎসৱত সধবা নাৰীসকলে অংশগ্ৰহণ কৰে৷ এই উৎসৱৰ নেতৃত্বত থাকে ’ওজেনী’৷(ওজাৰ বিপৰীত)৷ প্ৰথম দিনা বৰাতত অংশ লোৱা মহিলাই গা ধুই গোঁসাইঘৰৰ পৰা আসনপতা পীৰা এখন লগত লৈ ওচৰৰ পুখুৰী বা নৈলৈ গৈ তিনিবাৰ, পাঁচবাৰ বৰ সাতবাৰ ডুব মাৰি বোকামাটি তুলি আনে৷ তাৰপাছত লগত নিয়া আসন পতা পীৰাখনত এই মাটিখনি থয়৷ কিছুমান ঠাইত পীৰাৰ সলনি কাঁহৰ কাঁহী ব্যৱহাৰ কৰে৷ আয়তীসকলৰ উৰুলি-জোকাৰ আৰু গীত-পদৰ মাজতে আসনত থোৱা মাটিখিনত ধান, মাহ, তিল, যৱ, কালা, মচুৰ, বেহৰ আদি শস্য সিঁচি দিয়ে৷ ইয়াৰ পাছত আসনখন ঘৰলৈ আনি আগতেই গোবৰমাটিৰে লিপি থোৱা ঠাইত থয় আৰু সেন্দূৰ আৰু বিভিন্ন ৰঙৰ ফুলেৰে সজায়৷ তাৰপাছত তাত এপাত খাৰু, ফল-মূল, তামোলপাণ আৰু ডবুৱা কটাৰী এখন ৰাখে৷ সকলোখিনি হ’লে ওজেনীয়ে আসনখন ভঁৰাল ঘৰৰ চাঙত তুলি থয়৷ দোমাহীৰ দিনা আসনখন সভক্তিৰে বাহিৰলৈ উলিয়াই আনে আৰু নাম-গুণ গাই সেবা-সৎকাৰ কৰি পুনৰ আগৰ ঠাইত থৈ দিয়ে৷ সাতদিনৰ দিনাখনহে বৰাতৰ পূজা অনুষ্ঠিত কৰা হয়৷
পূজাৰ বিধি
সম্পাদনা কৰকবৰাতৰ পূজাৰ বাবে চোতালৰ এচুকত ঠাই মচি খুটি এটি পুতি চন্দ্ৰতাপ হিচাপে জাপি এটি আঁৰি দিয়া হয়৷ তাৰপাছত বৰাতীসকলে আসনখন উলিয়াই আনি সভক্তিৰে জাপিৰ তলত স্থাপন কৰে৷ মাটিখিনিত প্ৰথমদিনা সিঁচা শস্যৰ গজালি ওলায়৷ বৰাতীয়ে পুৰণা ফলমুল তামোলপাণ আঁতৰাই নতুন ফলমুল, তামোল-পাণ দিয়ে আৰু কাষতে এমুঠি ঢেঁকীয়া, মুৰফুলা আৰু ওল এটা থয়৷ তাৰ কাষতে পিঠাগুড়ি, হালধি, সেন্দূৰ লগ কৰি ওকণী বুঢ়ী বা সাবিত্ৰী, তেওঁৰ স্বামী আৰু পুত্ৰৰ প্ৰতিকৃতি আঁকে৷ তাৰপাছত বৰাতীসকলে সেই চিত্ৰৰ ওচৰত নাম-গুণ গাই ভক্তি জনায় আৰু কপালৰ সেন্দূৰ মচ নাযাবলৈ বৰ মাগে৷[2] কামৰূপৰ এই লোক উৎসৱ ঠাইভেদে কিছু বেলেগ বেলেগ আচাৰ-বিধিৰে পালন কৰা দেখা যায়৷ কামাখ্যাধামত নতুন বৰাতীয়ে পুৰণি বৰাতীৰ ঘৰৰ পৰা ভঁৰালঘৰৰ তলৰ এন্দুৰে তোলা মাটি সংগ্ৰহ কৰে৷ তাৰপৰা ছয়লডা মাটিৰ ছয়টা লেটিয়া সাজি ঘূৰণীয়াকৈ আসনত স্থাপন কৰি সেইখন মূৰত লৈ সৌভাগ্যকুণ্ডলৈ গৈ তাৰপৰাহে বৰাতৰ মাটি তোলে৷ নলবাৰীৰ কোনো কোনো ঠাইত সন্তান কামনাৰে অম্বুবাচীৰ দিনকেইটাত পীৰা এখনৰ ওপৰত শস্যৰ বীজ ছটিয়াই দি নিতৌ নাম-কীৰ্তন কৰি উকনী বুঢ়ীৰ পূজা পাতে৷ [3]