ভাৰতৰ উচ্চতম ন্যায়ালয়

ভাৰতৰ উচ্চতম ন্যায়ালয় বা ভাৰতৰ চুপ্ৰীম কোৰ্ট (ইংৰাজী: Supreme Court of India) হ'ল ভাৰতৰ সৰ্বোচ্চ বিচাৰ বিভাগীয় অধিকৰণ আৰু ভাৰতৰ সংবিধানৰ অধীনত সৰ্বোচ্চ আপীল আদালত। ই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক আদালত। সংবিধানৰ চতুৰ্থ ভাগৰ পঞ্চম অধ্যায় অনুসৰি ইয়াক গঠন কৰা হৈছিল। ভাৰতৰ উচ্চতম ন্যায়ালয় সাংবিধানিক পৰ্যালোচনাৰ অধিকাৰ প্ৰাপ্ত।[1]

ভাৰতৰ উচ্চতম ন্যায়ালয়
Supreme Court of India

উচ্চতম ন্যায়ালয়ৰ ছীল
প্ৰতিষ্ঠা ১ অক্টোবৰ ১৯৩৮
(ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া)
২৬ জানুৱাৰী ১৯৫০
ক্ষেত্ৰাধিকাৰ ভাৰত
অৱস্থান ভগৱান দাস ৰোড, তিলক মাৰ্গ, নতুন দিল্লী, ভাৰত, ১১০০০১
স্থানাংক 28°37′20″N 77°14′23″E / 28.622237°N 77.239584°E / 28.622237; 77.239584স্থানাংক: 28°37′20″N 77°14′23″E / 28.622237°N 77.239584°E / 28.622237; 77.239584
গঠন Collegium System
প্ৰাধিকাৰক ভাৰতৰ সংবিধান
বিচাৰকৰ কৰ্মকাল ৬৫ বছৰ বয়সলৈ
পদৰ সংখ্যা ৩৪ (৩৩+১)
ৱেবছাইট supremecourtofindia.nic.in
Motto
यतो धर्मस्ततो जयः॥ (যত ধৰ্ম, তাতেই জয়)
ভাৰতৰ মুখ্য ন্যায়াধীশ
বৰ্তমান ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়
কেতিয়াৰ পৰা ৯ নৱেম্বৰ, ২০২২
Supreme Court of India

ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু আন ৩০জন ন্যায়াধীশক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয় গঠিত। দেশৰ সৰ্বোচ্চ আপীল আদালত হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰাথমিকভাৱে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালত আৰু ট্ৰাইবুনেলৰ ৰায়ৰ বিৰুদ্ধে আপীল গ্ৰহণ কৰে।

ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয় সদায়ে প্ৰস্তুত। ভাৰতৰ বিভিন্ন চৰকাৰসমূহৰ অভ্যন্তৰীণ বিবাদ নিষ্পত্তিৰ বাবে এই আদালতে কাম কৰে। উপদেষ্টা আদালত হিচাপে উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিভিন্ন কাম-কাজত সংবিধানৰ অধীনস্থ বিষয়সমূহৰ শুনানি গ্ৰহণ কৰে। কোনেও এই আদালতৰ দৃষ্টি আকৰ্ষণ বা আপীল নকৰিলেও, ই নিজে বিভিন্ন বিষয়ত হস্তক্ষেপ কৰিব পাৰে। প্ৰথমে কলকাতাত বিচাৰ বিভাগীয় প্ৰশাসন পৰিচালনাৰ বাবে এই আদালত গঠন কৰা হৈছিল।

উচ্চতম ন্যায়ালয়লৰ দ্বাৰা ঘোষিত ৰায় ভাৰতৰ সকলো আদালতে মানি চলিবলৈ বাধ্য।[2]

ইতিহাস সম্পাদনা কৰক

  1. "Supreme Court of India". http://www.mapsofindia.com/government-of-india/judiciary/Supreme-Court.html। আহৰণ কৰা হৈছে: 2015-10-03. 
  2. "History of Supreme Court of India" (PDF). Supreme Court of India. http://supremecourtofindia.nic.in/supct/scm/m2.pdf। আহৰণ কৰা হৈছে: 30 August 2014.