ভাৰতত নাৰীবাদ (ইংৰাজী: Feminism in India) হৈছে ভাৰতত মহিলাসকলৰ বাবে সমান ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ আৰু সুযোগৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু সুৰক্ষাৰ লক্ষ্যৰে সংগঠিত বিভিন্ন আন্দোলনৰ সমষ্টি। এয়া হৈছে ভাৰতীয় সমাজত মহিলাৰ অধিকাৰৰ অন্বেষণ। সমগ্ৰ বিশ্বতে তেওঁলোকৰ নাৰীবাদী সমকক্ষসকলৰ দৰে ভাৰতৰ নাৰীবাদীসকলে লিংগ সমতাৰ দাবী কৰে। ইয়াৰ ভিতৰত জড়িত থকা কিছুমান বিষয় যেনে সমান মজুৰিৰ বাবে কাম কৰাৰ অধিকাৰ, স্বাস্থ্য আৰু শিক্ষাৰ সমান প্ৰৱেশাধিকাৰৰ অধিকাৰ আৰু সমান ৰাজনৈতিক অধিকাৰ উল্লেখযোগ্য।[1] ভাৰতীয় নাৰীবাদীসকলেও ভাৰতৰ পুৰুষতান্ত্ৰিক সমাজৰ ভিতৰত সংস্কৃতি-নিৰ্দিষ্ট বিষয়যেনে উত্তৰাধিকাৰী আইনৰ বিৰুদ্ধে যুঁজ দি আহিছে।

২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ

ভাৰতত নাৰীবাদৰ ইতিহাসক তিনিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি। প্ৰথম পৰ্যায় ঊনবিংশ শতিকাৰ মাজভাগত আৰম্ভ হৈছিল। এই পৰ্যায়ত সংস্কাৰবাদীসকলে মহিলাৰ সৈতে জড়িত শিক্ষা, ৰীতি-নীতিত সংস্কাৰ কৰি মহিলাৰ অধিকাৰৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছিল।[2][3] দ্বিতীয় পৰ্যায় ১৯১৫ চনৰ পৰা ভাৰতৰ স্বাধীনতালৈ বিস্তৃত। এই পৰ্যায়ত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনত নাৰী আন্দোলন অন্তৰ্ভুক্ত কৰিছিল আৰু স্বাধীন মহিলা সংগঠনৰ উদ্ভৱ হ'বলৈ আৰম্ভ হৈছিল।[4] শেষৰ তৃতীয় পৰ্যায় ভাৰতৰ স্বাধীনতাৰ পিছত আৰম্ভ হৈছিল আৰু ই বিবাহৰ পিছত ঘৰত মহিলাৰ সৈতে ন্যায্য আচৰণ, কৰ্মশক্তি আৰু ৰাজনৈতিক সমতাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছে।[4]

ভাৰতীয় নাৰীবাদী আন্দোলনৰ অগ্ৰগতি স্বত্বেও, আধুনিক ভাৰতত বাস কৰা মহিলাসকলে এতিয়াও বৈষম্যমূলক বহুতো সমস্যাৰ সন্মুখীন হৈছে। ভাৰতৰ পুৰুষতান্ত্ৰিক সংস্কৃতিয়ে ভূমি-মালিকীস্বত্বৰ অধিকাৰ প্ৰাপ্ত কৰা আৰু শিক্ষাৰ প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বানজনক কৰি তুলিছে। যোৱা দুটা দশকত লিঙ্গ ভিত্তিক গৰ্ভপাতৰ এক প্ৰৱণতাও উদ্ভৱ হৈছে।[5] ভাৰতীয় নাৰীবাদীসকলৰ বাবে এইবোৰক সংগ্ৰাম কৰাৰ যোগ্য অন্যায় হিচাপে দেখা যায়। ভাৰতত নাৰীবাদক প্ৰায়ে ভাৰতীয়সকলে সমতাৰ সলনি নাৰী আধিপত্যৰ আন্দোলন বুলি ভুল বুজে। [6]

পাশ্চাত্যৰ দৰে ভাৰতত নাৰীবাদী আন্দোলনৰ কিছু সমালোচনাৰ সম্মুখীন হৈছে। বিশেষকৈ সুবিধাপ্ৰাপ্ত মহিলাসকলৰ ওপৰত অত্যধিক গুৰুত্ব দিয়া, আৰু দৰিদ্ৰ বা নিম্ন বৰ্ণৰ মহিলাসকলৰ প্ৰয়োজনীয়তা আৰু প্ৰতিনিধিত্ব অৱহেলা কৰাৰ বাবে তেওঁলোকক সমালোচনা কৰা হয়। ইয়াৰ ফলত ভাৰতত জাতিভিত্তিত নাৰীবাদী সংগঠন আৰু আন্দোলন ৰচনা হৈছে।[7]

  1. Raka Ray. Fields of Protest: Women's Movements in India Archived 7 July 2014 at the Wayback Machine. University of Minnesota Press; Minneapolis, MN. 1999. Page 13.
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Chaudhuri, Maitrayee 2005 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Gangoli 16 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. 4.0 4.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Kumar নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Ray 25 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Sen নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. Gangoli, Geetanjali. Indian Feminisms – Law, Patriarchies and Violence in India Archived 1 May 2013 at the Wayback Machine. Hampshire: Ashgate Publishing Limited, 2007. Print; pages 10–12.