বৰ্ণালী (শিশু আলোচনী)
অসমীয়া ভাষাৰ শিশু আলোচনী
বৰ্ণালী অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী৷ এইখন দুমহীয়া আলোচনী আছিল৷ ১৯৭৯ চনত প্ৰকাশিত৷ সম্পাদক আছিল জয়ন্ত ৰঞ্জন চেতিয়া৷ আলোচনীখন আন্তৰ্জাতিক শিশুবৰ্ষত প্ৰকাশিত হৈছিল৷[1]
বৰ্ণালী নামৰ আন এখন তিনিমহীয়া ত্ৰৈভাষিক আলোচনী ১৯৮০ চনত বঙাইগাঁওৰ পৰা প্ৰকাশিত হৈছিল৷ এইখন আছিল বঙাইগাঁও ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেলচৰ গৃহ পত্ৰিকা৷ প্ৰকাশ কৰিছিল, ডেপুটী মেনেজাৰে, জনসংযোগ, ধালিগাঁও, বঙাইগাঁও৷[2]
আন এখন বৰ্ণালী নামৰ তিনিমহীয়া সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী প্ৰকাশিত হৈছিল গোলাঘাটৰ পৰা, ১৯৮১ চনত৷ আলোচনীখনৰ সম্পাদক আছিল পুনাৰাম নেওগ৷[3]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৮২.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৮৩.
- ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ২৮৫.