সাহিত্যৰ দুই প্ৰধান ধাৰা - পদ্য সাহিত্য আৰু গদ্য সাহিত্যৰ ভিতৰত গদ্য সাহিত্যৰ এখন সুকীয়া আসন সদায়ে বৰ্তমান। পদ্য সাহিত্যত কৈছে গদ্য সাহিত্যৰ জন্ম বহু পিছত যদিও, পদ্য সাহিত্যতকৈ গদ্য সাহিত্যৰ পাঠকক প্ৰভাৱিত কৰিব পৰা গুণ বেছি। কিয়নো সৰ্বসাধাৰণৰ কথা ৰূপটোৰ মাধ্যমত মানুহে সদায়ে যিকোনো কঠিন বিষয়বস্তুকো হৃদয়ঙ্গম কৰিবলৈ সহজ অনুভৱ কৰে। এনে এক উদ্দেশ্য আগত ৰাখিয়ে হয়তো কথাশিল্পী ভট্টদেৱেও পূৰ্ব প্ৰচলিত তথা পৰম্পৰাগত পদ্য-ৰীতিক পৰিহাৰ কৰি অত্যন্ত সাহসিকতাৰে গদ্য সাহিত্যৰ সৃষ্টিত হাত দিছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ গুৰু দামোদৰদেৱৰ আজ্ঞাক স্বীকাৰ কৰিবই লাগিব, গুৰুৰ আজ্ঞাকে সাৰোগত কৰি ভট্টদেৱে গদ্য সৃষ্টিৰ বাবে কাপ-মৈলাম হাতত লৈছিল। ভট্টদেৱৰ গদ্যধৰ্মী সাহিত্যৰাজি - 'কথা-ভাগৱত', 'কথা-গীতা' আৰু 'কথা-ৰত্নাৱলী'ৰ ভিতৰত 'কথা-ভাগৱত' প্ৰাৰম্ভিক ৰচনা। অৱশ্যে কথা-গীতাৰহে কথা ৰীতি অতি সৰল আৰু ঘৰুৱা কথাৰ বেছি ওচৰ চপা। তেওঁ কথা-গীতাৰ দৰে এখন তত্ত্ব গধুৰ পদ্য-শাস্ত্ৰক গদ্যৰ মাধ্যমত পোনপ্ৰথমবাৰৰ বাবে ৰচনা কৰি অসমীয়া গদ্য সাহিত্য সৃষ্টিৰ সোপান ৰচনাত যি অৰিহণা দি গ'ল সি সদায়ে স্মৰণযোগ্য। ভট্টদেৱে গদ্য-ৰচনাত হাত দিয়াৰ পূৰ্বৱৰ্তী সময়ছোৱাত শংকৰদেৱে অংকীয়া নাটৰ সূত্ৰধাৰৰ ৰচনাৰ মাজেদি সাহিত্যিক গদ্যৰ শুভাৰম্ভণি কৰাৰ এটা প্ৰচেষ্টা চলাইছিল। অৱশ্যে সেই গদ্যই লয়ৰ সমাৱেশৰ বাবে প্ৰকৃত তথা বিশুদ্ধ গদ্যৰ মৰ্যাদা লাভ কৰিব নোৱাৰিলে। ভট্টদেৱৰ হাততহে অসমীয়া গদ্য সাহিত্যই প্ৰতিষ্ঠা লাভ কৰে, সেয়ে ক'ব পাৰি ভট্টদেৱ অসমীয়া গদ্য-সাহিত্যৰ জনক।

ভট্টদেৱ : জীৱন আৰু কৃতিসম্পাদনা কৰক

অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ প্ৰকৃত নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতৰ জন্ম হৈছিল প্ৰাচীন

Part of a series on the
কামৰূপৰ ইতিহাস
 
ৰজাসকল আৰু ঘটনাৱলীসমূহ

কামৰূপ জিলাৰ (বৰ্তমান সাঁচ:বৰপেটা জিলা) ভেৰাগাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল সাঁচ:কবি সৰস্বতী আৰু মাতৃৰ নাম তাৰা দেৱী। ভট্টদেৱৰ পিতৃ প্ৰদত্ত নাম বৈকুণ্ঠনাথ। 'ভট্টদেৱ'কে প্ৰমুখ্য কৰি 'কবিৰত্ন' তথা 'ভাগৱত ভট্টাচাৰ্য' তেওঁৰ উপাধি মাত্ৰ। ভট্টদেৱৰ জন্মৰ চন-তাৰিখ বিস্মৃতিৰ গৰ্ভত যদিও কথা-গীতাৰ পাতনিত হেমচন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰা মতে ভট্টদেৱৰ জন্ম ১৫৬৮ খ্ৰীষ্টাব্দত। আনহাতে ১৬৩৮ খ্ৰীষ্টাব্দত নিজে হাতে গঢ়া ব্যাসকুছি সত্ৰত শেষ নিশ্বাস ত্যাগ কৰে বুলি গোস্বামীদেৱে উল্লেখ কৰিছে।

পূৰ্বৰ কোনো উৎকৃষ্ট গদ্যৰ আৰ্হি নোহোৱাকৈ ভট্টদেৱে 'কথা-ভাগৱত', 'কথা-গীতা' আৰু 'কথা-ৰত্নাৱলী' সম্পূৰ্ণ গদ্যত ৰচনা কৰিছিল। ভট্টদেৱে 'কথা-ভাগৱত' গ্ৰন্থৰ জৰিয়তে প্ৰথম অসমীয়া কথা সাহিত্যৰ বাট মুকলি কৰে। এই সন্দৰ্ভত ডিম্বেশ্বৰ নেওগে এনেদৰে উল্লেখ কৰিছে[1]-

'তেওঁ (ভট্টদেৱে) জয়ে জয়ে তাক (অসমীয়া গদ্যক) নাটৰ চাৰিবেৰৰ পৰা উলিয়াই আনি স্বাধীন দাৰ্শনিক গ্ৰন্থ আৰু মুকলি ৰচনাৰ বাহক ৰূপে ব্যৱহাৰ কৰি আৰু নানা কাৰ্যৰ উপযোগীকৈ ভৱিষ্যৎ অসমীয়া সাহিত্যৰ বাবে এৰি থৈ গৈছে। সৃজনীমূলক প্ৰতিভাৰ কলাকাৰৰূপেও বৈকুণ্ঠনাথেই বৈষ্ণৱ যুগৰ অন্তিম জ্যোতিষ্ক নিশ্চয়।'

তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰক অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে অসমীয়া গদ্যক মৰ্যাদা দান কৰিলে।

ভট্টদেৱৰ গদ্যসম্পাদনা কৰক

শংকৰদেৱৰ হাততেই যে অসমীয়া গদ্যৰ শুভাৰম্ভ ঘটিছে এই বিষয়ে কোনো সন্দেহ নাই। কিন্তু এই গদ্যই প্ৰকৃত অসমীয়া গদ্যৰ চানেকি দাঙি ধৰিব পৰা নাই। কাৰণ শংকৰদেৱে গদ্যত ব্যৱহাৰ কৰা ভাষা ব্ৰজাৱলী মিশ্ৰিত অসমীয়া ভাষা আৰু কাব্যিকতাপূৰ্ণ। তদুপৰি একে বিষয়ক কথা আলোচনাত ব্ৰজাৱলী গদ্য ব্যৱহাৰ কৰাৰ উপৰি সংস্কৃত শ্লোক-পদ-পয়াৰ আদিৰো ব্যৱহাৰ কৰিছে। অসমীয়া গদ্যৰ অধ্যয়ন কৰিলে, শংকৰদেৱতকৈ প্ৰায় চাৰিকুৰি বছৰৰ পাছৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ হাততহে অসমীয়া গদ্যৰ এক গৌৰৱময় অধ্যায়ৰ আৰম্ভ হয় বুলিব পাৰি।[2]

ভট্টদেৱৰ গদ্যৰাজিৰ পৰিচয়সম্পাদনা কৰক

ষোড়শ শতিকাৰ শেষভাগত ৰচিত 'কথা-ভাগৱত'ৰ যোগেদিয়েই ভট্টদেৱে অসমীয়া গদ্য-সাহিত্যৰ পথ মুকলি কৰে। 'কথা-ভাগৱত' ভট্টদেৱে এক হাতেৰে গদ্যত অনুবাদ কৰা প্ৰথম গদ্যানুবাদ। পৰীক্ষিত নাৰায়ণৰ ৰাজৰোষত পৰি দামোদৰদেৱে কামৰূপ এৰি কোচবিহাৰলৈ যাবলৈ ওলায়, তেতিয়া দামোদৰদেৱে ভট্টদেৱক অন্যান্য উপদেশ দিয়াৰ লগতে ভাগৱতখন অসমীয়ালৈ অনুবাদ কৰিবলৈ উপদেশ দিয়ে। গুৰুৰ কথা মতেই ভট্টদেৱে প্ৰথম স্কন্ধ ভাগৱত কথাত অনুবাদ কৰি দামোদৰদেৱৰ হাতত তুলি দিয়ে, তেতিয়া দামোদৰদেৱে বিস্তৃতভাৱে আলোচনা কৰিলে পুথিখনৰ কলেৱৰ বৃহৎ হ'ব বুলি ভাবি সংক্ষেপ কৰিবলৈ কয়। গুৰুৰ কথা সাৰোগত কৰি ভট্টদেৱে সংক্ষেপে সৰু সৰু অংশ কৰি মূল ভাগৱতক কথা ৰূপ দিয়ে। ভট্টদেৱে একাগ্ৰতাৰে ভাগৱতৰ বিষয়বস্তুৰ ক্ৰম ৰক্ষা কৰি গদ্যত অনুবাদ কৰিছে। অৱশ্যে দুই এটা অধ্যায় বেছি চুটি হৈছে আৰু দুই এটা অধ্যায়ত জটিল কথাবোৰ সহজভাৱে বুজাবলৈ যত্ন কৰোঁতে বেছি দীঘলীয়া হৈছে। যিহেতু ভট্টদেৱে 'কথা-ভাগৱত' অনুবাদ কৰোঁতে বাৰে বাৰে দামোদৰদেৱৰ আজ্ঞাৰ কথা সোঁৱৰণ কৰিব লগা হৈছিল। সেয়েহে এনে দুই এটা আঁসোৱাহ ৰৈ যোৱাটো কোনো দোষণীয় নহয়। আনহাতে 'কথা-ভাগৱত' অনুবাদ কৰোঁতে মূল ভাগৱতৰ উপৰি শ্ৰীধৰ স্বামীৰ ভাগৱত ভাৱাৰ্থ দীপিকাৰ যুক্তিমূলক আৰু বাখ্যামূলক গদ্যৰীতিয়ে ভট্টদেৱক প্ৰভাৱান্বিত কৰিছে।

ভট্টদেৱৰ এইখন প্ৰথম অনুবাদ গ্ৰন্থ হ'লেও মৌলিকতা বিৰাজ কৰিছে। 'কথা-ভাগৱত'ৰ ঠিক পিছতেই ভট্টদেৱৰ 'কথা-গীতা' ৰচনা কৰে। ভট্টদেৱে কিন্তু 'কথা-গীতা' ৰচনা কৰাৰ সময়ত 'কথা-ভাগৱত'ৰ দৰে দামোদৰদেৱৰ অনুজ্ঞা বাণীলৈ অপেক্ষা কৰা নাছিল। তেওঁ সম্পূৰ্ণ স্বাধীন মনেৰে 'কথা-গীতা' ৰচনা কৰে। সেয়ে কথা-ভাগৱততকৈ 'কথা-গীতা'ৰ ৰচনা শৈলী প্ৰাঞ্জল, উন্নত আৰু মধুৰ হৈছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে 'কথা-গীতা' সম্পাদনা কৰোঁতে পাতনিত লিখিছে[3]-

কথা-ভাগৱতত যিমান পুৰণি অপ্ৰচলিত শব্দৰ ব্যৱহাৰ পোৱা

যায়, কথা-গীতাত সিমান পোৱা নাযায়। কথা-ভাগৱতৰ

ৰচনাতকৈ কথা-গীতাৰ ৰচনা বেছি প্ৰাঞ্জল আৰু মধুৰ

'কথা-গীতা'ৰ ৰচনাত দামোদৰদেৱৰ প্ৰত্যক্ষ প্ৰেৰণা নাছিল যদিও 'কথা-গীতা' ৰচনা কৰি ভট্টদেৱে বৈকুণ্ঠপুৰ সত্ৰত থকা দামোদৰদেৱৰ ওচৰলৈ পঠিয়াইছিল। পুথিখনি পঢ়ি তেওঁ অতিশয় আনন্দিত হৈছিল বুলি নীলকণ্ঠ দাসৰ দামোদৰ চৰিত্ৰৰ পৰা জনা যায়। তেওঁ শ্ৰীধৰ টীকাৰ মতে 'কথা-গীতা' লিখিছিল। 'কথা-ভাগৱত' আৰু 'কথা-গীতা'ৰ দৰে সংস্কৃত টীকাৰ সহায়ত ভট্টদেৱে 'কথা-ভক্তি ৰত্নাৱলী' ৰচনা কৰে।

মুঠতে তিনিওখন গদ্যানুবাদ শ্ৰীধৰী টীকাৰ আদৰ্শত ৰচিত। গীতা-ভাগৱতৰ দাৰ্শনিক তত্ত্বমূলক বিষয়সমূহক যুক্তিৰে জনসাধাৰণক সহজ সৰল ভাষাত বুজাবলৈ যত্ন কৰিছে, এই ক্ষেত্ৰত তেওঁ কৃতকাৰ্যও হৈছে। ভট্টদেৱৰ ভণিতা থকা আৰু ভট্টদেৱৰ ৰচিত বুলি কিছুমান পুথিৰ নাম শুনিবলৈ পোৱা যায়। এই পুথিসমূহৰ ভিতৰত ভক্তিসাৰ, ভক্তিবেবক, ভাগৱত অধিকৰণ (শৰণ মালিকা) আদি সংস্কৃত ভাষাত লিখা উল্লেখযোগ্য গ্ৰন্থ। তদুপৰি নন্দোৎসৱ, প্ৰসঙ্গমালা, গুৰুবংশাৱলী, বিষ্ণু-সহস্ৰনাম পদবন্ধত ৰচনা কৰা পুথিৰ কথা হেমচন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰিছে। কিন্তু এই পুথিসমূহ প্ৰকৃততে ভট্টদেৱৰ দ্বাৰা ৰচিত হয় নে নহয় ই বিচাৰ্যৰ বিষয়। মুঠতে 'কথা-ভাগৱত', 'কথা-গীতা' আৰু 'কথা-ৰত্নাৱলী'ৰ নিচিনা তত্ত্বগধুৰ গ্ৰন্থকেইখন অসমীয়াত ৰচনা কৰি ভট্টদেৱে অসীম পাণ্ডিত্যৰ পৰিচয় দি গৈছে আৰু অসমীয়া গদ্য সাহিত্যক সুপ্ৰসিদ্ধ স্তৰত প্ৰতিষ্ঠিত কৰি গৈছে।

অসমীয়া গদ্যৰ বিকাশত ভট্টদেৱৰ স্থানসম্পাদনা কৰক

সাহিত্যৰ মাধ্যমৰূপে অসমীয়া গদ্যৰ চানেকি ভট্টদেৱতকৈ আগেয়ে শংকৰদেৱৰ অংকীয়া নাটসমূহত পোৱা যায় যদিও এই নাটৰ গদ্যই প্ৰকৃত অসমীয়া গদ্যৰ চানেকি দাঙি ধৰিব পৰা নাই। আনহাতে ভট্টদেৱে ভাগৱত, গীতা আৰু ৰত্নাৱলী এই তিনিখন গভীৰ তত্ত্বপূৰ্ণ শাস্ত্ৰৰ গদ্যৰূপ দিবলৈ যাওঁতে ভট্টদেৱৰ আগত থকা ব্ৰজাৱলী গদ্যৰ কাষ চপা নাছিল। ভট্টদেৱে জনসাধাৰণৰ কথিত ভাষাকো গীতা-ভাগৱতৰ গদ্যানুবাদৰ মাধ্যমৰূপে ব্যৱহাৰ নকৰিলে। ভট্টদেৱৰ গদ্যলেখনী ফঁহিয়াই চালে ইয়াৰ কাৰণ বিচাৰি পোৱা যায়। প্ৰথম কাৰণটো হৈছে - ভট্টদেৱে 'কথা-ভাগৱত' ৰচনা কৰোঁতে দামোদৰদেৱৰ আজ্ঞা অনুসৰি কৰিছিল।

তদুপৰি শ্ৰীধৰ স্বামীৰ ভাগৱত ভাৱাৰ্থ দীপিকাৰ যুক্তিমূলক আৰু বাখ্যামূলক গদ্যৰীতিয়ে ভট্টদেৱক প্ৰভাৱিত কৰিছিল। এই ক্ষেত্ৰত ভট্টদেৱৰ পক্ষে শংকৰদেৱে ব্যৱহাৰ কৰা ব্ৰজাৱলী গদ্য প্ৰয়োগ কৰাটো সম্ভৱ হোৱা নাছিল। আনহাতে ভট্টদেৱৰ ব্ৰজাৱলী ভাষাৰ লগতো পৰিচয় নাছিল। সেয়ে এনে বৃহৎ কলেৱৰৰ গ্ৰন্থখন এনে গদ্যত লিখি উলিওৱাটো যথেষ্ট কঠিন হ'ব বুলি ভাবিয়েই বোধকৰোঁ তেওঁ শংকৰদেৱে ব্যৱহাৰ কৰা অংকীয়া নাটৰ গদ্যভাষা পৰিহাৰ কৰিছিল।

দ্বিতীয়তে ভট্টদেৱে ৰচনা কৰা তিনিওখন গ্ৰন্থই আধ্যাত্মিক তত্ত্বপ্ৰধান। এনে তাত্ত্বিক বিষয়বস্তু সম্পন্ন গ্ৰন্থ এখন জঁতুৱা ঠাঁচ, খণ্ডবাক্য, ফকৰা-যোজনাৰে পৰিপূৰ্ণ জনসাধাৰণৰ ঘৰুৱা কথিত ভাষাৰে অনুবাদ কৰিবলৈ লোৱাটো তেওঁ বিফল প্ৰচেষ্টা হ'ব বুলি ভাবিছিল। তদুপৰি এনে কথিত ভাষাৰ মাধ্যমত ধৰ্মীয় বিষয়বস্তু বিশ্লেষণ কৰিলে অধৰ্ম কৰা হ'ব, এনে ভাব জনসাধাৰণে ল'ব পাৰে বুলিও ভবাৰ থল থাকে। আনহাতে ভট্টদেৱৰ আগত সম্পূৰ্ণ কথ্যৰূপত সাহিত্য ৰচনা কৰাৰ আদৰ্শ নাছিল। তেওঁৰ পূৰ্বসূৰী বা সমসাময়িক লেখকসকলে ছন্দোবদ্ধ ৰূপতেই পুৰাণ, ভাগৱত, ৰামায়ণ আদি অনুবাদ কৰি আহিছে। প্ৰাক্-শংকৰী যুগৰ মাধৱ কন্দলী, হৰিবৰ বিপ্ৰ, হেম সৰস্বতী, অনন্ত কন্দলী আদি কবিৰ লেখাৰ মাজেদিয়েই অসমীয়া ভাষাই সাহিত্যিক ৰূপ লাভ কৰিছে যদিও এই সাহিত্যসমূহৰ মাধ্যম আছিল পদ্য। সেয়ে কবিৰত্নই শংকৰদেৱৰ আচহুৱা ব্ৰজাৱলী গদ্য ব্যৱহাৰ নকৰি পূৰ্বৰ কবিসকলৰ পৰম্পৰাৰ পৰাও আঁতৰি আহি কাব্যাদিত ব্যৱহাৰ কৰি অহা ভাষাৰ পৰা কিছুমান শব্দাৱলী গ্ৰহণ কৰি, বাক্য বিন্যাস প্ৰকৰণত মৌলিকতা আৰোপ কৰি এক শ্ৰেণীৰ গদ্য সৃষ্টি কৰিলে। সেইবুলি ভট্টদেৱৰ গদ্যত যে কথিত ভাষাৰ ঘৰুৱা শব্দ আৰু কথনভংগী একেবাৰে পৰিহাৰ কৰিছে এনে নহয়।

সাধাৰণতে গদ্য মাধ্যমত লিখা ৰচনাত ব্যাকৰণসন্মত বাক্যবিন্যাস প্ৰকৰণৰ কিছুমান নিয়ম মানি চলিব লগা হয়। ভট্টদেৱৰ সময়ত যদিও অসমীয়া ভাষাৰ ব্যাকৰণ নাছিল, তেওঁ সংস্কৃত ব্যাকৰণ আগত ৰাখি কিছু পৰিমাণে ঘৰুৱা শব্দাৱলীৰে গীতা-ভাগৱতৰ তত্ত্বগধুৰ ভাব প্ৰকাশক গহীন আৰু কিছু পৰিমাণে কৃত্ৰিমতা সংযোগ কৰি গদ্য সৃষ্টি কৰি থৈ গৈছে। পূৰ্ণৰূপত লিখিত অসমীয়া গদ্যৰ আৰ্হি নোহোৱাকৈ ভট্টদেৱে বৈয়াকৰণিক নিয়ম আৰু বাক্য গাঁথনিৰ শৃংখলিত নিয়মেৰে যি গদ্য সৃষ্টি কৰিলে, সেই গদ্যই গীতা-ভাগৱতৰ নিচিনা তাত্ত্বিক বিষয়বস্তুক সহজভাৱে প্ৰকাশ কৰি ভৱিষত্যৰ লেখকসকলৰ বাবে শাস্ত্ৰ ৰচনাৰ পথ মুকলি কৰি থৈ গৈছে। সেয়ে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ প্ৰথম আনুষ্ঠানিক বাটকটীয়াৰ সন্মান দিব পাৰি।

ভট্টদেৱৰ কথা-গীতাসম্পাদনা কৰক

অসমীয়া গদ্য সাহিত্যৰ ইতিহাস যদিও ভট্টদেৱৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয় , তথাপিও শঙ্কৰদেৱৰ অঙ্কীয়া নাটৰ সংলাপতে ইয়াৰ বীজ নিহিত হৈ থকা দেখা যায়। অৱশ্যে এই গদ্য আছিল ব্ৰজবুলি মিশ্ৰিত আৰু লয়গন্ধী। শঙ্কৰদেৱৰ সমসাময়িক অথবা তাৰ পূৰ্বৰে পৰা অসমীয়া মৌখিক লোকসাহিত্যৰ ভিতৰত মন্ত্ৰ সাহিত্যসমূহতো আগৰ গদ্যৰ নিদৰ্শন বিচাৰি পাওঁ। ইয়াৰ আগলৈ গ'লে আমি তাম্ৰলিপি আৰু শিলালিপিসমূহৰ কাষ চাপিব লাগিব। দৰাচলতে তাম্ৰ আৰু গছতলৰ শিলালিপিতেই প্ৰথম গদ্যৰ নিদৰ্শন পোৱা যায়। অৱশ্যে এই গদ্যক বিশুদ্ধ গদ্যৰ নিদৰ্শন বুলি ক'ব নোৱাৰি।

অঙ্কীয়া নাটৰ গদ্যত গতানুগতিক পদ্যৰ ভাষাৰ পৰা আঁতৰি আহি বাক্য, ভাষা আৰু ভঙ্গীক সাহিত্যিক ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস দেখা যায়। অঙ্কীয়া নাটৰ গদ্যত কথা ভাষাৰীতিৰ পৰিচয় পোৱা যায়। বাক্য ভঙ্গিমাৰ সৈতে ৰজিতা খুৱাই সাধাৰণ প্ৰচলিত শব্দ, খণ্ডবাক্য, উপমা অলঙ্কাৰ ব্যৱহাৰ কৰা হয়। অংকীয়া নাটৰ সমসাময়িক বা তাতকৈ অলপ পূৰ্বৰ গদ্যৰ পৰিচয় পোৱা যায় মন্ত্ৰ সাহিত্যত। অসমীয়া মন্ত্ৰ পুথিসমূহ কেৱল সাহিত্যৰ পিনৰ পৰাই নহয়, মধ্যযুগৰ অসমৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰাও যথেষ্ট গুৰুত্বপূৰ্ণ।

অঙ্কীয়া নাটৰ ভাষাৰ দৰে মন্ত্ৰ পুথিসমূহৰ ভাষাও গদ্যধৰ্মী। বাক্য গঠন পদ্ধতি সৰল আৰু ব্যাকৰণ বন্ধনবিহীন। বহুত মন্ত্ৰতে গদ্যৰ যি প্ৰকৃত গুণ অৰ্থাৎ যুক্তি সবলভাৱে ভাব প্ৰকাশ কৰিবৰ যি ক্ষমতা তাৰ অভাৱ পৰিলক্ষিত হয়। ভালেমান মন্ত্ৰ কিছুমান ক্ৰিয়াহীন দুবোৰ্ধ্য শব্দ আৰু অস্পষ্ট ব্যাকাংশৰ সমষ্টিহে মাথোন।

এইখিনিতেই মন কৰিবলগীয়া কথা যে অঙ্কীয়া নাট আৰু মন্ত্ৰ পুথিত অসমীয়া গদ্যৰ প্ৰাচীন নিৰ্দশন ফুটি উঠিলেও ভট্টদেৱেহে সাহিত্য ৰচনাৰ বাবে গদ্যক পোনপ্ৰথমে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে। গুৰু দামোদৰদেৱৰ আজ্ঞানুসাৰে ভট্টদেৱে কথা-গীতা, কথা-ভাগৱত আৰু কথা-ৰত্নাৱলী ৰচনা কৰি অসমীয়া গদ্য সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰে।

কথা-গীতাৰ গদ্যৰ চমু পৰিচয়সম্পাদনা কৰক

কথা-গীতাৰ বাক্যবোৰ আপেক্ষিকভাৱে দীঘলীয়া হ'লেও যথেষ্ট উন্নত আৰু কথা-ভাগৱততকৈ অধিক অৰ্থপূৰ্ণ। কথা-গীতা আৰু কথা-ভাগৱতৰ সৈতে ঠায়ে ঠায়ে কথোপকথন শৈলীৰ প্ৰয়োগ লক্ষ্য কৰা যায়। গীতাৰ দৰে এখন জটিল দাৰ্শনিক তত্ত্বৰে পৰিপূৰ্ণ শাস্ত্ৰ অসমীয়া গদ্যলৈ ভাঙনি কৰি ভট্টদেৱে অসমীয়া গদ্যক ভাব প্ৰকাশৰ বাবে উপযুক্ত মাধ্যম হিচাপে গঢ়ি তুলিলে। কথা-গীতাৰ ভাষা গুৰু গম্ভীৰ সাধুভাষা; চুটি চুটি বাক্য সংযোগেৰে গধুৰ বিষয়বস্তু বুজোৱাত লেখকৰ অতুলনীয় ৰচনাক্ষমতা পৰিলক্ষিত হৈছে। পুথিৰ উদ্দেশ্য আৰু লিখাৰ ভঙ্গীৰ লগত অপূৰ্ব সমন্বয় ঘটিছে। কথা-গীতা পঢ়িলে এনেহে লাগে যেন নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱত গীতা শাস্ত্ৰ পাঠ কৰি টীকাসহ ব্যাখ্যা কৰিছে; মাজে মাজে গম্ভীৰ বিষয়ৰ প্ৰশ্ন তুলি নিজেই যেন তাক সমাধান কৰিছে। কথোপকথন শৈলীৰ প্ৰয়োগেৰে প্ৰশ্ন-উত্তৰ আৰু তৰ্ক পদ্ধতিৰ ৰীতিৰে গোটেই পুথিখনি ৰচনা কৰা হৈছে।

ভট্টদেৱৰ লেখনিৰ প্ৰধান বৈশিষ্ট্য হ'ল জটিল দাৰ্শনিক তত্ত্বকথা সহজ-সৰল কৰি বুজাই দিব পৰাতো। ভট্টদেৱৰ লেখনি ব্যাখ্যামূলক আৰু অনুবাদ হ'লেও তাৰ ভিতৰত সম্পূৰ্ণ মৌলিকতা আছে আৰু তেওঁৰ অসামান্য প্ৰকাশ শক্তিয়ে তাক অতি ৰমণীয় কৰি তুলিছে।

কথা-গীতাৰ অনুবাদ ভাষাগত নহয়। বিষয়বস্তুক 'আত্মসাৎ' কৰি নিজ আদৰ্শ অনুসাৰে প্ৰকাশ কৰিব পৰাতেই লিখকৰ মৌলিকতা প্ৰকাশ পাইছে। টীকাৰ পৰা যুক্তিযুক্তভাৱে উপমা আদি উদ্ধৃত কৰি বিষয়বস্তুৰ ব্যাখ্যা সহজ-সৰল কৰিবলৈ কৰা লিখকৰ চেষ্টা লক্ষ্যণীয়।

ভট্টদেৱৰ গদ্যৰ ব্যাকৰণগত বৈশিষ্ট্যসম্পাদনা কৰক

ভট্টদেৱে সংস্কৃত ব্যাকৰণ অনুকৰণ কৰি শব্দ আৰু বাক্য ৰচনা কৰিছিল। শব্দৰ সুসঙ্গত প্ৰয়োগত ভাব প্ৰকাশ সুস্পষ্ট হয় আৰু লেখকৰ উদ্দেশ্যও সফল হয়। ভট্টদেৱৰ কথা-গীতাত তৎসম শব্দ ব্যৱহাৰ কৰা হ'লেও ইয়াৰ ভাষা দুৰ্বোধ্য নহয়। বৰঞ্চ ই তেওঁৰ ভাষাক গাম্ভীৰ্যপূৰ্ণ আৰু ওজস্বী কৰিহে তুলিছে। উদাহৰণস্বৰূপে -

"যেন মনুষ্যে জীৰ্ণবস্তুক পৰিত্যাগ কৰি নবীন বস্তুক গ্ৰহণ কৰে, এমনে

আত্মায়ো পুৰণা দেহক এড়ি নবীন দেহক স্বীকাৰ কৰে, কৰ্ম নিবন্ধ নতু দেহ অৱশ্যে হৈব।

জীৰ্ণ দেহ নাশত শোক কৰিতে নালাগে। এই আত্মাক অস্ত্ৰেয়ো নাকাটে, অগ্নিয়ো নদহে

জলেও কোমল নকৰে, বায়ুনো নুশুকায়। এতেকে অছেদ্য অদাহ্য অক্লেদ্য অশোচ্য নিত্য

সৰ্বগত অচল সনাতন অব্যক্ত অচিন্ত্য অপ্ৰাচ্য কৰি কহে।"

ভট্টদেৱৰ গদ্যত সংস্কৃত ব্যাকৰণৰ নীতি অনুসৰণ কৰি বাক্য গঠনত গুৰুত্ব প্ৰদান কৰা হৈছে। যেনে- স্ৰীসব দুষ্টা; প্ৰকৃতি মোৰ অংশস্বৰূপা ইত্যাদি। সন্ধি সমাসৰ ক্ষেত্ৰতো সংস্কৃত ব্যাকৰণৰ আৰ্হি অনুসৰণ কৰা হৈছে। তেওঁৰ গদ্যত ব্যৱহৃত শব্দ বিভক্তিসমূহ এনে ধৰণৰ :

প্ৰথমা - 'এ' : নন্দে বোলন্ত।

দ্বিতীয়া- 'ক' : মোক কহিলা।

তৃতীয়া - 'সি' : সেই তত্ত্বক ভক্তি সি পাই।

চতুৰ্থী - 'ৰ' : তুমাৰ মুখপদ্মৰ পৰা।

সপ্তমী - 'ত' : পৃথিৱীত ব্যক্ত হৈলা।

ভট্টদেৱৰ গদ্যৰ অন্যান্য বৈশিষ্ট্যসম্পাদনা কৰক

  1. বহুবচনাত্মক প্ৰত্যয়, সব, গুলা, গণ আদিৰ ব্যৱহাৰ; সভাসদসব, তোৰা তোঠেৰ, কতোগুলা, তোৰাসব ইত্যাদি।
  2. সাধাৰণতে 'যৈবে তেবে', 'যদি বোলা', 'এতেকে', 'ইদানীক' আদিৰে বক্তব্য আৰম্ভ কৰা হৈছে।
  3. ভট্টদেৱৰ গদ্যত যেমনে, তেমনে, যেখনে, তেখনে আদি সংযোজক অব্যয়ৰ যোগেদি বাক্য সংলগ্ন কৰা হৈছে।
  4. সৰ্বনাম শব্দ হিচাপে যি, ই, আমি, তুমি আদি ৰূপ পোৱা যায়। আপুনি শব্দটো নিজা অৰ্থত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাহিৰেও কুনে, কুন, কুনু, তুমাক, আমাক আদি পশ্চিম অসমৰ উপভাষাৰ ৰূপো পৰিলক্ষিত হয়।
  5. নিৰ্দিষ্টতাবাচক 'গোট' আৰু 'টা'ৰ ব্যৱহাৰ; যেনে- গদ্য, গোট, সাতটা ইত্যাদি।
  6. বিভিন্ন কালৰ ক্ৰিয়াসমূহৰ ৰূপ এনেধৰণৰ -
  • বৰ্তমান কাল : কৰোঁ, কৰ, কৰে, কহে, ধাৱে, পাৱে, কৰন্ত, কহন্ত, বোলয় ইত্যাদি।
  • ভূতকাল : হয়ল, হৈলা, হৈল, উঠিল, গুছিল, কহিলা, বধিলা, পাইলো, দেখিলো ইত্যাদি।
  • ভৱিষ্যত কাল : হৈব, হৈবা, পাইবো, হৈবো ইত্যাদি।

অসমাপিকা ক্ৰিয়াৰ প্ৰয়োগ অধিক। কেতিয়াবা একেটা বাক্যতে একাধিক অসমাপিকা ক্ৰিয়াৰ প্ৰয়োগ ঘটিছে। যেনে- "সফল ইন্দ্ৰিয়ক নিৰোধি মনকো হৃদয়ত স্থিৰ কৰি বিষয়ৰ গ্ৰহণ-স্মৰণ এৰি ভ্ৰূৰ মধ্যত প্ৰাণক ৰাখি ধৈৰ্যক আশ্ৰয় কৰি মুখত নাম উচ্চাৰি নামৰ অৰ্থ মনত স্মৰি দেহক এড়ি যি যাই সি পৰম গতি পাৱে।"

মুঠতে ভট্টদেৱৰ ৰচনাত অসমীয়া ভাষাৰ এটি ব্যাকৰণ সঙ্গত নিৰ্দিষ্ট ৰূপ দেখিবলৈ পোৱা যায়।

অনুবাদ ৰীতিসম্পাদনা কৰক

ভট্টদেৱে সৰ্ব উপনিষদৰ সাৰ স্বৰূপ সম্পূৰ্ণ গীতা শাস্ত্ৰখিনি অসমীয়া গদ্যলৈ ভাঙনি কৰে। এনে এখন দাৰ্শনিক তত্ত্বপূৰ্ণ অতুলনীয় শাস্ত্ৰ অসমীয়ালৈ অনুবাদ কৰাটোৱে ভট্টদেৱৰ অতুলনীয় পাণ্ডিত্য আৰু সৃজনী প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। কথা-গীতাত পুৰণি অপ্ৰচলিত শব্দৰ প্ৰয়োগ যথেষ্ট কম, ৰচনাশৈলী বেছি প্ৰাঞ্জল আৰু মধুৰ। ভট্টদেৱৰ কথাশৈলী, পৰিপক্ক ৰচনা কৌশল, শব্দৰ ব্যৱহাৰ আদিলৈ লক্ষ্য কৰি হেমচন্দ্ৰ গোস্বামীয়ে কথা-গীতা কথা-ভাগৱততকৈ পিছত ৰচিত বুলি অনুমান কৰিছে।

ভট্টদেৱৰ "শ্ৰীধৰ, শাঙ্কৰী, দামোদৰী, ভাস্কৰী, চাৰিও টীকা বিচাৰ কৰিছিল, তথাপি প্ৰায় শ্ৰীধৰী টীকাৰ মতে কথা নিবন্ধিবো। তাহাৰ যুক্তি শুনা। শাঙ্কৰী টীকাই জ্ঞানক প্ৰধান কৰি ব্যাখ্যা কৰে, ভাস্কৰী কৰ্মক প্ৰধান কৰে; শ্ৰীধৰী ভক্তি মাত্ৰ নিৰূপণ কৰে, দামোদৰী তিনিও যোগক সমান কহে।"

ভট্টদেৱে বাহুল্য বৰ্জিত কৰি যেনেকৈ যথাযথভাৱে মূলৰ পৰা অসমীয়া গদ্যলৈ ভাঙনি কৰিছে, তাৰ উদাহৰণ বিৰল। অকল অসমতে নহয়, সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথম গদ্য সাহিত্যৰ ৰচয়িতা হিচাপে ভট্টদেৱ বিশেষ কৃতিত্বৰ অধিকাৰী।

গীতাত আছে-

বাংসাসি জীৰ্ণানি যথা বিহায়

নৱানি গৃহ্নাতি নৰোহপৰাণি

তথা শৰীৰণি বিহায় জীৰ্ণা

ন্যন্যানি সংযাতি নৱানি দেহী।। ২/২২

ভট্ৰদেৱে ইয়াৰ অনুবাদ কৰিছে এনেদৰে - 'যেন মনুষ্য জীৰ্ণ বস্ত্ৰক পৰিত্যাগ কৰি নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়ো পুৰণি দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে।'

শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কোৱা এই কথাষাৰ আৰু স্পষ্ট কৰিবলৈ ভট্টদেৱে তাত যোগ দিছে, কৰ্ম নিবন্ধন নতুন দেহ অৱশ্যে হৈব, জীৰ্ণ দেহ নাশত শোক কৰিতে নালাগে।

সহায়ক গ্ৰন্থপঞ্জীসম্পাদনা কৰক

  1. অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ : গোস্বামী, উপেন্দ্ৰনাথ, প্ৰকাশক : মণি-মাণিক প্ৰকাশ, দশম প্ৰকাশ : ২০২১
  2. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত : শৰ্মা, সত্যেন্দ্ৰনাথ, প্ৰকাশক : সৌমাৰ প্ৰকাশ, দশম প্ৰকাশ : ২০১৮
  3. অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড) : বৰ্মন, শিৱনাথ, প্ৰকাশক : আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, তৃতীয় প্ৰকাশ : মে' ২০১৭

পাদটীকাসম্পাদনা কৰক

  1. কোঁৱৰ, অৰ্পণা : নিৰ্বাচিত অসমীয়া গদ্য, পৃষ্ঠা ৩৭২
  2. কোঁৱৰ, অৰ্পণা : প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃষ্ঠা ১০৩
  3. কোঁৱৰ, অৰ্পণা : প্ৰাচীন অসমীয়া গদ্যশৈলী, পৃষ্ঠা ১০৪