ভাৰতৰ ডি টি এইছ অপাৰেটৰ

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ভাৰতবৰ্ষত ঘৰলৈ পোনপটীয়া টেলিভিশ্যন (ইংৰাজী:Direct-To-Home/DTH) দূৰদৰ্শন সেৱা আগবঢ়োৱা অপাৰেটৰ সমূহৰ তালিকা এখন তলত দিয়া হৈছে। DTH মানে ইংৰাজীত Direct-To-Home television আৰু অসমীয়াত সাধাৰণভাৱে ঘৰলৈ পোনপটীয়া টেলিভিশ্যন বুলি ক'ব পাৰি। ডি টি এইছ সেৱাত গ্ৰাহকৰ ঘৰত এখন সংগ্ৰাহক ডিছ (ইংৰাজী:dish) স্থাপনৰ জৰিয়তে কৃত্ৰিম উপগ্ৰহৰ পৰা টেলিভিশ্যনৰ সংকেত গ্ৰহণ কৰা হয়।

ডি টি এইছৰ প্ৰচলনৰ ফলত স্থানীয় কেব'ল অপাৰেটৰ সমূহৰ প্ৰয়োজন নোহোৱা হৈ পৰে। ইয়াৰ জৰিয়তে টেলিভিশ্যনৰ কাৰ্যক্ৰম প্ৰচাৰক সমূহৰ দৰ্শক গ্ৰাহকৰ সৈতে পোনপটীয়া সম্পৰ্ক হয়। পূৰ্বতে কেব'ল অপাৰেটৰ সমূহেহে কৃত্ৰিম উপগ্ৰহৰ পৰা সংকেত গ্ৰহণ কৰি গ্ৰাহকৰ ঘৰলৈ সংযোগ দিব পাৰিছিল। বৰ্তমান এই ব্যৱস্থা প্ৰায় অকাৰ্যকৰী হৈ পৰিছে।

ভাৰতীয় ডি টি এইছ অপাৰেটৰ সমূহ সম্পাদনা কৰক

  1. ডিছ টিভি
  2. চান ডাইৰেক্ট
  3. এয়াৰটেল ডিজিটেল টিভি
  4. টাটা স্কাই
  5. বিগ টি ভি
  6. ভিডিঅ'কন ডি2এইছ
  7. ডি ডি ডাইৰেক্ট

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক