ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য

নিবনুৱা

ৰাষ্ট্ৰসংঘ পৃথিৱীৰ দেশ সমূহক দুটা ভাগত ভাগ কৰিছে। উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বিষয় তলত বহলে আলোচনা কৰা হল।

কম জনমুৰি আয়:

ভাৰতত জাতীয় আয়ৰ লগতে জনমুৰি আয়ৰ মাত্ৰাও খুবেই কম। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ২০০৫ চনত ভাৰতৰ জনমুৰি আয় আছিল $৭২০। কেবল কিছুমান দেশক বাদ দি ভাৰত পৃথিবীৰ সবাতোকৈ কম জনমুৰি আয় থকা দেশ। ২০০৫ চনত চুইজাৰলেণ্ডৰ জনমুৰি আয় ভাৰতৰ জনমুৰি আয়তকৈ ৫৪ গুণ বেছি আছিল, আমেৰিকা যুক্তৰাষ্ট্ৰত ৬১ গুণ, জাৰ্মানীত ৪৮ গুণ আৰু জাপান ৫৪ গুণ বেছি ভাৰতৰ জনমুৰি আয়তকৈ। যদিও বিনিময় হাৰত গণনা কৰা জনমুৰি আয়, পৃথিবীৰ বিভিন্ন দেশৰ জনমুৰি আয়ৰ তুলনাত অত্যুক্তি কৰিছে, ক্ৰয় শক্তি ক্ষমতা হিচাপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনমুৰি আয় ভাৰততকে ১২ গুণ বেছি।

কৃষিক্ষেত্ৰত অত্যধিক নিৰ্ভৰতা :

ভাৰতীয় অৰ্থনীতিক কৃষিৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি বুলি কোৱা হয়। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ২০০৪ চনত ভাৰতত মুঠ কৰ্মৰত মানুহৰ ৫৮ শতাংশ মানুহ কৃষি ক্ষেত্ৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত থাকে যদিও কৃষিবিভাগে মুঠ জাতীয় আয় ৰ ২১ শতাংশ হে প্ৰদান কৰে। কিন্তু অধিক উন্নত ৰাষ্ট্ৰ যেনে জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ কৰ্মৰত মানুহৰ ১-৫ শতাংশ মানুহ নিযুক্ত থাকে কৃষি ক্ষেত্ৰত।

অতিমাত্ৰাত জনসংখ্যা বৃদ্ধি :

স্বাধীনতাৰ পিছৰ পৰাই ভাৰতৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে। ভাৰতত বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১.৩১ শতাংশ ১৯৪১-৫০ চনত, ২.৫ শতাংশ ১৯৭১-৮১চনত, ২.১১ শতাংশ ১৯৮১-৯১চনত। জনসংখ্যা বৃদ্ধিৰ অন্যতম এটা কাৰণ হল মৃত্যুৰ সংখ্যা কমি অহা। ১৯১১-২০ চনৰ ভিতৰত মৃত্যুৰ হাৰ আছিল ৪৯জন প্ৰতি হেজাৰত আৰু এই মৃত্যুৰ হাৰ কমি ৭.১ জনমুৰি হয় প্ৰতি হেজাৰত, ২০১১ চনত। অতিমাত্ৰা জনসংখ্যায়ে ভাৰতত উপলব্ধ থকা দ্ৰব্য আৰু সেৱাৰ নাটনিৰ সৃষ্টি কৰিছে।

নিবনুৱা সমস্যা:

পৃথিবীৰ বিভিন্ন উন্নয়নশীল ৰাষ্ট্ৰ নিচিনা ভাৰততো নিবনুৱা সমস্যাই অৰ্থনৈতিক উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিছে। ভাৰতত কৃষিক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক মানুহ নিযুক্ত হৈ আছে যাৰ ফলত শ্ৰমিকৰ প্ৰান্তিক উৎপাদনৰ হাৰ ও কমি আহিছে। এন.এছ.এছ(National Sample Survey) ৰ তথ্য অনুসৰি ১৯৯০ চন লৈকে ভাৰতত নিবনুৱাৰ সংখ্যা আছিল ২৪ মিলিয়ন(২.৮ কোটি)। ১৯৯০-১৯৯৫ চনত নতুনকৈ আৰু ৩৭ মিলিয়ন নিবনুৱা শ্ৰমিকৰ সৃষ্টি হয়। অষ্টম পঞ্চবাৰ্ষিকী পৰিকল্পনা লৈকে অৰ্থাৎ ১৯৯৫ লৈকে ভাৰতত নিবনুৱা সংখ্যা বাঢ়ি গৈ হৈছিল ৬৫ মিলিয়ন (৬.৫ কোটি)। ভাৰত চৰকাৰৰ ২০১৮ চনৰ তথ্য অনুসৰি ভাৰতত নিবনুৱা সংখ্যা প্ৰায় ৩১ মিলিয়ন(৩.১ কোটি)। কিন্তু এইটো এখন বিতৰ্কিত তথ্য।

নিম্নমানৰ প্ৰযুক্তিবিদ্যা:

নিম্নমানৰ প্ৰযুক্তি বিদ্যা ভাৰতীয় অৰ্থনীতিৰ এটা মুল বৈশিষ্ট্য। মুলধনৰ অভাৱৰ বাবে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই। ভাৰতত নতুন প্ৰযুক্তিবিদ্যা ব্যবহাৰ নকৰা বা কৰিব নোৱাৰাৰ ক্ষেত্ৰত বহুত কাৰণ আছে যেনে মূলধনৰ অভাৱ, শিক্ষাৰ অভাৱ, কুসংস্কাৰ ইত্যাদি।

নিম্নমানৰ মানব সম্পদ:

মানব সম্পদৰ নিম্নমানৰ বাবে ভাৰতীয় অৰ্থনীতি ভুগিয়াছে। ব্যাপক নিৰক্ষৰতা ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰিছে। ২০১১ ৰ গণনা অনুযায়ী, ভাৰতত স্বাক্ষৰ মানুহৰ সংখ্যা আছিল ৭৭,৮৪,৫৪,১২০জন যিটো ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫শতাংশ আছিল। যাৰ ভিতৰত মহিলাৰ সংখ্যা আছিল ৩৩,৪২,৫০,৩৫৮জন আৰু পুৰুষৰ সংখ্যা আছিল ৪৪,৪২,০৩,৭৬২জন। আৰু বাকী ২৫ শতাংশ মানুহই আছিল নিৰক্ষৰ। কিন্তু উন্নত দেশ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, অষ্ট্ৰেলিয়াৰ নিচিনা দেশত নিৰক্ষৰতাৰ হাৰ ৩ শতাংশ তকৈও কম। নিৰক্ষৰতাই ৰক্ষণশীলতাক পুহি ৰাখে যিটো এখন দেশৰ অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।

অনুন্নত জীৱনৰ মানদণ্ড:

ভাৰতত মানুহৰ জীৱনৰ মানদণ্ড খুবেই নিম্নমানৰ। ইয়াৰ এক অন্যতম কাৰণ হল কম জনমুৰি আয় আৰু কম জাতীয় আয়। International Food Policy Research Institute(IFPRI) এ প্ৰকাশ কৰা গ্লোবেল হাঙ্গাৰ ইনডেস্ক(Global Hunger Index), ২০১৯ ৰ তথ্য অনুসৰি ভাৰতৰ স্থান আছে ১০২ নম্বৰত ১১৭খন দেশৰ ভিতৰত আৰু ভাৰতে স্কোৰ পাইছে ৩০.৩, যিটো এটা বিৰাট ভয়ংকৰ অৱস্থা ভাৰতৰ বাবে।