ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময়‎‎ ব্যৱহাৰ কৰিছিল।

চুবুৰীয়া দেশৰ সৈতে ভাৰতীয় মান সময়ৰ সম্পৰ্ক

ভাৰতৰ মান সময় গ্ৰীনউইছৰ পৰা ৮২.৫° পূৰ্ব দ্ৰাঘিমাংশ ধৰি হিচাপ কৰা হয়, এই ৰেখাডাল উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদৰ নইনিৰ ওপৰেদি পাৰ হৈ গৈছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক