ভাৰতনাট্যম

দক্ষিণ ভাৰতীয় নৃত্যশৈলি


ভাৰতনাট্যম (ইংৰাজী: Bharat Natyam) দক্ষিণ ভাৰতৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে এই নৃত্যকলাৰ নাম ভাৰতনাট্যম হয়। অন্যান্য ভাৰতীয় নৃত্যধাৰাৰ দৰে ভাৰতনাট্যমৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। ভৰত মুণিয়ে তৃতীয় শতিকাত ৰচনা কৰা ‘নাট্যশাস্ত্ৰ’ৰ পৰা ভাৰতনাট্যমৰ কিছুমান কৌশল, মুদ্ৰা আৰু সংজ্ঞা লোৱা হৈছে। ভাৰতনাট্যম প্ৰথমাৱস্থাত মন্দিৰৰ দেৱদাসীসকলে পৰিৱেশন কৰিছিল। ষোড়শ শতিকাত দেৱদাসী প্ৰথা লোপ পোৱাৰ পিছত ভাৰতনাট্যমৰো চৰ্চা কমি আহে। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত চিন্নায়া, পুন্নিয়া, ভাদিভেলু আৰু শেৱনন্দম নামৰ চাৰিজন প্ৰতিভাবান নৰ্তক ভাতৃয়ে অনেক অনুসন্ধান তথা গৱেষণাৰ অন্তত ‘দাসী আট্টম’ নামেৰেও পৰিচিত এই নৃত্যকলাক পাহৰণিৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকে জনপ্ৰিয় কৰি তোলা এই নৃত্যই পিছলৈ ভাৰতনাট্যম নামেৰে প্ৰসিদ্ধ হয়। ভাৰতনাট্যম সাধাৰণতে নাৰীয়ে পৰিবেশন কৰে যদিও পৰম্পৰাগতভাৱে এই নৃত্যৰ গুৰু পুৰুষহে। ভাৰতনাট্যম নৃত্য পূৰ্ণাঙ্গ ৰূপত পৰিবেশন কৰিবলৈ প্ৰায় দুঘণ্টা লাগে।

ভাৰতনাট্যম

ভাৰতনাট্যম নৃত্যশিল্পী
শৈলী ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা

এই নৃত্যৰ ছটা ভাগ আছে। সেইকেইটা হ’ল: আল্লাৰিপ্পু, যতিস্বৰম, শব্দম, বৰ্ণম, অভিনয়ম আৰু তিল্লানা। এই নৃত্য আংগিক আৰু ৰসৰ বিচাৰত নাৰীৰ কামনা, আনন্দ আৰু বিচ্ছেদ সম্বলিত শৃংগাৰ ৰসৰ নাচ। নৃত্যৰ মূল চৰিত্ৰ কৃষ্ণ যদিও বিষ্ণু আৰু শিৱৰ উদ্দেশ্যেও নৃত্য আছে। এই নৃত্যৰ সৈতে গীত গোৱা হয়। আনুষংগিক বাদ্য হিচাপে থাকে বীণা, মৃদংগ, বাঁহী, বেহেলা, মন্দিৰা আদি। ভাৰতনাট্যম নৃত্যৰ বাবে বিশিষ্ট পোছাক আছে। শাৰীখনক এই নৃত্যত ধুতিৰ দৰে পিন্ধা হয়। [1]

ভাৰতৰ প্ৰসিদ্ধ ভাৰতনাট্যম নৃত্যশিল্পীসকল:

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, জ্যোতি প্ৰকাশন, শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং -?

বাহ্যিক সংযোগ

সম্পাদনা কৰক