ভাৰতীয় জাতীয় ফুটবল দল
|
ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দল হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰা পুৰুষৰ জাতীয় দল, যাৰ কাৰ্যকলাপ ভাৰতৰ ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ দ্বাৰা পৰিচালিত হয়। ১৯৪৮ চনৰ পৰা ফুটবলৰ শাসকীয় সংস্থা ফিফাৰ সদস্য আৰু ১৯৫৪ চনৰ পৰা ইয়াৰ আঞ্চলিক সংস্থা এছিয়ান ফুটবল কনফেডাৰেচনৰ সদস্য। ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ভাৰতে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰে; অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াৰ হাতত ৫–৩ গ ’লত পৰাস্ত হয় ভাৰত।
Nickname(s) | Blue Tigers | ||
---|---|---|---|
Association | All India Football Federation (AIFF) | ||
Confederation | AFC (Asia) | ||
Sub-confederation | SAFF (South Asia) | ||
Head coach | Igor Štimac | ||
Captain | Sunil Chhetri | ||
Most caps | Sunil Chhetri (133)[1] | ||
Top scorer | Sunil Chhetri (85)[1] | ||
Home stadium | Various | ||
FIFA code | IND | ||
| |||
FIFA ranking | |||
Current | সাঁচ:FIFA World Rankings | ||
Highest | 94[2] (February 1996) | ||
Lowest | 173[3] (March 2015) | ||
First international | |||
Pre-independence: অষ্ট্ৰেলিয়া 5–3 ভাৰত (Sydney, Australia; 3 September 1938) Post-independence: ভাৰত 1–2 ফ্ৰান্স (London, England; 31 July 1948) | |||
Biggest win | |||
অষ্ট্ৰেলিয়া 1–7 ভাৰত (Sydney, Australia; 12 December 1956) ভাৰত 6–0 কম্বোডিয়া (New Delhi, India; 17 August 2007) | |||
Biggest defeat | |||
য়ুগোশ্লভিয়া 10–1 ভাৰত (Helsinki, Finland; 15 July 1952) | |||
Summer Olympics | |||
Appearances | 4 (first in 1948) | ||
Best result | Semi-finals (1956) | ||
Asian Cup | |||
Appearances | 5 (first in 1964) | ||
Best result | Runners-up (1964) | ||
SAFF Championship | |||
Appearances | 13 (first in 1993) | ||
Best result | Champions (1993, 1997, 1999, 2005, 2009, 2011, 2015, 2021) | ||
Asian Games | |||
Appearances | 11 (first in 1951) | ||
Best result | Champions (1951, 1962) | ||
পদক অভিলেখ
|
ব্লু টাইগাৰছ নামেৰে পৰিচিত এই দলটোৱে ঘৰুৱা মেচসমূহ কেইবাখনো ষ্টেডিয়ামত আয়োজন কৰে। এই দলৰ মুখ্য কাৰ্যালয় ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত। বৰ্তমান ইগ’ৰ ষ্টিমাটছ এই দলৰ মেনেজাৰ আৰু বেংগালুৰুৰ আক্ৰমণাত্মক খেলুৱৈ সুনীল ছেত্ৰী, অধিনায়ক।
ভাৰতে এতিয়ালৈকে ফিফা বিশ্বকাপত কেতিয়াও অংশ লোৱা নাই; কিন্তু ১৯৫০ চনৰ ফিফা বিশ্বকাপত খেলিবলৈ যোগ্যতা অৰ্জন কৰাৰ পিছতো কেৱল খেলাৰ জোতা নথকাৰ বাবেই তেওঁলোকে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। [5] আনহাতে ভাৰতে এতিয়ালৈকে ৪ বাৰ এ এফ চি এছিয়ান কাপত অংশগ্ৰহণ কৰিছে, ১৯৬৪ চনৰ এ এফ চি এছিয়ান কাপত ৰানাৰ্ছ আপ হিচাপে সৰ্বোত্তম কৃতিত্ব লাভ কৰিছে। লগতে গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ সৰ্বোত্তম কৃতিত্ব হৈছে ৰূপৰ পদক লাভ কৰা। ভাৰতে ৭টা খিতাপ জয় কৰি ছাফ চেম্পিয়নশ্বিপৰ অন্যতম সফল দল হিচাপে পৰিগণিত হৈছে ( ১৯৯৩, ১৯৯৭, ১৯৯৯, ২০০৫, ২০০৯, ২০১১ আৰু ২০১৫ )। ইয়াৰ বাহিৰেও ভাৰতে এছিয়ান গেমছত ২টা স্বৰ্ণ পদক ( ১৯৫১ আৰু ১৯৬২ ) লাভ কৰে।
সুনীল ছেত্ৰী, বৈচুং ভুটিয়া, শ্বব্বিৰ আলী, জে জে লালপেখলুৱা আৰু ৰবীন সিঙৰ দৰে খেলুৱৈয়ে ভাৰতীয় জাৰ্চি পিন্ধি খেলপথাৰ কঁপাইছে।[স্পষ্টীকৰণৰ প্ৰয়োজন]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 Dey, Subrata. "India – Record international players". RSSSF. https://www.rsssf.org/miscellaneous/india-recintlp.html। আহৰণ কৰা হৈছে: 12 September 2019.
- ↑ "India jump four spots to enter top 150 of FIFA men's rankings". Scroll (TheField Scroll). 3 March 2017. https://thefield.scroll.in/816585/football-india-jump-four-spots-to-enter-top-150-of-fifa-mens-rankings.
- ↑ "India slip to 172 in latest FIFA rankings". The Indian Express. 3 March 2017. http://indianexpress.com/article/sports/football/india-slip-to-172-in-latest-fifa-rankings/.
- ↑ 4.0 4.1 "World Football Elo Ratings: India". World Football Elo Ratings. http://www.eloratings.net/India.htm। আহৰণ কৰা হৈছে: 15 September 2018.
- ↑ Prem Panicker Barefoot in Bengal and Other Stories. yfittopostblog.com (2010-06-14). Retrieved on 2012-01-21.