অসমৰ বিভিন্ন ঠাইত মূলতঃ ধান সঞ্চয় কৰি ৰাখিবৰ বাবে ভঁৰাল ব্যৱহাৰ কৰা হয়। ভঁৰালৰ নিৰ্মাণশৈলী অঞ্চলভেদে আৰু ভিন্ন জনজাতীয় সমাজব্যৱস্থা অনুসৰি সুকীয়া সুকীয়া হয়। ভঁৰাল সম্পৰ্কে বিভিন্ন জনবিশ্বাস,পৰম্পৰা অতীজৰে পৰাই প্ৰচলিত হৈ অহা দেখা যায়।[1] অসমৰ সমাজব্যৱস্থাত ভঁৰালক এক পৱিত্ৰতাৰ প্ৰতীক হিচাপে মান্যতা প্ৰদান কৰা হয়।[2]

নিৰ্মাণ প্ৰণালী

সম্পাদনা কৰক

অসমৰ ভৈয়াম অঞ্চলত যিসমূহ ভঁৰাল নিৰ্মাণ কৰা হয়,সেইসমূহ আচলতে চাৰি-পাঁচ তৰপীয়া থকা দেখা যায়। প্ৰাৰম্ভিক অৱস্থাত এফুটমান ভেঁটি নিৰ্মাণ কৰি,সেই নিৰ্দিষ্ট ভেঁটিৰ ওপৰত কাঠৰ গড় স্থাপন কৰা হয়। সেই গড়ৰ ওপৰতেই ধৰণী আৰু ধৰণীৰ ওপৰত গোটা বাঁহ আৰু অঞ্চলভেদে তক্তাৰে গাধৈ সজা হয়। যদি গাধৈখন বাঁহেৰে নিৰ্মিত হয় তেতিয়া,সেই গাধৈৰ ওপৰত গোবৰ মাটিৰ লেপন দি আটোমটোকাৰীকৈ মচি লোৱা হয়।[3] গাধৈৰ ওপৰত চাৰিওফালে বাঁহ বা তক্তাৰে বেৰ দিয়া হয়। বেৰৰ বাহিৰৰ ফালে ২-৩ ফুট ব্যৱধানত ফলীয়া বাঁহেৰে মজবুতকৈ বান্ধি দিয়া হয়। সাধাৰণতে গাধৈখনৰ উচ্চতা প্ৰায় ৩-৪ ফুট হয়। উজনি অসমত বিশেষকৈ গছী ধানৰ ভঁৰালৰ প্ৰচলন আছে। ভঁৰালৰ সন্মুখত এখিনি অংশ খালীকৈ ৰখা হয় যাতে ভঁৰালৰ পৰা ধান উলিওয়া আৰু সুমুওৱাৰ সময়ত চাকি,বন্তি,ধূপ-ধূনা জ্বলাই নৈবদ্য প্ৰদান কৰিব পাৰে।[2]

ভঁৰালত ধান ৰখাৰ প্ৰক্ৰিয়া

সম্পাদনা কৰক

পথাৰৰপৰা কঢ়িয়াই অনা ডাঙৰিবোৰ ঘৰৰ চোতালত ৰখাৰ পিছত ডাঙৰিসমূহ ছটা ছটা মুঠিৰে, এজাপ এজাপকৈ ছয়-সাত জাপেৰে জাপি তঙালেৰে বান্ধি লোৱা হয়। গৰু বা ম'হেৰে অথবা বৰ্তমান সময়ত ট্ৰেক্টৰে মৰণা মৰাৰ পিছত মাঘ মাহত খাবৰ বাবে কিছু ধান সাঁচি থৈ বাকীখিনি ভঁৰালত সুমুৱাই ৰখা হয়।[2]

পৰম্পৰা আৰু লোকবিশ্বাসত ভঁৰাল

সম্পাদনা কৰক

ধান উলিওৱাৰ সময়ত এমুঠি ধান ভঁৰালত থৈ অহাৰ পৰম্পৰা দেখিবলৈ পোৱা যায়। তদুপৰি গধূলি গৰু-গাই গোহালিত বন্ধাৰ পাছত কোনো মানুহক ধান-চাউল দিব নালাগে বুলি কিছু ৰীতি অতীজৰে পৰা চলি আহিছে। পিতৃ-মাতৃৰ মৃত্যু তিথিসমূহতো আন মানুহক ধান-চাউল দিয়াত বাধা থকা দেখা যায়। বাহী গা অথবা জোতা পিন্ধি ভঁৰালত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়। ভঁৰালত উঠোঁতে বা নামোতে যিকোনো প্ৰকাৰৰ অপৰাধ হৈছে বুলি সেৱা কৰাৰ পৰম্পৰা আজিও প্ৰচলিত হৈ আছে।[2]

আঘোণ মাহত ধান পকাৰ সময়ত ভঁৰাল খালী কৰি পৰিষ্কাৰ কৰা হয় আৰু এটা ভাল দিন বাৰ চাই নতুন ধানৰ আগ অনাৰ ব্যৱস্থা কৰে। তিনি গোছা পকা ধান দাই, থুৰিওৱা তামোলসহ আগলি কলপাতত মেৰিয়াই আৰু ফুলাম গামোচাৰে ঢাকি মূৰত তুলি লখিমীক আদৰি অনাৰ পৰম্পৰা আছিল।[4]আগৰ দিনত গায়ন-বায়নে, ঢোলে-ডগৰে লখিমীক আদৰি আনি কোনোৱে ভঁৰালৰ আগত, কোনোৱে ভঁৰালৰ আগৰ গছৰ ডালত আৰু কোনোৱে ঘৰৰ বেৰত স্থাপন কৰি,পৰৱৰ্তী সময়ত বিভিন্ন  ৰীতি-নীতিৰ মাজেৰে ভঁৰালৰ ভিতৰত সুমুওৱা হয়।[2]

তাই- আহোমসকলে আহুধানৰ লখিমীক তামোল-পাণ, পিঠাগুৰি, কল, কুকুৰা চৰাই বা হাঁহ তথা সাজেৰে আৰু শালি ধানৰ লখিমীক ভঁৰালৰ ভিতৰত সুমুওৱাতে কুকুৰা চৰাই, ঠাইভেদে হাঁহৰ মাংসৰে নৈবেদ্য আগ কৰি, পূজা দিয়াৰ প্ৰথা আছিল। কাতি বিহুৰ, দীপান্বিতা, লক্ষ্মী পূজা, বহাগ বিহু, মাঘ বিহুত ভঁৰালৰ আগত চাকি জ্বলোৱাৰ ৰীতি আছে। ঠাইভেদে ভঁৰালত সাপ থাকিলে, সাপক লখিমী আই বুলি জ্ঞান কৰি বধ কৰাৰ পৰা বিৰত থকা দেখা যায়।[2]

ভঁৰালৰ প্ৰকাৰ

সম্পাদনা কৰক

অঁকা সকলৰ ভঁৰাল

সম্পাদনা কৰক

অঁকাসকলে খাদ্য বস্তু সংৰক্ষণ কৰিবলৈ ভঁৰাল নিৰ্মাণ কৰে। সাধাৰণতে অঁকা সকলৰ ভঁৰাল চাংঘৰৰ আৰ্হিত বাঁহ,বেত আৰু কাঠেৰে সাজি উলিওৱা হয়। খেৰ আৰু এফলীয়া বাঁহৰ সহায়ত ঘৰৰ ছাউনী দিয়া হয়।[2]

গাৰো সকলৰ ভঁৰাল

সম্পাদনা কৰক

গাৰোসকলৰ ভঁৰাল ছজপীয়া হয়। ভঁৰালৰ তলৰ অংশ সাৰি- পুচি পৰিষ্কাৰ কৰি ৰখা হয়। ভঁৰালৰ গাধৈত স্পৰ্শ কৰাত বাধা প্ৰদান কৰা হয়। গাৰোসকলে শনি আৰু মঙ্গলবাৰে ভঁৰাল স্পৰ্শ কৰাত নিষেধাজ্ঞা আছে। ভঁৰালত গোৰ মাৰিলে লখিমীয়ে এৰা দিয়ে বুলি বিশ্বাস কৰে।[2]

ডিমাচা সকলৰ ভঁৰাল

সম্পাদনা কৰক

ডিমাচাসকলৰ লোকবিশ্বাস অনুসৰি ভঁৰালত লখিমী আয়ে বসতি স্থাপন কৰে। ঘৰৰ মুৰব্বীয়ে স্নান কৰি পৱিত্ৰ মনে ভঁৰালত প্ৰৱেশ কৰিব পাৰে। ভঁৰালৰ তলত বিভিন্ন কৃষি সঁজুলি যেনে:নাঙল, যুৱলি,মৈ আদি ৰাখিব পৰাকৈ ব্যৱস্থা কৰা হয়। কিবা কাৰণত ভঁৰাল অপৱিত্ৰ হ'লে, তুলসীৰ পৱিত্ৰ জল ছটিয়াই পৱিত্ৰ কৰি লোৱাৰ ৰীতি প্ৰচলিত হৈ আছে।[2]

বড়ো সকলৰ ভঁৰাল

সম্পাদনা কৰক

বড়োসকলৰ ভঁৰালসমূহো চাৰি-পাঁচ তৰপীয়াকৈ চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হয়। সৰণ বা উলুখেৰৰ সহায়ত চালবোৰ ছাউনী দিয়া হয়। ভঁৰালৰ ভিতৰচ'ৰা খুব নিয়াৰিকৈ মচি থোৱা হয়। বড়োসকলৰ ভঁৰালত লখিমী আইয়ে বসবাস কৰে বুলি দৃঢ়তাৰে বিশ্বাস কৰে,সেইবাবেই বছৰৰ প্ৰথমে ধান দাবলৈ আৰম্ভ কৰাৰ আগতে এমুঠি ধান তেওঁলোকৰ ৰীতি অনুসৰি ভঁৰালত সুমুৱাই লয়।[2]

নেৱাৰ সকলৰ ভঁৰাল

সম্পাদনা কৰক

অসমত বসবাস কৰা নেৱাৰসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে ভঁৰাল নিৰ্মাণ কৰে। নেৱাৰ সকলৰ ভঁৰালত যি কোনো ব্যক্তি প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়। তেওঁলোকে ভঁৰালৰ তলত, গৰু বা গাহৰি বন্ধাৰ পৰিৱৰ্তে আন হাঁহ, কুকুৰা চৰাই আদিক আশ্ৰয় দিয়া দেখা যায়। ভঁৰালৰ তলত নেৱাৰ সকলে খৰি আদিও সংৰক্ষণ কৰি ৰাখে। নেৱাৰ সকলে কাচিৰে ধান তিনিকোছা দাই, তিনিমুঠি কৰি নৰাৰে আলফুলকৈ বান্ধি পাচি এটাত কলপাত পাৰি, মুঠি ৩টা স্থাপন কৰে আৰু সেই মুঠিসমূহ কান্ধত বা মূৰত তুলি পাচিটো ঘৰলৈ কঢ়িয়াই আনে। মুঠি ৩ টাৰ এটা গোহালিত, এটা ইষ্ট দেৱতা পূজা কৰা বেদীত আৰু এটি ভঁৰালত স্থাপন কৰাৰ নিয়ম আজিও প্ৰচলিত হৈ আছে।[2]

দেউৰীসকলৰ ভঁৰাল

সম্পাদনা কৰক

দেউৰীৰ ভঁৰাল চাংঘৰ আৰ্হিত নিৰ্মাণ কৰা হয়। সাধাৰণতে দেউৰী সমাজত পুৰুষ বা ন-বোৱাৰীক ভঁৰাল চুবলৈ দিয়া নহয়। লখিমী সাগৰৰপৰা নৈয়েদি অহা বুলি জনবিশ্বাস তেওঁলোকৰ সমাজ ব্যৱস্থাত প্ৰচলন হৈ আছে। দেউৰীসকলে লখিমীবাৰত কাকো ধান নিদিয়ে, তথাপি কাৰোবাক ধান দিব লগা হ'লে, নিওঁতাৰ গাৰ যি কোনো এপদ অলংকাৰ জমা দিহে ধান দিয়াৰ দস্তুৰ আছে। কোনো লোক ভঁৰালত সোমালে মাত মতা নিষেধ। এনে কাৰ্যত লখিমীয়ে ছেৰা দিয়ে বুলি তেওঁলোকে বিশ্বাস কৰে। কেইবা বছৰো খেতি-বাতি নহ'লে সবাহ পাতি, সকলোকে 'ভৰণ' মানুহৰ হতুৱাই নতুন জাকৈৰে খেও দি লখিমীক আদৰি অনাৰ সুন্দৰ ৰীতি আছে। লখিমীক আদৰোতে নামো গোৱা দেখা যায়।[5]

দেউৰীসকলে মুকলি ঠাইত ৰাজহুৱাভাৱে লক্ষ্মী সবাহ অনুষ্ঠিত কৰে। ইয়াৰ বাহিৰেও ঘৰে প্ৰতি ব্যক্তিগতভাৱে ভঁৰালত লখিমী পূজা পাতে। এই পূজাত গৃহস্থ ঘৰৰ অভিজ্ঞ লোকে পুৰোহিতালি কৰে। এই পূজাৰ ৭-৮ দিনলৈকে ভঁৰালৰ দুৱাৰ বন্ধ থাকে। সেই কেইদিন কাকো ধন-ধান ধাৰে নিদিয়ে। এনে পূজা দুইধৰণেৰে অনুষ্ঠিত কৰা হয়। কোনোৱে পিঠাগুৰি, কল, তামোল-পাণ,প্ৰসাদেৰে পূজা দিয়ে। কোনোৱে উল্লিখিত বস্তুবোৰৰ বাহিৰেও তংলতিৰে শলিতা জ্বলাই মন্ত্ৰ পাঠ কৰে। ইয়াৰ অন্তত দুটা ৰঙা ডাকুৱা চৰাই আৰু এজনী ৰাঙী কুকুৰা চৰাই বলি দিয়ে। পূজাৰীয়ে পূজাৰ অন্তত ভঁৰালৰ দুৱাৰ জপাই থয়। দুৱাৰত শুদ্ধ বগা কাপোৰ এখন মেলাৰ ৰীতি আছে। কাতি বিহুত ভঁৰালৰ আগত চাকি-বন্তি জ্বলাই লখিমীক সেৱা কৰে। কন্যা লৈ দৰা আহি নিজৰ ঘৰ পালেই মাকে তেওঁলোকক আদৰি নি প্ৰথমে ভঁৰালৰ লখিমীক, তাৰপাছত বসবাস কৰা ঘৰত সেৱা জনাই ভিতৰত প্ৰৱেশ কৰে।[5]

সোণোৱাল সকলৰ ভঁৰাল

সম্পাদনা কৰক

সোণোৱালসকলৰ ভঁৰাল নিৰ্মাণৰ পদ্ধতি দেউৰী বা তাই-আহোমসকলৰ সৈতে সাদৃশ্য থকা দেখা যায়। তেওঁলোকে ভঁৰালত লখিমী পূজাৰ দিনা আৰু বিহুত চাকি-বন্তি জ্বলায়। ভঁৰালৰ যিকোনো ব্যক্তিক সোমাবলৈ আৰু স্পৰ্শ কৰিবলৈ দিয়াত বাধা আছে। ঘৰৰ গৃহস্থ-গৃহিনী আৰু তেওঁলোকৰ অবিহনে বোৱাৰী, জীয়ৰী বা পুত্ৰই যথাবিহিত প্ৰথাৰে ভঁৰালত প্ৰৱেশ কৰিব পাৰে। মাঘ মাহত ধান ভঁৰালৰপৰা উলিওৱাত বাধা আৰোপ কৰা হয়। সেয়ে পুহ আৰু মাঘ মাহত খাবলৈ অঁটাকৈ ধান, ভঁৰালৰ বাহিৰত সংৰক্ষিত কৰি থয়।[2]

তিৱা সকলৰ ভঁৰাল

সম্পাদনা কৰক

সাধাৰণতে তিৱাসকলে বৰঘৰৰ সম্মুখত ভঁৰাল নিৰ্মাণ কৰে। তিৱাসকলে ভঁৰালত যিকোনো ব্যক্তিক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। তিৱাসকলে ভঁৰালত লখিমী আই বসবাস কৰে বুলি দৃঢ়ভাৱে বিশ্বাস কৰে। ভঁৰালৰ তলত কোনো জীব-জন্তু বন্ধাত বাধা আছে। বাৰ্ষিক প্ৰতিটো উছৱত (বিহু) ভঁৰালত চাকি-বন্তি জ্বলাই ভোগ আগ কৰাৰ নিয়ম আজিও প্ৰচলিত হৈ আছে। তিৱাই নিজস্ব ৰীতি-নীতিৰে ভঁৰালত ধান সুমুৱায়। গৃহস্থই ধূপ-ধূনা জ্বলাই ভঁৰালৰ চৌপাশে এবাৰ ঘূৰি, তুলসী মিশ্ৰিত পৱিত্ৰ জল ছটিয়ায়। সম্ভৱ ভূত- পিশাচবোৰক খেদিবৰ বাবে এনে কাৰ্য সম্পাদন কৰে। পূৱফালে মুখ কৰি ধান এপাচি ভৰাই আৰু গৃহস্থৰ হাতত দিয়ে। গৃহস্থই যথাবিহিত প্ৰথাৰে ভঁৰালত সুমুৱায়। প্ৰথমে ব্যক্তিয়ে ভঁৰালত ধান সুমুৱাব নোৱাৰে। ধান ভঁৰালত সুমুৱাবলৈ গৃহস্থই ওচৰ-চুবুৰীয়াক নিমন্ত্ৰণ কৰে।[2]

চিত্ৰ সম্ভাৰ

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. দাস, ভুবনমোহন: অসমীয়া সংস্কৃতি সংৰক্ষণ আৰু অন্যান্য, ২০০০
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 হাকাচাম,ৰাভা,উপেন,ড° :অসমৰ জনজাতীয় সংস্কৃতি
  3. চৌধুৰী, নগেন (সম্পা.): অসমৰ জনজাতীয় লোক-সংস্কৃতিত এভূমুকি, ১৯৯৩
  4. বৰদলৈ, নিৰ্মলপ্ৰভা: অসমৰ লোক-সংস্কৃতি, ১৯৭২
  5. 5.0 5.1 (দেউৰী ডম্বৰুধৰ, দেউৰী সংস্কৃতি, পৃঃ ২৩৫ - ২৩৬)